পার্থসাৰথি মহন্ত
নিলাজ– লাজ নথকা বা নোহোৱা৷ নিলাজ মানুহ– লাজ নথকা মানুহ৷লাজ নকৰেও, নাথাকেও৷ মানে একেবাৰেই নাই৷ নিলাজ৷
লাজ৷ এটা অনুভূতি৷ এটা নৈতিক অনুভূতি৷ সামাজিক অনুভূতি৷ বিশেষ পৰিৱেশ বা পৰিস্থিতিসাপেক্ষ এটা অনুভৱ৷ চৌপাশৰ পৰা নিজকে আঁতৰাই কুঁচি–মুচি আমি নিজৰ মাজতে লুকাব খোজোঁ, আমি এক স্ব–মূল্যায়ন কৰোঁ আৰু নকৰিবলগীয়া বা উচিতভাৱে কৰিব নোৱাৰা বুলি নাস্তিবাচক অনুভৱ কৰোঁ৷ সেই অর্থত লাজ নেতিবাচক৷ কিন্তু লাজ আছে বাবেই আমাৰ সামাজিক আচৰণ অৱক্ষয়ৰ পৰা ৰক্ষা পৰে৷ সেই কাৰণে কৌটিকালৰে পৰা মানৱ সমাজে, সামূহিক গোটে মূল্যবোধ প্রতিষ্ঠা কৰিবলৈ আৰু সামাজিক আচৰণ–ব্যৱহাৰ–স ঔচিত্য বলৱৎ কৰিবলৈ ‘লাজ’ক ব্যৱহাৰ কৰি আহিছে৷ ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্রতে আমি যেতিয়া প্রচলিত বিধি উলংঘা কৰোঁ, আমি নিজেই লাজ পাওঁ৷ লাজ পাই কাৰো ভাল নালাগে৷ আমি অস্বস্তি পাওঁ৷
আৱেগ–অনুভূতিবোৰ মন–মগজুৰ কোঁহে কোঁহে সোমাই আছে৷ এই আৱেগে, এই অনুভূতিয়েই আমাক মানুহৰ লগত যুক্ত কৰি ৰাখে৷ এই আৱেগ ধনাত্মকো হ’ব পাৰে, ঋণাত্মকো হ’ব পাৰে৷ আনন্দ ইতিবাচক, খং নেতিবাচক৷
লাজ নেতিবাচক আৱেগ৷ কিন্তু ইতিবাচকতাৰে চাওঁ৷ কাৰণ লাজৰ কামটো ইণ্টাৰেষ্টিং৷ লাজে আমাক নিয়ন্ত্রণত ৰাখে৷ ‘লাজ পাম নেকি?’ এটা ইংগিত৷ কামটো ভাল নহ’ব৷ উচিত নহ’ব৷ এই ইংগিতটো বুজি পালেই আমি ভুল নকৰোঁ৷ কাৰো বেয়া নহয়৷ যদি ভুল কৰাৰ পিছতহে আমি লাজ পাওঁ, তেতিয়াও আমি সংশোধন কৰিব পাৰোঁ৷ আমি দায়িত্ব স্বীকাৰ কৰিব পাৰোঁ৷ যদি খোজোঁ৷
নিলাজৰ এইবিলাক সমস্যা নাই৷ কোনো ঔচিত্যই নিলাজৰ বিবেকত খোঁচ নামাৰে৷ তেওঁলোকে জানে– তেওঁলোক নিলাজ, কিন্তু লাজ নাপায়৷ কোনো কথাতে তেওঁলোকৰ বিবেকৰ দংশন নহয়, সংশয় নহয়, সংকোচ নহয়৷ তেওঁলোক এনে প্রমূল্যবোধৰ ঊর্ধ্বত৷ তেওঁলোকে যি মন যায়, তাকে কৰিব পাৰে৷ তেওঁলোকে যি কৰে, সেয়াই শুদ্ধ৷ প্রশ্নাতীত৷ সেয়া লাজ কৰিবলগীয়া কথা নহয়, গর্বৰহে বিষয়৷ গৌৰৱ কৰিবলগীয়া কথা বুলি মাত্র ক’ব পাৰিব লাগে৷ এই যে অদ্ভুত কথাটো ক’বলৈ সংকোচ নহ’ল, লাজ ভাঙি গ’ল৷ ইয়াৰ পিছত কোনোবাই নিলাজ বুলি ক’লেও লাজ নালাগে, ওলোটাই ককর্থনাহে শুনিব৷ নিলাজ হোৱাৰ লগে লগে বিবেকে গোট মাৰে৷ বিবেকৰ প্রয়োজন আৰু নোহোৱা হয়৷ আনৰ মাতৰ লগতে নিজৰ মাতো নুশুনা হৈ পৰে৷ তেওঁলোকে ভাবি লয়– তেওঁলোক অজেয়৷ আচলতে মদ্গর্বী অজেয়৷
এটা থি’ৰী মতে, কোনো মানুহ ইমান নিলাজ হৈ জন্ম নহয়৷ নিলাজ হ’বলৈ শিকি লয়৷ এবাৰ নিলাজ হৈ কিবা এটা পোৱাৰ লগে লগে তেওঁলোকে ভণ্ডামিত মজা পোৱা হয়৷ তাৰ পিছত আৰু উভতি চাবলৈ সময় নাই৷ তেওঁলোক হৈ পৰে নায়ক, নেতা, আৰু আনকি ভগৱান৷ মাত্র কথা ক’ব পাৰিব লাগে৷ ‘মই নায়ক, কাৰণ মই জিকিলোঁ’৷ ‘মই নায়ক, কাৰণ মই শ্বহীদ’৷ ‘মই নজনা একো নাই৷ যদি কিবা নাজানো, তাৰ মানে সেয়া অপ্রাসংগিক’৷ ‘নৈতিকতা সাধাৰণ মানুহৰ ক্ষেত্রতহে প্রযোজ্য৷ মই যি কৰোঁ, সেয়াই শুদ্ধ’৷ ইতস্ততঃ নকৰাকৈ এওঁলোকে যেতিয়া যি ক’লে নিজৰ ভাল হয়, কৈ দিব পাৰে৷ তেনেকৈ কৈ তেওঁলোকে গৌৰৱবোধ কৰে৷ কাৰণ, এওঁলোকৰ ফ’কাচ্ ঠিক থাকে, নিজে শ্রেষ্ঠ হ’ব লাগে৷
নিলাজ হৈ এওঁলোক যদি ‘শ্রেষ্ঠ’ হ’ব পাৰে, আমিও নিলাজ হৈ যাওঁ নেকি নিলাজ হোৱা ভাল নে বেয়া বেলেগ কথা, নিলাজ হ’ম কেনেকৈ ঘৰ–স্কুল সকলোতে যি নীতিকথা শিকাই আমাক তুলি–টালি ডাঙৰ কৰা হয়, আমাকতো নিলাজ হ’বলৈ শিকোৱা নাই৷ বৰঞ্চ কি কি কথাত লাজ কৰিব লাগে, লাজ ৰাখিব লাগে, সেয়াহে শিকাইছে৷ কিন্তু এতিয়া দেখোন বিভিন্ন ক্ষেত্রত নিলাজ হোৱাৰ যুক্তি দেখা পাওঁ৷ যুক্তি দিয়ে৷ মার্কেটিং মেনেজমেণ্টত কয়– লাজ কৰি থাকিলে নহ’ব৷ নিজৰ প্রডাক্টটো প্রম’ট্ কৰিবই লাগিব৷ কেৱল কর্মচাৰীয়েই নহয়, উদ্যোগীয়েও লাজ কৰি থাকিলে নহ’ব৷ নিজৰ আইডিয়া প্রম’ট্ কৰিব লাগিব৷ চাকৰিৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে লাজ কৰি থাকিলে নহ’ব৷ অলপ মিছা মাতিব লগাতো হয়েই৷ বেলেগ চাকৰি নাপাইহে এইটো চাকৰি কৰিবলৈ আহিছোঁ বুলি ক’লেতো আৰু চাকৰি নাপাব৷ অর্থাৎ বিভিন্ন সময়ত স্ব–প্রচাৰৰ প্রয়োজন হয়৷ আৰু স্ব–প্রচাৰ কৰিবলৈ নিলাজ হ’বলগীয়া হয়৷ নিলাজ আৰু স্ব–প্রচাৰ মোটামুটি একে৷ নিলাজ হ’লেহে স্ব–প্রচাৰ কৰিব পাৰি আৰু স্ব–প্রচাৰ কৰা মানে নিলাজৰ দৰে আচৰণ কৰা৷ অৱশ্যে পৰিৱেশ–পৰিস্থিতিসা কিছু স্ব–প্রচাৰ এতিয়া গ্রহণযোগ্য৷ যেনে– ওপৰত দিয়া উদাহৰণকেইটা৷
সামাজিক মাধ্যমে স্ব–প্রচাৰৰ ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা কৰিলে৷ এখন ফটো তুলিলোঁ৷ নিজকে ধুনীয়া দেখিলোঁ৷ ফেচবুকত দি দিলোঁ৷ মই কিমান ধুনীয়া আনকো দেখুৱাম৷ এখন নতুন ঠাইলৈ গৈছোঁ৷ ফটো তুলি দি দিম৷ আনেও চাওক মই কিমান ফুৰোঁ৷ মই কিমান সুখী সকলোৱে জানক৷ এই স্বভাৱটো কিছু কিছু ক্ষেত্রত প্রশংসিত হয়, কিছু কিছু ক্ষেত্রত হাঁহিৰ খোৰাক হয়৷ কাৰণ, আচৰণখিনি নির্লজ্জ হয়৷
আকাংক্ষা দুই ধৰণৰ৷ এটা হ’ল সামাজিক আকাংক্ষা৷ উচ্চ শিক্ষা ল’ব লাগে, লোভনীয় চাকৰি পাব লাগে, সন্তানক সফল কৰি তুলিব লাগে ইত্যাদি হৈছে সামাজিক অভিলাষ৷ পিতৃ–মাতৃ–পৰিয়াল–শ্ ব্যৱস্থা–আর্থ–সামাজি ব্যৱস্থা– সকলোৱে এই লক্ষ্য পূৰণত আমাক সহায় কৰে৷ কিন্তু গোপন সপোন নিজৰ মনত, নিজৰ অন্তৰত আমি কি সপোন দেখোঁ, সেয়া কোনেও নাজানে৷ সামাজিক আকাংক্ষা পূৰ কৰি কোনোবা হয়তো ডাক্তৰ হৈছে৷ কিন্তু তেওঁৰ গায়ক হোৱাৰ গোপন সপোনটো তেওঁ নিজেই দিঠক কৰিব লাগিব৷ তেওঁ লাজ কৰি থাকিলে নহ’ব৷ লাজ ভাঙি তেওঁ ওলাই আহিব লাগিব৷
এই লাজ ভঙা ইতিবাচক৷ কিন্তু সেই লাজ কিমান দূৰ ভাঙিবা, তাৰ বিচাৰ তুমি নিজেই কৰিব লাগিব, যাতে তুমি মানুহে হঁহা নিলাজ হৈ নপৰা৷
কিয়নো, নিলাজ মানুহ অকল নিজৰ কাৰণেহে ভাল৷ আন সকলোৰে বাবে এক যন্ত্রণা৷ চকুৰ টিপ এটা নমৰাকৈ এওঁলোকে এফালৰ পৰা সকলো ঢাঁহি–মুহি নিব পাৰে, সকলোকে লাজ দিব পাৰে, লাজত পেলাব পাৰে৷ কেৱল দৃষ্টি আকর্ষণ কৰিবলৈকে এওঁলোকে উন্মাদ–উচ্ছৃংখল কাম কৰি পেলাব পাৰে৷ এওঁলোকৰ এই নাটকত ভোল নোযোৱাই ভাল৷ তেওঁলোকৰ ‘মই কাকো ভয় নকৰোঁ’ ষ্টাইলটো আচলতে নির্লজ্জতা ঢাকি ৰখাৰ এক কৌশল৷ অনাহকত অদৰকাৰী কামত নোসোমাওঁ বুলিও সাধাৰণতে আমি এই নিলাজ জাতটোৰ কামবোৰ আওকাণ কৰি থাকোঁ, দেখিও নেদেখাৰ ভাও জুৰি থাকোঁ৷ আৰু তেওঁলোকে চাঞ্চ লৈ গৈ থাকে৷ সেই ফান্দত ভৰি নিদিয়াকৈ তেওঁলোকক এটা সীমা বান্ধি দিয়া দৰকাৰ৷ তেওঁলোকৰ নাটক আৰু নাটকীয় বচনৰ পৰা সঁচাখিনি চালি উলিওৱা দৰকাৰ৷ কাৰণ তেওঁলোক চিৰকাল মিছলীয়া৷
নির্লজ্জতা আৰু শিষ্টতা যিহেতু একেলগে থাকিব নোৱাৰে, আমিও নিলাজৰ পৰা বাচি চলিব লাগিব৷ সমস্যা হ’ল– শুধৰাবৰ কাৰণে নিলাজক লাজত পেলোৱাটো সহজ নহয়৷ তাৰ কাৰণে প্রয়োজন হ’লে আমি নিজেও অলপ নিলাজ হ’ব লাগিব৷ হুলেৰেহে হুল কাঢ়িব পাৰি৷
ফোন : ৯৪৩৫০–৪৮৪৮০