নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্লায়িং কিছ : সংসদত ৰাহুলৰ অভব্য আচৰণক লৈ বাদানুবাদ

বিশেষ বাৰ্তা, ৯ আগষ্টঃ লোকসভাত এটা ফ্লায়িং কিছ৷ কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ অভব্য আচৰণৰ অভিযোগেৰে উত্তাল নিম্ন সদনৰ মজিয়া৷ মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ বিতর্কত অংশ লোৱা ৰাহুল গান্ধীয়ে বিজেপিৰ মহিলা সাংসদলৈ ফ্লায়িং কিছ দিয়াৰ অভিযোগ আৰু শাসকীয় দলৰ বিবাদ৷ কার্যতঃ এটা ফ্লায়িং কিছত উফৰিল মণিপুৰৰ হিংসা৷ শাসকীয় বিজেপিয়ে ৰাহুল গান্ধীৰ ফ্লায়িং কিছৰ গইনাৰে মণিপুৰ হিংসাক গাপ দিয়াৰ চেষ্টা৷ মণিপুৰৰ হিংসাক লৈ কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে কঠোৰ বাক্যবাণ নিক্ষেপ কৰি সদনৰ পৰা ওলাই যোৱাৰ মুহূর্ততে কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিৰ মহিলা সাংসদলৈ চাই ফ্লায়িং কিছ দিয়ে৷ এই অভিযোগ উত্থাপন কৰি বিজেপিৰ সাংসদ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ স্মৃতি ইৰাণীৰ সমান্তৰালকৈ সদনত থকা বিজেপিৰ সাংসদসকলেও ৰাহুল গান্ধীৰ আচৰণক লৈ বাদানুবাদত লিপ্ত হয়৷ লোকসভাৰ মজিয়াৰ পৰা ৰাহুল গান্ধীয়ে ওলাই যাওতে বিজেপি সাংসদলৈ ফ্লায়িং কিছ দিয়া বুলি অভিযোগ উত্থাপন কৰাই নহয়, বিজেপিৰ মহিলা সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক লিখিতভাৱে অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷ কেন্দ্রীয় কৃষিমন্ত্রী শোভা কাৰানলাজে কংগ্রেছ সাংসদ ৰাহুল গান্ধীক আক্রমণৰ লক্ষ্য কৰি লোকসভাৰ অধ্যক্ষক লিখিতভাৱে ফ্লায়িং কিছ সন্দর্ভত অভিযোগ দাখিল কৰিছে৷ এই অভিযোগ পত্রত কেইবাটাগৰাকীও বিজেপিৰ মহিলা সাংসদে হস্তাক্ষৰ কৰিছে৷ ৰাহুল গান্ধীৰ ফ্লায়িং কিছক লৈ লোকসভাৰ অধ্যক্ষক অভিযোগ দাখিল কৰাৰ পূর্বেই অনাস্থা প্রস্তাৱ বিতর্কত অংশ লোৱা কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে ফ্লায়িং কিছক লৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰে৷ কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী স্মৃতি ইৰাণীয়ে কয়– কেৱল নাৰী বিদ্বেষী ব্যক্তিয়েহে সদনত মহিলা সাংসদক ফ্লায়িং কিছ দিব পাৰে৷ এনেধৰণৰ ঘটনা ইয়াৰ পূর্বে কেতিয়াও দেখা নাছিলো৷ ইয়ে মহিলাক তেওঁ কেনেদৰে ভাবে তাক প্রমাণিত কৰে৷ এয়া অশ্লীল৷ সদনৰ মজিয়াত ৰাহুল গান্ধীৰ ফ্লায়িং কিছক লৈ তীব্র বাদানুবাদ চলিলেও কংগ্রেছে ৰাহুল গান্ধীয়ে মহিলা সাংসদলৈ চাই তেনে আচৰণ কৰা নাই বুলি স্পষ্ট কৰি দিছে৷ কংগ্রেছে প্রকাশ কৰা মতে সাংসদ গান্ধীয়ে সদনৰ পৰা ওলাই যাওতে লোকসভাৰ অধ্যক্ষৰ পিনে চাই আঁতৰি গৈছিল৷ মন কৰিবলগীয়া যে ৰাহুল গান্ধীৰ বিৰুদ্ধে উঠা ফ্লায়িং কিছৰ ঘটনাটো কেমেৰাত লিপিবদ্ধ হোৱা নাই৷ অভিযোগকাৰী বিজেপিয়ে ৰাহুল গান্ধীৰ এই অভব্য আচৰণৰ ঘটনাটো নিশ্চিত কৰিবলৈ লোকসভাৰ অধ্যক্ষক চিচি টিভি ফুটেজ নিৰীক্ষণৰো দাবী জনাইছে৷ ঘটনাৰ প্রত্যক্ষদর্শী কেইবাজনো সাংসদে প্রকাশ কৰা মতে ৰাহুল গান্ধীয়ে সদনৰ পৰা ওলাই যাওতে তেওঁৰ হাতৰ পৰা ফাইল পৰি গৈছিল৷ তলমূৰ হৈ সেয়া বুটলি লওতে একাংশ বিজেপি সাংসদে হাঁহিছিল আৰু তেওঁ চাই আঁতৰি গৈছিল৷ এই ঘটনাটোকে ফ্লায়িং কিছ বুলি অভিযোগ কৰিছে শাসকীয় দলৰ মহিলা সাংসদে৷ আনহাতে ৰাহুল গান্ধীৰ ফ্লায়িং কিছ দেখা নাছিল বুলি মন্তব্য কৰিছে বিজেপিৰ মহিলা সাংসদ হেমা মালিনীয়ে৷ তেওঁৰ দলে ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ দিয়া বুলি অধ্যক্ষক দাখিল কৰা অভিযোগত তেওঁৰ হস্তাক্ষৰ থকা বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মথুৰাৰ সাংসদ হেমা মালিনীয়ে ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ দিয়াটো দেখা নাছিল বুলি কৰা মন্তব্যই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ হেমা মালিনীৰ এই প্রতিক্রিয়া টুইটাৰত ভাইৰেল হৈছে৷ হেমা মালিনীৰ সৈতে অভিযোগ পত্রখনত ২১গৰাকী মহিলা সাংসদৰ স্বাক্ষৰ আছে৷ আনপিনে ৰাহুল গান্ধীৰ ফ্লায়িং কিছক সমর্থন জনাই শিৱসেনা (ইউবিটি)ৰ সাংসদ প্রিয়ংকা চতুর্বেদীয়ে কয়–মই দর্শকৰ গেলাৰীত আছিলো৷ এয়া চেনেহৰ ভাব প্রকাশৰ বাহিৰে একো নহয়৷ ইয়াৰ বাবে মহিলাই বেলেগ অর্থ বিচাৰিব নালাগে৷ ই এক প্রকৃত ভাব প্রকাশ৷ নতুন ভাৰতৰ যুৱ প্রজন্মই ইয়াক লৈ কোনো সমস্যা নাই৷ যি লোকে ঘৃণাক ইছ্যু হিচাপে লয় তেওঁলোকৰ বাবেহে এয়া গুৰুত্বপূর্ণ৷

You might also like