৫.৮৮ শতাংশৰ পৰা ৪.৭৮ শতাংশলৈ কমিল আক্রান্তৰ হাৰ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ভিড নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা বিভিন্ন কঠোৰ নীতি–নির্দেশনাৰ সুফল স্পষ্টভাৱে পৰিলক্ষিত হৈছে৷ চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সবল নেতৃত্বত ৰাজ্যত ক’ভিড ক্রমাৎ নিয়ন্ত্রণলৈ আহিছে৷ বিগত এসপ্তাহত ধাৰাবাহিকভাৱে ৰাজ্যত হ্রাস পাইছে পজিটিভিটীৰ হাৰ৷ এই সপ্তাহটোত ক’ভিডৰ আক্রান্তৰ হাৰ ৫.৮৮ শতাংশৰ পৰা ৪.৭৮ শতাংশলৈ হ্রাস পাইছে৷
উল্লেখ্য যে যোৱা ২১ মে’ত ৰাজ্যৰ ক’ভিড আক্রান্তৰ হাৰ আছিল ৫.৮৮ শতাংশ৷ পৰৱর্তী দিনটোত ২২ মে’ত এই হাৰ সামান্য কমি ৫.৫৭ শতাংশ হয়৷ সেইদৰে ২৩ মে’ত ৫.৬৮ শতাংশ, ২৪ মে’ত ৫.১৬ শতাংশ, ২৫ মে’ত ৫.০৪ শতাংশ, ২৬ মে’ত ৪.৯১ শতাংশ আৰু ২৭ মে’ত ৪.৭৮ শতাংশলৈ অৱনমিত হয় ক’ভিড আক্রান্তৰ হাৰ৷ এই সময়ছোৱাত ধাৰাবাহিকভাৱে ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড পৰীক্ষাৰ সংখ্যা৷ ২৩ মে’ৰ দিনটোক বাদ দি বিগত সপ্তাহটোৰ প্রতিটো দিনতে ১ লাখতকৈ অধিক নমুনাৰ পৰীক্ষা ৰাজ্যত সম্পন্ন কৰা হৈছে৷
যোৱা ২১ মে’ত ১,০৩,১৫৮টা, ২২ মে’ত ১,০৭,৩৯৮টা, ২৩ মে’ত ৬২,৭২২টা, ২৪ মে’ত ১,২০,৬৬৮টা, ২৫ মে’ত ১,১৪,৩১৫টা, ২৬ মে’ত ১,১৬,১১৯টা আৰু ২৭ মে’ত ১,১৯,৪৪১টা নমুনা পৰীক্ষা সম্পন্ন কৰা হয়৷ অৱশ্যে আক্রান্তৰ হাৰ ধাৰাবাহিকভাৱে হ্রাস পালেও ৰাজ্যত এতিয়াও উদ্বেগজনক হৈয়ে আছে মৃত্যুৰ সংখ্যা৷ আক্রান্তৰ হাৰ হ্রাস পালেও ৰাজ্যত হ্রাস পোৱা নাই ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ বিগত সপ্তাহটোত প্রতিদিনে ৭০জনতকৈও অধিক লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷
ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি ২১ মে’ত ৮১জন, ২২ মে’ত ৭৯জন, ২৩ মে’ত ৭২জন, ২৪ মে’ত ৮৪জন, ২৫ মে’ত ৯২জন, ২৬ মে’ত ৯০জন আৰু ২৭ মে’ত ৮৩জন লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷ অৱশ্যে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত প্রতিদিনে হ্রাস পাই আহিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা৷ কামৰূপ মহানগৰ জিলা প্রাশাসনে গ্রহণ কৰা পদক্ষেপৰ ফলত গুৱাহাটীত হ্রাস পাইছে আক্রান্তৰ সংখ্যা৷ কনটেইনমেণ্ট জ’নৰ পৰা আৰম্ভ কৰি ক’ভিড পৰীক্ষাৰ সংখ্যা দ্রুত গতিত বৃদ্ধি কৰাৰ ফলত মহানগৰীখনত ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত সাফল্য লাভ কৰিছে স্বাস্থ্য বিভাগ৷
তথ্য অনুসৰি যোৱা ২১ মে’ত কামৰূপ মহানগৰ জিলাত ক’ভিডত আক্রান্ত হৈছিল ৯০৭জন লোক৷ তদুপৰি ২২ মে’ত ৯০২জন, ২৩ মে’ত ৬২৪জন, ২৪ মে’ত ৭২৯জন, ২৫ মে’ত ৬২৪জন, ২৬ মে’ত ৬৭০জন আৰু ২৭ মে’ত ৫৬৯জন লোক মহানগৰীখনত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ এই সংখ্যাই মহানগৰীখনত ক’ভিড পৰিস্থিতি উন্নত হোৱাটোৱেই সূচাইছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ক’ৰোনাৰ দ্বিতীয় লহৰে ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতে ৰাজ্যত গঠন হোৱা নতুন চৰকাৰখনে তাৎক্ষণিকভাৱে কেতবোৰ ব্যৱস্থা গ্রহণ কৰে৷
ক’ভিড কেয়াৰ চেণ্টাৰ নির্মাণ, পৰীক্ষাৰ সংখ্যা বৃদ্ধি, আক্রান্তৰ সংস্পর্শলৈ অহা ব্যক্তিক চিনাক্তকৰণ, আই চি ইউ বিছনাৰ সংখ্যা বৃদ্ধি, অক্সিজেনৰ যোগান বৃদ্ধি আদিৰ দৰে কেতবোৰ গুৰুত্বপূর্ণ ব্যৱস্থা গ্রহণ কৰে চৰকাৰে৷ সেইদৰে জনসমাগম নিয়ন্ত্রণ কৰাৰ বাবে ৰাজ্যজুৰি জাৰি কৰে কঠোৰ নীতি–নির্দেশনা৷ চহৰ অঞ্চলসমূহ আৰু ইয়াৰ সংলগ্ণ ৫ কিলোমিটাৰ ব্যাসার্ধলৈকে দুপৰীয়া ১২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰাৰ লগতে দিনৰ ১১ বজাত সকলো দোকান–পোহাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰিবলৈও নির্দেশ দিয়ে চৰকাৰে৷ সেইদৰে গ্রামাঞ্চলসমূহত দিনৰ এক বজালৈকে দোকান–পোহাৰ খোলাৰ অনুমতি প্রদান কৰাৰ লগতে দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হয়৷ তদুপৰি চৰকাৰী–বেচৰকাৰী সকলো কার্যালয় ৫ জুনলৈকে বন্ধ ৰখা হৈছে৷ একে সময়তে বন্ধ কৰা হৈছে আন্তঃজিলা যাতায়াত৷ এনেবোৰ পদক্ষেপে ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷