নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত উপ-পঞ্জীয়কৰ বিৰুদ্ধে ডিড ৰাইটাৰৰ এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ধুবুৰী জিলাৰ উপ-পঞ্জীয়কৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত সান্ত্বনা বৰাৰ বিৰুদ্ধে আজি কাৰ্যালয়ৰেই সুমন আহমেদ নামৰ ডিড ৰাইটাৰ এগৰাকীয়ে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ধুবুৰী সদৰ থানাত দাখিল কৰা এজাহাৰখনত আহমেদে বিগত ২৫ আগষ্টৰ সন্ধিয়া ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা নিজৰ কাৰ্যালয় কোঠাত অতিৰিক্ত আয়ুক্ত সান্ত্বনা বৰাই মাৰপিট কৰা বুলি উল্লেখ কৰিছে। এজাহাৰখনত বিষয়াগৰাকীয়ে তেওঁৰ পৰা দাবী কৰাৰো অভিযোগ কৰিছে ডিড ৰাইটাৰগৰাকীয়ে। উল্লেখ্য যে, মাটি-ক্ৰয় বিক্ৰয়ৰ ভুৱা এনঅ’চি সংক্ৰান্তীয় বিষয় লৈ অতিৰিক্ত আয়ুক্ত সান্ত্বনা বৰাই কৰা এক অভিযোগৰ ভিত্তিত সম্প্ৰতি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আজি বিষয়াগৰাকীৰ বিৰূদ্ধে আজি এজাহাৰ দাখিল কৰা ডিড ৰাইটাৰ সুমন আহমেদে। ইপিনে বিগত প্ৰায় ৪/৫ দিনৰ পৰাই জিলাখনৰ অতিৰিক্ত আয়ুক্ত আৰু ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ ডিড ৰাইটাৰ সুমন আহমেদৰ মাজত আৰম্ভ হোৱা এনে অভিযোগ-প্ৰতি অভিযোগৰ ঘটনাই বৰ্তমানে ধুবুৰীত এক চৰ্চিত বিষয় হৈ পৰা দেখা গৈছে আৰু বিষয়টো লৈ জিলাখনৰ আয়ুক্ত দিবাকর নাথৰ প্ৰত্যক্ষ হস্তক্ষেপৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like