নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ধৃত দেৱৰাজৰ পত্নীৰ লকাৰত ওলাল ৪৭ লাখ টকা–১ কেজি সোণ

হোৰাহোৰে ওলাই আছে এছআই নিযুক্তিৰ বেহাৰ ধন

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ এছ আই নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰে’লৱে কর্মচাৰী দেৱৰাজ দাসক শুকুৰবাৰে বৰপেটা সদৰ থানাত চি আই ডিৰ এটা দলে মাৰাথন জেৰা চলায়৷ শুকুৰবাৰে দুপৰীয়া গুৱাহাটীৰ পৰা চি আই ডিৰ এটা দল বৰপেটাত উপস্থিত হয় আৰু সদৰ থানাত দেৱৰাজ দাসক জেৰা চলায়৷ চি আই ডিৰ অভিযানত দেৱৰাজ দাসৰ বিশাল ধন–সম্পত্তিৰ ন ন তথ্য উন্মোচিত হয়৷ ইয়াৰ পাছতে চি আই ডিৰ নির্দেশমর্মে বৰপেটা আৰক্ষীয়ে দেৱৰাজ দাসৰ পত্নী তুলিকা বর্মনক গান্ধীনগৰৰ ঘৰৰ পৰা আটক কৰি বৰপেটা সদৰ থানালৈ লৈ আহে৷ দেৱৰাজৰ পত্নীৰ নামত বেংকত জমা থকা বুজন পৰিমাণৰ ধন সন্দর্ভত চি আই ডিৰ দলে সোধা–পোছা কৰে৷ ইয়াৰ পাছতে দেৱৰাজ দাসৰ পত্নী তুলিকা বর্মনক লগত লৈ বৰপেটাৰ কেইবাটাও বেংকত চি আই ডিয়ে অভিযান চলায়৷ চি আই ডিৰ দলে তুলিকা বর্মনক লগত লৈ বৰপেটাৰ লোহিত চন্দ্র নায়ক পথত থকা বেংক অৱ বৰোদাৰ বৰপেটা শাখাত উপস্থিত হয়৷ চি আই ডিৰ দলটোৱে বেংক অৱ বৰোদাত তুলিকা বর্মনৰ নামত থকা লকাৰৰ পৰা ৯২০ গ্রাম সোণ আৰু নগদ ৪৬ লাখ ৭৭ হাজাৰ টকা উদ্ধাৰ কৰে৷ আজিৰ তাৰিখত সোণখিনিৰ বজাৰ মূল্য ৪৫ লাখ ৬৩ হাজাৰ ২০০ টকা৷

উল্লেখ্য যে বৰপেটা চহৰৰ কেইবাটাও বেংকত দেৱৰাজ দাস আৰু পত্নীৰ নামত আছে একাউণ্ট৷ ইপিনে চি আই ডিৰ জেৰাত গুৱাহাটী মহানগৰীতো সম্পত্তি থকাৰ কথা স্বীকাৰ কৰিছে ধনকুবেৰ ৰে’লৱে কর্মচাৰী দেৱৰাজ দাসে৷ গুৱাহাটীৰ নাৰিকলবস্তিত আছে দেৱৰাজৰ কোটিটকীয়া মাটি৷ পূব শৰণীয়াত আছে এটা বিলাসী ফ্লেট৷ আনহাতে, বৰপেটা চহৰৰো বিভিন্ন স্থানত দেৱৰাজ দাসৰ আছে মাটি–সম্পত্তি আৰু অট্টালিকা৷ উল্লেখ্য যে ১০ অক্টোবৰৰ কাহিলিপুৱা দেৱৰাজ দাসৰ বৰপেটা চহৰৰ গান্ধীনগৰস্থিত ঘৰত চলিছিল আৰক্ষীৰ আকস্মিক অভিযান৷ আৰক্ষীৰ অভিযানকালত দেৱৰাজ দাসৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল নগদ ১ কোটি ৮৩ লাখ ৫৫ হাজাৰ টকা৷ ইয়াৰ পাছতে দেৱৰাজ দাসক আটক কৰি বৰপেটা থানালৈ নিয়া হৈছিল৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত চি আই ডিক হস্তান্তৰ কৰাৰ কথা আছিল দেৱৰাজ দাসক৷ কিন্তু চি আই ডিক হস্তান্তৰ কৰাৰ পূর্বে হঠাৎ দেৱৰাজ হৈ পৰে অসুস্থ৷ উচ্চ ৰক্তচাপ বৃদ্ধি পায় দেৱৰাজৰ আৰু ৰক্তচাপ বৃদ্ধি পোৱা বাবেই দেৱৰাজক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ ১০ অক্টোবৰৰ পৰা তিনি দিন ধৰি আই চি ইউত চিকিৎসাধীন হৈ আছিল ৰাজ্য কঁপোৱা এছ আই নিযুক্তি কেলেংকাৰিত দালালৰ ভূমিকা লৈ আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’বলগীয়া হোৱা ৰে’লৱে কর্মচাৰী দেৱৰাজ দাস৷ ১৩ অক্টোবৰত আই চি ইউৰ পৰা দেৱৰাজক জেনেৰেল ৱার্ডলৈ স্থানান্তৰ কৰা হয়৷  ১৫ অক্টোবৰত চিকিৎসালয়ৰ পৰা দেৱৰাজ দাসক মুকলি কৰি আৰক্ষীৰ জিম্মাত দিয়া হয়৷  শুকুৰবাৰে চি আই ডিৰ দলে বৰপেটা সদৰ থানাত দেৱৰাজ দাসক জেৰা চলায়৷ বৰপেটাত জেৰা কৰাৰ পাছত অধিক তদন্তৰ বাবে  চি আই ডিয়ে দেৱৰাজ দাসক নিজৰ জিম্মাত ল’ব৷ এই বাতৰি লিখাৰ পৰলৈকে চি আই ডিৰ দলে দেৱৰাজ দাসৰ পত্নী তুলিকা বর্মনক লৈ বেংক অৱ বৰোদাৰ বৰপেটা শাখাই অভিযান চলাই আছে৷ চি আই ডিৰ দলে এইচ ডি এফ চি বেংকৰ বৰপেটা শাখাতো দেৱৰাজ দাস আৰু পত্নী তুলিকা বর্মনৰ নামত থকা একাউণ্টত লক্ষাধিক টকা থকাৰ তথ্য উদ্ধাৰ কৰিছে আৰু কেঁচু খান্দোতে সাপ ওলাই পৰিছে৷ উল্লেখ্য যে এছ আই কেলেংকাৰিৰ উপৰি ৰে’লৱেৰ তেলচোৰ চক্রৰ সৈতেও দেৱৰাজ দাস জড়িত থকাৰ তথ্য চি আই ডি আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷ ৰে’লৱেৰ তেল চুৰিৰ ধনেৰেই তৃতীয়বর্গৰ কর্মচাৰী লকো ইন্সপেক্টৰ দেৱৰাজ দাস কোটিপতি হোৱাৰ তথ্যও ক্রমাৎ পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like