নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুটীত ঘৰলৈ আহি প্ৰাণ হেৰুৱালে ঢকুৱাখনাৰ আৰক্ষী জোৱান কাকুল কোঁৱৰে

নিয়মীয়া বার্তা, ১৪ জুন : ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ কোঁৱৰ গাঁৱত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। স্কুটী আৰু বাইকৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ জোৱান কাকুল কোঁৱৰ (৩৭) নিহত হয়। জানিব পৰা মতে ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথেৰে বৃহস্পতি বাৰে নিশা প্ৰায় ১০.৩০ বজাত ঘৰলৈ স্কুটীৰে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা এ এছ ০২-এ এম-১৪৬৬ নম্বৰৰ বাইকে প্ৰচণ্ড খুন্দা মৰাৰ ফলত যুৱকজন বহু দূৰৈত চিটিকি পৰে। গুৰতৰভাৱে আহত কাকুল কোঁৱৰক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বাইকৰ আৰোহী তথা অসম আৰক্ষীতে কৰ্মৰত ঢকুৱাখনা চৈগুৰি গাঁৱৰ ক্ৰমে কুশল দুৱৰী আৰু বাবুল বৰগোহাঁই গুৰুতৰভাৱে আহত হোৱাত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ওদালগুৰি জিলাত কৰ্মৰত অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ জোৱান কাকুল কোঁৱৰ ছুটীত ঘৰলৈ আহি কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই ঢকুৱাখনাত শোকৰ ছাঁ পেলাইছে। ঢকুৱাখনা আৰক্ষীয়ে কাকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

প্রেৰক পুলকজ্যোতি বৰা

You might also like