লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ উচ্ছেদ অভিযান
নিয়মীয়া বাৰ্তা, ৮-জুনঃ অবৈধ বেদখলীৰ ৰম্যভূমিত পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য৷ এসময়ত ডাঠ হাবি-জংঘলৰে ভৰপুৰ অভয়াৰণ্যখন বৰ্তমান লাওলোৱাত পৰিনত হৈছে ৷ ৮০ ৰ দশকত অভয়াৰণ্যখনত গড়ে গিজগিজাই আছিল ৷কিন্ত বন বিভাগৰ একাংশ দুৰ্নীতিপৰায়ন বিষয়া-কৰ্মচাৰীৰ বাবে অভয়াৰণ্যখনত চোৰাং চিকাৰী,চোৰাং মাছমৰীয়া,আৰু অবৈধ বেদখলীৰ লগত গোপন মিতিৰালিৰ বাবেই অভয়াৰণ্যখনে পূৰ্বৰ গৰিমা হেৰাই পেলাইছে ৷ যোৱাকালি বন বিভাগৰ এটা বৃহৎ দলে কেবাটাও হাতী লৈ অভয়াৰণ্যখনত চলাই উচ্ছেদ অভিযান। লাওখোৱা অভয়াৰণ্যৰ প্ৰায় দুশ বিঘা মাটি অবৈধ বাবে দখল কৰি আছিল বেদখলকাৰীয়ে।যাৰ বাবে লাওঁখোৱা অভয়াৰন্যত বন বিভাগৰ দলে ৰাতিপুৱাই চলালে উচ্ছেদ অভিযান। লাওখোৱা অভয়াৰণ্যৰ লালুং গাওঁ,পাম্প কালিয়াডিঙাত চলাই এই উচ্ছেদ অভিযান। দীৰ্ঘদিন ধৰি অবৈধ বাবে মাটি বেদখল কৰি পাচলি খেতি কৰি আহিছিল বেদখল কাৰীয়ে।উল্লেখ্য যে ১৯৭২ চনৰ বন্যপ্ৰাণী আইনমতে অভয়াৰণ্যত মানুহ আৰু পোহনীয়া জীৱজন্তৰ প্ৰৱেশ কঠোৰভাবে নিসিদ্ধ কৰাৰ পিছতো কেনেকৈ সোমায় অবৈধ বেদখলকাৰী ই এতিয়া এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে ৷লাওখোৱা অভয়াৰণ্যত অকল দুশ বিঘা মাটিয়েই অবৈধ বেদখলীৰ কবলত পৰা নাই ৷সুতিৰপাৰৰ গংগাৰাম ঘাটৰ পৰা শালপাৰালৈকে অভয়াৰণ্যখনৰ শ-শ বিঘা মাটি অবৈধ বেদখলীৰ কবলত আছে ৷বেদখলকাৰীয়ে অভয়াৰণ্যৰ মাটি বেদখল কৰি ভাঙৰ-ডাঙৰ পুখৰী খান্দি মাছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে ৷এতিয়া প্ৰশ্ন হয় অভয়াৰণ্যখনৰ শ-শ বিঘা মাটি বেদখলীৰ কবলৰ পৰা কেতিয়া উচ্ছেদ কৰি উদ্ধাৰ কৰিব সেয়া হব লক্ষণীয় বিষয় ৷নে বন বিভাগে এই দুশ বিঘা মাটিতেই উচ্ছেদ চলাই বিভাগৰ দায় সামৰিছে সেয়া হব লক্ষণীয় বিষয় ৷
প্ৰেৰক জহিৰুল ইছলাম