নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিৰাপ সংৰক্ষিত বনাঞ্চলত বনধ্বংস যজ্ঞ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ লেখাপানী বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত পূৰ্ণ গতিত অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ তথ্য পোৱা গৈছে৷ অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া টিৰাপ সংৰক্ষিত বনাঞ্চলত এচাম চোৰাং কাঠ মাফিয়াই প্ৰৱেশ কৰি এফালৰ পৰা জধে-মধে কাটি তহিলং কৰি পেলাইছে শ শ হোলোং গছ৷ ইতিমধ্যে চোৰাং কাঠ মাফিয়াই অত্যাধুনিক কাঠ ফলা মেচিন, ছেইনচ‘ ব্যৱহাৰ কৰি দিনে-নিশাই টিৰাপ সংৰক্ষিত বনাঞ্চলত কটা শ শ হোলোং গছৰ কুণ্ডা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰস্থিত কীটপ্লাই, এচ ভি এম, অম্বিকা, ৰোজন, কামলু আৰু নামপুং প্লাই নামৰ কাঠ মিলসমূহলৈ সৰবৰাহ কৰি অহা বুলি এক সূত্ৰত প্ৰকাশ ৷ এইসমূহ চোৰাং কুণ্ডা সৰবৰাহ কৰিবলৈ টিৰাপ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে চোৰাং কাঠ মাফিয়াই নিৰ্মাণ কৰি লৈছে ৰাষ্ট্ৰীয় ঘাইপথসদৃশ বহল বহল পথ৷ এনে পথেৰেই অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ টিৰাপ নৈ পাৰ কৰি অৰুণাচলৰ খাণ্ডু হৈ ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰা হোলোং গছৰ চোৰাং কুণ্ডাৰে ভৰি পৰিছে জয়ৰামপুৰস্থিত কাঠ মিলকেইটা৷ কিন্তু ইমানৰ পিছতো চকু মুদা কুলিৰ ভাওত অসমৰ তথাকথিত বিয়াগোম বন বিভাগ৷ কিছু দিন পূৰ্বে  টিৰাপ সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ মাফিয়াই কাটি থোৱা ন ফুট দৈৰ্ঘ্য্যৰ দুশ ছয়টা হোলোং গছৰ কুণ্ডা বন বিভাগটোৱে  জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে জব্দ কৰা কুণ্ডাখিনি ১৩৬.৮২৭ চি.এম, (৪৭৮৮.৯৪৫ চেপ্টি) পৰিমাণৰ হোৱাৰ লগতে বজাৰ মূল্য প্ৰায় ৩০ লক্ষ্যাধিক টকা হব বুলি বন বিভাগৰ এক সূত্ৰত প্ৰকাশ পাইছিল ৷ ৰাজ্যখনত বিয়াগোম এটা বন বিভাগ থকাৰ পাছতো সংৰক্ষিত বনাঞ্চলখনত চোৰাং কাঠ মাফিয়াই নিৰ্বিঘ্নে ইমান বৃহৎসংখ্যক হোলোং গছ কেনেকৈ কাটিবলৈ সুযোগ পাইছিল বুলি প্ৰশ্ন উত্থাপন হোৱাৰ বিপৰীতে বৰ্তমানেও বনাঞ্চলখনত বনধ্বংস অব্যাহত আছে ৷ উল্লেখ্য যে ডিগবৈ বন সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্ত বন সংমণ্ডল বিষয়াৰ সৈতে চোৰাং কাঠ মাফিয়াৰ মোটা অংকৰ ধনৰ গোপন বুজাবুজি থকাৰ বাবেই টিৰাপ সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠৰ এনে ৰমৰমীয়া বেহা অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ৷ ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ হোৱা ঘোচখোৰ অনা-অসমীয়া ডিগবৈ বন সংমণ্ডল বিষয়াগৰাকীৰ সৈতে চোৰাং কাঠ মাফিয়াৰ গোপন বুজাবুজিৰে টিৰাপ সংৰক্ষিত বনাঞ্চলত চলি অহা অসমৰ ৰাজ্যিক বৃক্ষ ৰূপে স্বীকৃতিপ্ৰাপ্ত হোলোং গছৰ ধ্বংস যজ্ঞৰ এয়া একমাত্ৰ নমুনাহে বুলি মন্তব্য কৰিছে প্ৰকৃতিপ্ৰেমীসকলে৷ বন বিভাগৰ জ্ঞাতসাৰে টিৰাপ সংৰক্ষিত বনাঞ্চলখনত অব্যাহত থকা অবাধ বনধ্বংস যজ্ঞ ঢাকি ৰাখিবলৈ তথা চোৰাং কাঠ মাফিয়াসকলক পৰোক্ষভাৱে সুবিধা কৰি দিবলৈহে বনাঞ্চলখনৰ পৰা মাজে সময়ে  সামান্যসংখ্যক কুণ্ডা জব্দ কৰি এক নাটক ৰচে বুলি মন্তব্য কৰিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন মহলে।  সংৰক্ষিত বনাঞ্চলতসমূহত চোৰাং কাঠ মাফিয়াই এফালৰ পৰা ধ্বংসযজ্ঞ অব্যাহত ৰখা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ অন্যহাতে জাগুন অঞ্চলৰ সংৰক্ষিত বনাঞ্চলসমূহ চোৰাং কাঠ মাফিয়াই এফালৰ পৰা ধ্বংস কৰাৰ ফলত খাদ্য সংকটত পৰা বনহ্যস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অঞ্চলটোত ব্যাপক সন্ত্ৰাস সৃষ্টি কৰাৰ ফলত দীৰ্ঘদিনে অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় ৰাইজে৷

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like