ড০ পার্থসাৰথি মহন্ত
বহু বছৰৰ পিছত যেতিয়া কোনো পুৰণি বন্ধু লগ পাওঁ কেনেকুৱা লাগে বাৰু মনটো ভাল লগাৰ বাহিৰেও আমি আচৰিতো হওঁ৷ ‘ই দেখোন একেবাৰেই সলনি হোৱা নাই৷’ ‘বাপৰে ই ইমান সলনি হৈ গ’ল৷’ তাৰ লগতে আছে– ভাল হ’ল নে বেয়া হ’ল– ইতিবাচক নে নেতিবাচক৷ জাজমেণ্ট৷ এই জাজমেণ্ট এই বিচাৰ, এই ৰায়েই হ’ল বন্ধু নামৰ আইনাখনত আপোনাৰ–মোৰ প্রতিবিম্ব৷ এই আইনাখন সচৰাচৰ আইনাৰ দৰে নহয়৷ সাধাৰণ আইনাত সেই মুহূর্তটোৰ আপুনি প্রতিবিম্বিত হয়৷ কিন্তু বন্ধু নামৰ আইনাখনত বহু বছৰজোৰা, কেইবা দশকজোৰা আপুনি প্রতিবিম্বিত হয়৷ এখন মুখ নহয়, এখন জীৱনী প্রতিফলিত হয় এই আইনাখনত৷ এটা মুহূর্তৰ ৰূপ নহয়, এটা জীৱন যাত্রা উন্মোচিত হয় এই আইনাখনত৷
ইতিহাস সৃষ্টিৰ পথত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়াম
বন্ধু নামৰ আইনাখন অনন্য৷ আপোনাৰ জীৱন যাত্রা, সংগ্রাম, জয়–পৰাজয়, ৰূপান্তৰৰ সাক্ষী এই আইনা৷ আপোনাৰ বিষয়ে তেওঁলোকৰ মন্তব্য– প্রশংসা হওক বা সমালোচনা হওক, আপোনাৰ ব্যক্তিগত বিৱর্তনৰ এক অপৰিশোধিত মূল্যায়ন৷ কিমান সঠিক এই মূল্যায়ন? যদি তেওঁলোকে আপোনাক বিপথে পৰিচালিত কৰে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে? মনোবিজ্ঞানে এই বিষয়ে কি কয়? এৰিক এৰিক্সনৰ মানসিক–সামাজিক বিকাশৰ পর্যায়ৰ পৰা আৰম্ভ কৰি জোহাৰী উইণ্ড’ মডেল আৰু আত্ম–ধাৰণা তত্ত্বলৈকে বিভিন্ন অধ্যয়নে বন্ধুত্বৰ আঁৰৰ গতিশীলতাক উন্মোচন কৰিবলৈ প্রয়াস কৰিছে৷ কি এই বন্ধুত্বৰ মানসিক দাপোণ?
মনোসামাজিক বিকাশৰ বিষয়ে আলোচনা কৰি এৰিক এৰিক্সনে কৈছে– জানিত বা অজানিতভাৱে বন্ধুৱে আপোনাৰ বিকাশ অনুসৰণ কৰে৷ জীৱন হৈছে এক শৃংখলাবদ্ধ মানসিক–সামাজিক পর্যায়ৰ ক্রম৷ প্রতিটো পর্যায়ে আমাৰ সন্মুখত উপস্থাপন কৰে একো একোটা সংকট৷ এটা পর্যায়ৰ সংকট নেওচি আমি আগবাঢ়ি যাওঁ পৰৱর্তী পর্যায়লৈ৷ আপুনি কেনেকৈ এই সংকটবোৰৰ সন্মুখীন হৈছে তাৰ সাক্ষী বন্ধু৷ কৈশোৰৰ পৰিচয় বনাম ভূমিকা বিভ্রান্তি৷ আপোনাৰ কৈশোৰৰ বন্ধুসকলে আপোনাক নিজকে সংজ্ঞায়িত কৰিবলৈ সংগ্রাম কৰা দেখিছিল৷ আপুনি আপোনাৰ কৈশোৰ–যৌৱনৰ আদর্শৰ প্রতি সততাৰে থাকিল নে জীৱনে আপোনাক অভাৱনীয়ভাৱে সলনি কৰিলে? তেনেদৰে যুৱাৱস্থাৰ এটা প্রধান বিষয় হ’ল – অন্তৰংগতা বনাম বিচ্ছিন্নতা৷ কলেজীয়া বন্ধুসকলে জানে আপোনাৰ সম্পর্ক, কেৰিয়াৰৰ পছন্দ, ব্যক্তিগত প্রতিশ্রুতি৷ মধ্য বয়সৰ স্থবিৰতা তেনেদৰে এটা গুৰুত্বপূর্ণ বিষয়৷ ব্যক্তি হিচাপে আপোনাৰ বিকাশ ৰৈ গ’ল নেকি? এপলৰ সহঃপ্রতিষ্ঠাপক ষ্টিভ ৱ’জনিয়াক আৰু ষ্টিভ জবছৰ বন্ধুত্ব বিশ্ববিখ্যাত৷ জবছৰ ব্যাপক সফলতাৰ পিছতো ৱ’জনিয়াকে তেওঁক সদায় ১৯৭০ চনত লগ পোৱা অভিলাষী কিন্তু কেতিয়াৰ নির্দয় যুৱক বুলিহে স্মৰণ কৰিছিল৷ ব্যক্তিগত আত্ম–প্রতিফলনেও পুৰণি বন্ধুৰ এই দৃষ্টিভংগী আগবঢ়াব নোৱাৰে৷
বৰাকত সাহিত্য সভা আয়োজনৰ আহ্বানক আদৰণি বিডিএফৰ
জোহাৰী উইণ্ড’ মডেল হৈছে এনে এটা তত্ত্ব যি ব্যক্তিক তেওঁলোকে কি জানে আৰু আনে তেওঁলোকৰ বিষয়ে কি জানে সেই মতে নিজকে আৰু আনৰ সৈতে তেওঁলোকৰ সম্পর্ক বুজিবলৈ সহায় কৰে৷ এই উইণ্ড’ অর্থাৎ খিৰিকীখন চাৰিটা অংশত ভাগ কৰা হৈছে– মুক্ত, অন্ধ, লুকাই থকা আৰু অজ্ঞাত৷ মুক্ত বা মুকলি অংশত ব্যক্তিয়ে নিজে আৰু আনে উভয়ে জনা তথ্য থাকে৷ ব্যক্তিজনৰ চখ, দক্ষতা বা ব্যক্তিত্বৰ বৈশিষ্ট্য ইত্যাদি এই অংশতে থাকে৷ অন্ধ অংশত এনে তথ্য থাকে যিবোৰ আনে জানে কিন্তু ব্যক্তিজনে নিজে নাজানে, তেওঁৰ বাবে অজ্ঞাত৷ আমাৰ প্রায়ে সকলোৰে এনে আচৰণ বা অভ্যাস থাকে যি আমি নিজে উপলব্ধি নকৰোঁ, কিন্তু আনে লক্ষ্য কৰে৷ লুকাই থকা অংশত এনে তথ্য থাকে যি ব্যক্তিজনে কেৱল ব্যক্তিজনে নিজে জানে, আন কোনেও নাজানে৷ ব্যক্তিগত গোপন কথা, ভয় বা এনেকুৱা মতামত যি প্রকাশ কৰিব বা হোৱাটো নিবিচাৰে এই অংশতে লুকাই থাকে৷ অজ্ঞাত অংশত থকা অংশবোৰ ব্যক্তি আৰু আন উভয়ৰে বাবে অজ্ঞাত৷ সুপ্ত প্রতিভা, সম্ভাব্য দক্ষতা বা এতিয়াও আৱিষ্কাৰ নোহোৱা দোষ–গুণ ইত্যাদি এই অংশতে সকলোৰে অলক্ষিতে থাকে৷ পুৰণি বন্ধুৱে আপোনাৰ মুক্ত আৰু অন্ধ অংশ খুব ভালকৈ জানে৷ বহু আগৰ পৰা৷ সেয়েহে আপোনাৰ অন্ধ অংশৰ দিশবোৰ প্রকাশ কৰিব পাৰে৷ ইলন মাস্ক আৰু গুগলৰ সহঃপ্রতিষ্ঠাপক লেৰী পেজৰ বন্ধুত্বই লোৱা হওক৷ বন্ধুত্বৰ আৰম্ভণিৰ পৰাই লেৰী পেজে মাস্কক সদায় আৱেগিকভাৱে অভিলাষী বুলি বর্ণনা কৰি আহিছে৷ অবিৰতভাৱে বিৱর্তন হৈ থকা সত্ত্বেও মাস্কে তেওঁ দেখা পোৱা বৈশিষ্ট্যবোৰ বজাই ৰাখিছে, যিবোৰৰ বিষয়ে তেওঁ নিজেই সচেতন নহয়৷
আত্ম–ধাৰণা তত্ত্ব৷ আমাৰ পুৰণি বন্ধুসকলে কোৱা কথাবোৰ আমি বিশ্বাস কৰোঁনে? ডেৰিল বেমৰ আত্ম–নুভৱ তত্ত্বই কৈছে যে মানুহে নিজৰ আচৰণ পর্যবেক্ষণ কৰি নিজৰ মনোভাব আৰু বৈশিষ্ট্য এনেদৰে অনুমান কৰে যেনেদৰে আন এজন মানুহে কৰিব৷ পুৰণি বন্ধুৰ মতামতে এই প্রক্রিয়াক প্রভাৱিত কৰে৷ পুৰণি বন্ধুৱে আপোনাক যেতিয়া আপুনি কেনে আছিল সোঁৱৰাই দিয়ে, তেতিয়া ই আপোনা–আপুনি প্রকৃততে কিমান সলনি হৈছে পুনৰ মূল্যায়ন কৰিবলৈ বাধ্য কৰে৷ যদি কোনো পুৰণি বন্ধুৱে কয়, ‘আপুনি আগতে নির্ভীক আছিল, এতিয়া আপুনি খুব সাৱধান’– তেন্তে আপুনি নিজকে প্রশ্ণ কৰিবলৈ আৰম্ভ কৰে যে আপোনাৰ বিকাশে আপোনাক অধিক জ্ঞানী কৰি তুলিছে নে ভয়াতুৰ৷ এটা বাহ্যিক প্রতিফলনে সূচনা কৰে গভীৰ আত্ম–নিৰীক্ষণৰ৷
আৰু যদি পুৰণি বন্ধুৱে যি কয় তাৰ আমাৰ আত্ম–ভাবমূর্তিৰ সৈতে মিল নাথাকে, আমি তেওঁলোকৰ ধাৰণাক নস্যাৎ কৰোঁ৷ যদি তেওঁলোকে কয়, ‘আপুনি অহংকাৰী হ’ল’, আমি কোনোপধ্যেই মানি নলওঁ৷ কিন্তু যদি কয়, ‘আপুনি এতিয়াও আগৰ দৰে আছে’ অথচ আপুনি ভাবে যে আপোনাৰ বিকাশ হৈছে, বিৱর্তন হৈছে, আপুনি হতাশ হৈ পৰিব৷ এনে অসন্তুষ্টিয়ে আত্ম–ব্যর্থতা বা আত্ম–সচেতনতাৰ সৃষ্টি কৰে৷
পিছে আইনাখন যদি বিকৃত হয় পুৰণি বন্ধুসকলে আমাক বিপথে পৰিচালিত কৰিব পাৰেনে? আইনাখন যেনেকৈ বিকৃত কৰিব পাৰি, আমাৰ প্রতি বন্ধুৰ ধাৰণাও বিকৃত হ’ব পাৰে৷ তেওঁলোকৰ নষ্টালজিক পক্ষপাতিত্ব থাকিব পাৰে৷ তেওঁলোকে আপোনাৰ বিৱর্তনক গ্রহণ কৰিব নোখোজে৷ তেওঁলোকৰ যেনেদৰে মনত আছে, আপুনি তেনেদৰে থকাটোৱেই তেওঁলোকে বিচাৰে৷ কিছুমানৰ ব্যক্তিগত এজেণ্ডাও থাকিব পাৰে৷ তেওঁলোকে আপোনাক নিজৰ জীৱনত এটা নির্দিষ্ট ভূমিকাত ৰাখিবলৈ আপোনাৰ বিকাশক তুচ্ছজ্ঞান কৰিব পাৰে৷ তদুপৰি তেওঁলোকৰ নিজৰ জীৱন যদি স্থবিৰ হৈ পৰিল, আপোনাৰ বিৱর্তনক লৈ তেওঁলোক ঈর্ষান্বিত হৈ পৰিব পাৰে৷
এতিয়া কথা হ’ল, এই আইনাখনক বিশ্বাস কৰা উচিতনে? এজন পুৰণি বন্ধুৰ কথা আমাৰ আত্ম–বিকাশৰ এক মাপকাঠী হ’ব পাৰে, কিন্তু এই প্রতিফলনক কিমান গুৰুত্ব দিব লাগে, সেয়া আমাৰ নিজা সিদ্ধান্ত৷ সকলো দাপোণৰ দৰেই পুৰণি বন্ধুৰ প্রতিফলনৰ মূল্যও নির্ভৰ কৰে বন্ধু নামৰ দাপোণখন কিমান পৰিষ্কাৰ, নিৰপেক্ষ আৰু সত্য তাৰ ওপৰত৷ মূল কথাটো হ’ল– জানি লোৱা, চিন্তা কৰা আৰু তাৰ পিছত কি ল’ব লাগে, কি এৰিব লাগে, সেই সিদ্ধান্ত লোৱা৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০