🔹 মুখ্যমন্ত্রীৰ আহ্বানে সলালে জীৱনৰ গতিপথ
বিশেষ বাৰ্তা, ১০ আগষ্ট : লখিমপুৰৰ এগৰাকী উদ্যমী যুৱক। যি আন দহজনৰ দৰে কথাৰ ফুলজাৰিৰে নহয়, হাতে-কামে প্ৰকৃত অসমীয়াগিৰি দেখুৱাইছে। সহজলভ্য ধন অথবা চৰকাৰী বা বেচৰকাৰী চাকৰিৰ মোহ এৰি হাতে-কামে উদ্যোগ আমাৰ, বজাৰ আমাৰ লক্ষ্যৰে ঔদ্যোগিক ক্ষেত্রত তেওঁ জঁপিয়াই পৰিছে। যুৱকজন হ’ল লখিমপুৰ নগৰৰ ৫নং ৱাৰ্ডৰ মিলন নগৰ নিৱাসী দীপাংকৰ শইকীয়া। সাংবাদিকতাৰ ক্ষেত্রৰ পৰা ব্যৱসায়ৰ ক্ষেত্রলৈ তেওঁৰ এক সফল পৰিক্ৰমা। সৰুৰে পৰা সাংবাদিকতাৰ ক্ষেত্রখনৰ প্ৰতি আকৰ্ষিত দীপাংকৰে শিক্ষা জীৱন সাং কৰাৰ পাছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰে জড়িত হৈ পৰে। হায়দৰাবাদত তেওঁৰ আছিল কৰ্মস্হলী। পৰৱৰ্তী সময়ত সুঁতি সলনি কৰি তেওঁ অসমলৈ ঘূৰি আহে। অসমত তেওঁ ছপা মাধ্যমত জড়িত হৈ পৰে। অসমীয়া দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য কাৰ্যালয়ত তেওঁ নিযুক্ত হয়। ‘নিয়মীয়া বাৰ্তা’ত জড়িত হৈ থকাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক আহ্বানে তেওঁৰ জীৱনৰ গতি পুনৰ সলনি কৰে। অসমীয়া যুৱকে ব্যৱসায়-বাণিজ্যৰে বজাৰ দখল কৰি স্বাৱলম্বী হোৱাৰ মুখ্যমন্ত্রীৰ আহ্বানে দীপাংকৰৰ হৃদয়ত আলোড়ন তুলিলে। মুখ্যমন্ত্রীৰ আহ্বানক সাৰোগত কৰি দীপাংকৰে এইবাৰ সংবাদ ক্ষেত্র ত্যাগ কৰি ঘৰলৈ ওভতে। আঁচনি ল’লে নিজাকৈ কিবা এটা কৰাৰ। ভবা মতে কাম। তেওঁৰ কাষত থিয় দিলে পত্নী পূজা শইকীয়া। দুয়ো হাতত হাত ধৰি ব্যৱসায়ৰ ক্ষেত্রত নামি পৰে। নিত্য প্রয়োজনীয় সামগ্রী উৎপাদনৰ প্ৰস্তুতি চলালে তেওঁলোকে। দুয়ো বৈষ্ণবী এন্টাৰপ্রাইজ নাম দি ঘৰতে এটা উদ্যোগ গঢ়ি তুলিলে। উৎপাদন সামগ্ৰীৰ ব্ৰেণ্ড নাম ৰাখিলে এন ২২। টয়লেট ক্লিনাৰ, ডিছ ৱাছ, ডিছ বাৰ আদি সামগ্রীৰ উৎপাদন আৰম্ভ হ’ল। বাহিৰৰ পৰা কেঁচা মাল আনি ঘৰতে সামগ্রী প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিলে তেওঁলোকে। প্ৰচুৰ সমাদৰ লাভ কৰিছে তেওঁলোকৰ উৎপাদিত সামগ্রীয়ে। গাঁঠিৰ ধন ভাঙি তেওঁলোকে আৰম্ভ কৰা উদ্যোগটোৱে ক্ৰমে বিশাল পৰিসৰ লাভ কৰাৰ পথত। বহু নিবনুৱাক ৰোজগাৰ দিয়াৰ পৰিকল্পনাও কৰিছে তেওঁলোকে। ‘উদ্যোগ আমাৰ বজাৰ আমাৰ’ লক্ষ্যৰে উদ্যোগ জগতত ভৰি থৈ প্ৰকৃত অসমীয়াগিৰি দেখুৱাইছে দীপাংকৰ আৰু তেওঁৰ পত্নী পূজাই। সংবাদ ক্ষেত্রৰ পৰা ঔদ্যোগিক ক্ষেত্রলৈ দীপাংকৰৰ এই সফল যাত্রাত এতিয়া সকলোৱে শুভেচ্ছা জনাইছে।
প্ৰেৰক জীৱন গোস্বামী