নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বইটামাৰীত ডেকলিমাৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী

 🔹 সাংস্কৃতিক শোভাযাত্ৰাত উজলি উঠিল বৰ্ণাঢ্য কলাকৃষ্টি

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ ১৪নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ জি এম ত্ৰৈলোক্য ৰায়ে বিদ্যালয়খনে সুদীৰ্ঘকাল ধৰি এই অঞ্চলৰ শিক্ষাক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা বুলি মন্তব্য কৰে। লগতে বৃহত্তৰ নৰ্থ বইটামাৰী অঞ্চল পূৰ্বৰে পৰা শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া বুলি উল্লেখ কৰে। শোভাযাত্ৰাত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাশ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য কলা-সংস্কৃতি প্ৰতিফলিত হয়। বিহু দল, কোচ-ৰাজবংশী, নাথ-যোগী আদি জনগোষ্ঠীয় লোকনৃত্য দলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । উল্লেখ্য যে আজি পুৱা ৫ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। মাৰাথন দৌৰ উদ্বোধন কৰে ছত্ৰসিং নাথে । তাৰ পিছত পুৱা ৮:৩০ বজাত বন্তি প্ৰজ্বলন আৰু সৰস্বতী বন্দনা কৰা হয় । বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বংকিম চন্দ্ৰ বৰ্মন। তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ শৰীৰ চৰ্চা হয় । শৰীৰ চৰ্চা পৰিচালনা কৰে বংকিম চন্দ্ৰ নাথে। তাৰ পিছত হলিৰাম নাথৰ পৰিচালনাত ময়নামতী নৃত্য পৰিৱেশন হয়। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত ভেশছন প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধিয়া ৭৫ গছি বন্তি প্ৰজ্বলনৰ পিছত সাংস্কৃতিক অনুষ্ঠান ৰূপায়িত হ’ব।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like