অসমৰ পৰিৱেশ-জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ্থে নিজকে উৎসৰ্গিত কৰা পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনক ঢকুৱাখনাত সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১২ জুন : বিগত চাৰিটা দশকৰো অধিক কাল অসমৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে নিজকে উৎসৰ্গিত কৰা অসমৰ অন্যতম পৰিৱেশ কৰ্মী দেৱজিৎ ফুকনক অসম চৰকাৰে যোৱা ৫ জুনত পৰিৱেশ মিত্ৰ সন্মানেৰে বিভূষিত কৰে । ১৯৯৩ চনত ঢকুৱাখনাত মেগামিক্স প্ৰকৃতি সংঘ নামেৰে এক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি আনুষ্ঠানিক ভাৱে পৰিৱেশ ৰক্ষাৰ কামত নিজকে নিয়োজিত কৰা ফুকনে লখিমপুৰ জিলাৰে নহয় ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ উপৰিও আন্তৰাষ্ট্ৰীয় পৰ্যায়তো পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি আহিছে । পৰিবেশ মিত্ৰ ফুকনৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত মেগামিক্স প্ৰকৃতি সংঘ ঢকুৱাখনাত আজি আয়োজিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্ৰকৃতি সংঘ ঢকুংৰ হৈ সম্বন্ধনা জনোৱা হয় ৷ মেগামিক্স প্ৰক্তি সংঘৰ সম্পাদৰ ডঃ অমল চন্দ্ৰ দত্ত আৰু দিগেন্দ্ৰ নাথ হাজৰিকাই আঁত ধৰা সভাখনত ফুকনক এখন গামোচা ,মানপত্ৰ আৰু টি চাৰ্ট আদিৰে সম্বন্ধনা জনোৱাৰ উপৰিও আন কেইবাগৰাকী প্ৰক্তি প্ৰেমীয়ে নিঃস্বাৰ্থ পৰিৱেশ কৰ্মীজনক সম্বৰ্ধনা জনায়। সভাখনত বয়োজ্যেষ্ঠ শিক্ষাবিদ তথা পৰিৱেশকৰ্মী সৰ্বেশ্বৰ সূত বৰুৱা , দেৱৰাম সূত ,লিখন চন্দ্ৰ বুঢ়াগোহাঁই, পৃথু বৰা ,পূৰ্ণ বৰা আৰু মেগামিক্স প্ৰকৃতি সংঘৰ প্ৰাক্তন সম্পাদক নৰেন্দ্ৰ নাথ দত্ত আদিৰ ওপৰিও বহুসংখ্যক প্ৰক্তি প্ৰেমী আৰু প্ৰক্তিৰ নিৰব সাধকো উপস্থিত থাকে ৷
প্ৰেৰকঃ ৰাজেশ বুঢ়াগোহাঞি