নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম পাটকাই ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ডেকা ব্ৰাডাৰ্চ একাদশ চূড়ান্ত বিজয়ী

বিশেষ বাৰ্তা, ২৭ মাৰ্চ : প্ৰথম বাৰ্ষিক পাটকাই ট্ৰফী প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাত নাহৰকটীয়া ডেকা ব্ৰাডাৰ্চ একাদশে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছে। যোৱা ১৮ মাৰ্চৰ পৰা নাহৰকটীয়া মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা, নাহৰকটীয়া বিধান সভা সমষ্টি ভিত্তিক আৰু সৰ্বমুঠ ২৪টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ হোৱা চূড়ান্ত খেলখনত ডেকা ব্ৰাডাৰ্চ একাদশে নাহৰকটীয়া পাৱাৰ একাদশক ৮ উইকেটত পৰাজিত কৰি চূড়ান্ত বিজয়ী হয়। উল্লেখযোগ্য যে প্ৰাঞ্জল ভূঞা আৰু চন্দ্ৰজিত বৰুৱাই আম্পায়াৰৰ দায়িত্ব পালন কৰা চূড়ান্ত খেলখনত ডেকা ব্ৰাডাৰ্চ একাদশে টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈ ৰূপক দেয়ে লাভ কৰা তিনিটা আৰু সুৰজ দৰ্জীয়ে লাভ কৰা দুটা উইকেটৰ সহায়ত পাৱাৰ একাদশক নিৰ্ধাৰিত অভাৰত ৮ টা উইকেটৰ বিনিময়ত ৫৯ ৰাণতে সীমাবদ্ধ ৰাখে। ইয়াৰ প্ৰত্যুত্তৰত ডেকা ব্ৰাডাৰ্চ একাদশে আনন্দ শৰ্মাৰ অপৰাজিত ১৯ ৰাণ, অধিনায়ক দ্বীপ ডেকাৰ অপৰাজিত ১৭ ৰাণ আৰু সুৰজ দৰ্জীৰ ১৬ ৰাণৰ বিনিময়ত মাত্ৰ ৪.৫ অভাৰতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। খেলৰ শেষত সাংবাদিক প্ৰাঞ্জল ভূঞাই আঁত ধৰা আৰু বিজয়ী আৰু বিজিত দলৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল নামৰূপ মৰ্নিং য়ুথ ক্লাৱ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটাৰ পাৱাৰ একাদশৰ মুন বৰশইকীয়া, শ্ৰেষ্ঠ বলাৰ পাৱাৰ একাদশৰ লক্ষ্য জ্যোতি কোঁৱৰ, শ্ৰেষ্ঠ ফিল্ডাৰ ডিউজ সেনচোৱা, কেচ অফ দা টুৰ্ণামেণ্ট বেম্বো একাদশৰ মৃদুল গগৈ আৰু চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ সুৰজ দৰ্জীক বঁটা সমূহ বিতৰণ কৰে ক্ৰমে নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, নাহৰকটীয়া বিদ্যুৎ উপ সংমণ্ডলৰ উপ সংমণ্ডল বিষয়া আইনান্টিকা টি চাখাপ, যুৱ নেতা মৃদুল কলিতা, নাহৰকটীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কণিষ্ঠ অভিযন্ত্ৰা দীপাংকৰ ৰাজকোঁৱৰ, নাহৰকটীয়া ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক ঙৌ এক্লেট গোঁহাই আৰু যুৱ ব্যৱসায়ী বিশাল শৰ্মাই।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like