নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাহকক ঠগি নিলে ডেৰ কোটি, মৰিগাঁও ডাকঘৰৰ এজেণ্টৰ প্ৰৱঞ্চনা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ডাকঘৰৰ এজেণ্ট ৰূপে টকা সংগ্ৰহ কৰি পলায়ন কৰিলে এজন প্ৰৱঞ্চকে। প্ৰায় ডেৰ কোটি টকা সংগ্ৰহ কৰিছিল এজেণ্টগৰাকীয়ে। মৰিগাঁও জিলাৰ ডাকঘৰৰ এজেণ্ট ৰূপে পৰিচিত এইগৰাকী প্ৰৱঞ্চকৰ নাম কমলেশ্বৰ মেধি। ক্ষুদ্ৰ ব্যৱসায়, ৰিক্সাচালক, ঠেলাচালকৰ পৰা প্ৰতিদিনে ডাকঘৰত জমা থ’বলৈ টকা সংগ্ৰহ কৰা কমলেশ্বৰে শেষত দিয়ে ৰামঠগন।

এই ঘটনাই চকু কপালত তুলিছে ডাকঘৰত টকা জমা থোৱা সকলো ভুক্তভোগীৰ। আজি এই বিষয়ে মৰিগাঁও থানাত গোচৰ ৰুজু কৰে উপায়বিহীন জনতাই। উল্লেখ্য যে কমলেশ্বৰ মেধিয়ে নিজৰ মাটি-বাৰী বিক্ৰী কৰি ৰাইজৰ টকা ওভতাই দিব বুলি প্ৰতিশ্ৰুতি দি অৱশেষত নিজে পলায়ন কৰে। এতিয়া প্ৰৱঞ্চক কমলেশ্বৰ মেধিক বিচাৰি মৰিগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোকসকলে।

You might also like