ৰাজ্যত ৫ বছৰতে ১.০২ লাখ হেক্টৰ কৃষিভূমি হ্রাস
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দশকৰ পাছত দশক ধৰি সংহাৰ সৃষ্টি কৰি অহা গৰাখহনীয়াৰ সমান্তৰালভাৱে নির্মাণ–বিভিন্ন ধৰণৰ উন্নয়নমূলক কার্যই অশনি সংকেত কঢ়িয়াই আনিছে কৃষিপ্রধান ৰাজ্য অসমলৈ৷ অতি উদ্বেগজনকভাৱে মাত্র ৫টা বছৰৰ ভিতৰতে ৰাজ্যখনত ৩.৬৪ শতাংশ হাৰে ১,০২,০০৫ হেক্টৰ কৃষিভূমি হ্রাস পাইছে৷ ইয়াৰ মূলতে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ সংহাৰী গৰাখহনীয়াৰ লগতে কৃষিভূমিত নির্মাণ–উন্নয়নমূল কার্যকলাপ৷ খোদ ৰাজ্য চৰকাৰৰ অর্থনীতি আৰু পৰিসংখ্যা বিভাগৰ তথ্যতে কৃষি নির্ভৰশীল অসমত বছৰি খেতিমাটি কমি অহাৰ বাস্তৱ চিত্রখন উন্মোচিত হৈছে৷
তথ্য অনুসৰি ২০১৫–১৬ বর্ষত অসমত মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ২৮,০১,৪৭২ হেক্টৰ৷ কিন্তু ২০১৯–২০ বর্ষত কৃষিভূমি ২৬,৯৯,৪৬৭ হেক্টৰলৈ হ্রাস পাইছে৷ প্রথমতে ২০১৬–১৭ বর্ষত ০.৯৮ শতাংশ হাৰে ৰাজ্যখনত ২৭,৭৩,৮৫৫ হেক্টৰলৈ কৃষিভূমি হ্রাস পাইছিল৷ ইয়াৰ পৰৱর্তী ২০১৭–১৮ বর্ষত এই পৰিমাণ ২৭,২২,৫৩০ হেক্টৰ হয়গৈ৷ এটা বছৰৰ ভিতৰতে শতাংশৰ হিচাপত কৃষিভূমি হ্রাসৰ পৰিমাণ আছিল ১.৮৫ শতাংশ৷ অৱশ্যে ২০১৮–১৯ বর্ষত .০৩৪ শতাংশ হাৰেৰে ৰাজ্যখনত কৃষিভূমিৰ পৰিমাণ ২৭,২৩,৪৬৬ হেক্টৰলৈ বৃদ্ধি হয় যদিও ২০১৯–২০ বর্ষত পুনৰ ০.৮৮১ শতাংশ হ্রাস পাই ৰাজ্যখনত কৃষিভূমিৰ পৰিমাণ হৈছে ২৬,৯৯,৪৬৭ হেক্টৰ৷
লক্ষণীয়ভাৱে খোদ কৃষি বিভাগেও গৰাখহনীয়াৰ লগতে নির্মাণ–বিভিন্ন ধৰণৰ উন্নয়নমূলক কার্যৰ পৰিণতিত খেতিমাটি হ্রাস হোৱাৰ কথা স্বীকাৰ কৰি লৈছে৷ এই গতি অব্যাহত থাকিলে হয়তো অনাগত সময়ছোৱাত অসমত আৰু অধিক পৰিমাণৰ কৃষিভূমি নোহোৱা হৈ যাব৷ যিটোৱে ৰাজ্যৰ অর্থনীতিৰ আকাশলৈ কলীয়া ডাৱৰ নমাই অনাৰ সম্ভাৱনা প্রকট৷
ইফালে যি সময়ত চৰকাৰ তথা কৃষি বিভাগে একেডৰা মাটিতে দুটা বা একাধিক খেতি কৰাৰ শ্লোগান দি আহিছে, সেই সময়তে অসমত ইয়াৰ দৈন্যৰ ছবিখনো স্পষ্ট হৈ পৰিছে৷ খোদ অর্থনীতি আৰু পৰিসংখ্য বিভাগৰ তথ্য অনুসৰি অসমৰ মুঠ কৃষিভূমিৰ ১২,৭৫,৩৪৫ হেক্টৰতহে একাধিক খেতি কৰা হয়৷ বছৰত একাধিক খেতি কৰা জিলাভিত্তিক মাটিৰ পৰিমাণ এনেধৰণৰ– বাক্সাত ৫৭,৮১০ হেক্টৰ বৰপেটাত ৫৯,০৩২ হেক্টৰ বঙাইগাঁৱত ২৭,৯০৯ হেক্টৰ কাছাৰত ৬৩,৮৪৮ হেক্টৰ চিৰাঙত ২৩,৬২০ হেক্টৰ দৰঙত ২৭,৩৯৩ হেক্টৰ ধেমাজিত ৪২,৫২৫ হেক্টৰ ধুবুৰীত ৮৬,২৮৪ হেক্টৰ ডিব্রুগড়ত ১৪,৩৫১ হেক্টৰ ডিমা হাছাওত ১৪,৫২৬ হেক্টৰ গোৱালপাৰাত ৫৪,৫৪৭ হেক্টৰ গোলাঘাটত ৫১,২৫৮ হেক্টৰ হাইলাকান্দিত ২৩,৭২১ হেক্টৰ যোৰহাটত ২৬,৫৯৪ হেক্টৰ কামৰূপত ৬৮,৪৯৯ হেক্টৰ কামৰূপ (মহানগৰ)ত ৯,৮০৫ হেক্টৰ কার্বি আংলঙত ৮১,৫৯৯ হেক্টৰ কৰিমগঞ্জত ৭,৮৮১ হেক্টৰ কোকৰাঝাৰত ৫৩,৮৫৪ হেক্টৰ লখিমপুৰত ৮৭,৩৪৪ হেক্টৰ মৰিগাঁৱত ৫৭,০২৬ হেক্টৰ নগাঁৱত ১,২৫,৯৬০ হেক্টৰ নলবাৰীত ৪৮,৪৩৯ হেক্টৰ শিৱসাগৰত ৯৪,৮৪৭ হেক্টৰ তিনিচুকীয়াত ১৪,৭৪৭ হেক্টৰ আৰু ওদালগুৰিত ৩৮,৫৬৮ হেক্টৰ৷