নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা নগৰৰ মাজমজিয়াত মৰণফান্দসদৃশ গাঁত

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : ঢকুৱাখনা মহকুমাৰ একমাত্র নগৰ ঢকুৱাখনা নগৰৰ মাজমজিয়াত লোকনিৰ্মান বিভাগৰ মৰণফাণ্ড। নগৰখনৰ এটা অতি ব্যস্ততাপূৰ্ণ পথত সৃষ্টি হোৱা এটা প্ৰকাণ্ড গাঁতে নৰক যন্ত্ৰণা ভোগাইছে সাধাৰণ জনতাক৷নগৰখনৰ গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ পাঞ্জাৱ নেছনেল বেংকৰ সন্মুখত (জৈন মন্দিৰ সংযোগী পথ) এতিয়া এক মৰণফাণ্ড পতা পৰিলক্ষিত হৈছে।নগৰখনৰ মাজমজিয়াত উক্ত অংশৰ পথত সৃষ্টি হোৱা পুখুৰী সদৃশ দগাঁতে জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত নানা সমস্যা সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে৷অতি ব্যস্ততাপূৰ্ণ ঠাইখনৰ পথৰ মাজ ভাগত দ গাঁত হৈ পৰাৰ বাবে বৰষুণ আহিলেই পানীৰে উপচি পৰাৰ ফলত যাতায়ত বিপদাপন্ন হোৱাই নহয় পথচাৰীলৈ নামি আহিছে ভয়ংকৰ সংকট।তিনি-চাৰি ফুট ব্যাসাৰ্দ্ধৰ পুখুৰী সদৃশ দ-গাঁ‌তটোত বৰষুণৰ পানী জমা হোৱাত সমগ্ৰ পথটোৱেই মৰণফান্দলৈ পৰ্যবসিত হৈছে। শেহতীয়াকৈ হোৱা বৰষুণত পথৰ মাজৰ এই গাঁ‌তটোত পানী জমা হোৱাত গধুৰ যান-বাহনৰ চকা সোমাই গাঁ‌তবোৰ বেছি দ’ আৰু বহল হোৱা পৰিলক্ষিত হৈছে।ইতিমধ্যে পথটোৰ উক্ত গাঁতত দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো বাইক আৰোহীৰ লগতে পথচাৰীৰ আহত হৈছে ।দীৰ্ঘদিন ধৰি এটি ব্যস্ত পথৰ মাজত এইদৰে দ গাঁত সৃষ্টি হৈ বিধ্বস্ত ৰূপ লৈ পৰি থকাৰ পিছতো ঢকুৱাখনা লোকনিৰ্মান বিভাগ অথবা ঢকুৱাখনা পৌৰসভাই চকু নিদিয়াটো আশ্চৰ্যকৰ বিষয় হৈ পৰাই নহয় সংশ্লিষ্ট বিভাগসমূহে সৰ্বসাধাৰণ নাগৰিকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াত যে তিলমানো দায়বদ্ধ নহয় সেয়া প্ৰতিপন্ন হৈছে বুলি ৰাইজে মতপোষণ কৰিছে।উল্লেখনীয় যে নগৰখনৰ মাজমজিয়াত সৃষ্টি হোৱা দ’ গাঁতে পথচাৰীকে নহয় স্থানীয় ব্যৱসায়ীসকলকো ভীষণ সমস্যাৰ মাজলৈ ঠেলি দিছে।দিনক দিনে বিধ্বস্ত হৈ পৰা পথটোৰ বৃহৎ গাঁততো মেৰামতি কৰিবলৈ স্থানীয় জনতাই দাবী জনোৱাৰ পিছতো ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ বিভাগ, ঢকুৱাখনা পৌৰসভা, ঢকুৱাখনা মহকুমা প্ৰশাসনে চকুৰ সন্মুখতে পথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতটো কিয় বিপদজনকভাৱে ৰাখি থৈছে সেয়া নগৰবাসীৰ বাবে এতিয়া সাঁথৰ স্বৰূপ হৈ পৰিছে ।ঢকুৱাখনাবাসীৰ জীৱনকলৈ চৰম হেতালি খেলা লোকনিৰ্মান বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে শীঘ্ৰেই উক্ত স্থানত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে ।এই ক্ষেত্ৰত সচেতন ৰাইজে স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ জৰুৰী হস্তক্ষেপ কামনা কৰি পথছোৱাৰ উক্ত মৰণফান্দৰূপী গাঁতটো মেৰামতি কৰিবলৈ দাবী জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like