নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক কর্মচাৰীলৈ সুখবৰঃ বিনামূলীয়া স্বাস্থ্যসেৱা আঁচনি

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ অহা ফেব্রুৱাৰী মাহৰ পৰা ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনিখন বলৱৎ কৰাৰ বাবে চৰকাৰে নির্দেশ দিছে৷ সেইদৰে শিক্ষকসকলৰ বহুপ্রত্যাশিত আর্জিত ছুটীও ২৪ দিনলৈ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷ কালি জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাকক্ষত সদৌ অসম কর্মচাৰী পৰিষদৰ কর্ণধাৰ সমিতিৰ সৈতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এখন বৈঠকত মিলিত হৈ সেই সিদ্ধান্ত গ্রহণ কৰে বুলি সদৌ অসম কর্মচাৰী পৰিষদে জনাইছে৷

পৰিষদৰ সভাপতি প্রদীপ দত্ত আৰু সম্পাদকপ্রধান মৃণাল দাসে এক বিবৃতিত উল্লেখ কৰা অনুসৰি বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনিখন অহা ফেব্রুৱাৰী মাহৰ পৰা বলৱৎ কৰাৰ বাবে বৈঠকতে চৰকাৰে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে৷ সেইদৰে এন পি এছ কর্মচাৰীৰ বাবে অৱসৰকালীন গ্রেছুইটী প্রদান, ক্ষেত্র পর্যায়ৰ কর্মচাৰীসকলে পূর্বে লাভ কৰা ফিক্সড টি এ পুনৰ প্রৱর্তন, শিক্ষকসকলৰ আর্জিত ছুটী ২৪ দিনলৈ বৃদ্ধি, জিলা পর্যায়ৰ কার্যালয়ত মুখ্য সহায়ক পদ সৃষ্টি, সকলো বিভাগৰ সেৱা বিধি প্রৱর্তন, ঠিকা ভিত্তিত নিয়োজিত কর্মচাৰীসকলৰ ৬০ বছৰ বয়সলৈ চাকৰিৰ নিশ্চয়তা প্রদান, শিক্ষা বিভাগকে ধৰি সকলো বিভাগৰ খালী পদ শীঘ্রে পূৰণ কৰা, বিভিন্ন কাৰিকৰী বিভাগত কর্মৰত কনিষ্ঠ অভিযন্তাসকলৰ এক্স কেডাৰ পদ সৃষ্টি কৰি পদোন্নতিৰ ব্যৱস্থা, সর্বশিক্ষাৰ অধীনত নিয়োজিত টেট শিক্ষকসকলৰ চাকৰিৰ নিশ্চয়তা প্রদান, বিদ্যালয় প্রাদেশিকীকৰণৰ আসোঁৱাহ দূৰ কৰা, প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু পূৰণৰ ক্ষেত্রত থকা জটিলতা আঁতৰাই ফলপ্রসূ ব্যৱস্থা লোৱা, কর্মচাৰীসকলক জানুৱাৰীৰ ভিতৰত খাদী বস্ত্র বিতৰণ আৰু ৱর্কচার্জ কর্মচাৰীৰ নিয়মীয়াকৰণৰ বিষয়টো বিত্ত বিভাগৰ দ্বাৰা পৰীক্ষা কৰা আদিৰ ক্ষেত্রত চৰকাৰৰ যোগাত্মক সঁহাৰি লাভ কৰা বুলি বিবৃতিটোত উল্লেখ কৰে৷

লোচনাকালত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কর্মচাৰীসকলৰ প্রাপ্য মৰগীয়া বানচ প্রদানৰ ক্ষেত্রত সদিচ্ছা থকাৰ বিষয়ে প্রকাশ কৰে৷ সেইদৰে কর্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি ব্যৱস্থা লোৱা হ’ব৷ বৈঠকখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে গ্রহণ কৰা সকলো আঁচনি ৰূপায়ণত কর্মচাৰীসকলে নিষ্ঠাৰে সহযোগিতা আগবঢ়াই আহিছে৷ সকলো সময়তে যাতে কার্যালয়ত কর্মসংস্কৃতি অব্যাহত ৰাখে, সেই দিশত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷

কর্মচাৰীসকলৰ ন্যায্য দাবী ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু এইক্ষেত্রত ৰাজ্য চৰকাৰে কর্মচাৰীসকলৰ দাবীক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰি সমস্যাসমূহ সমাধানৰ বাবে প্রয়াস চলাই আহিছে৷ অৱসৰকালীন গ্রেছুইটীৰ বিষয়টো ক্ষিপ্রভাৱে নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্রীয়ে সেই বৈঠকতে বিত্ত বিভাগক নির্দেশ দিয়ে৷  এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰ, বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাও উপস্থিত থাকে৷

You might also like