নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক্সপ্ৰেছৱে’ত বাহনৰ লেহেম চলাচলত নিষেধাজ্ঞাৰ পোষকতা দিল্লী হাইকৰ্টৰ

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ এক্সপ্ৰেছৱেত নিষেধাজ্ঞা আৰোপ কৰা হ’ব লেহেমীয়াকৈ চলাচল কৰা বাহনৰ বিৰুদ্ধে। এই নিষেধাজ্ঞা কঠোৰভাৱে পালন কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে যান-বাহন আৰক্ষীক নিৰ্দেশ দিছে। ইয়াৰ উপৰি কোৱা হৈছে যে অসাৱধানতাৰ ফলত হতাহতি হ’ব পাৰে আৰু ইয়াৰ পৰিণতি মৰ্মান্তিক হ’ব পাৰে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি মঙলবাৰে মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে যান-বাহনৰ নীতি-নিয়ম মানি চলাটো কেৱল আইনৰ বিষয় নহয় বৰঞ্চ যাত্ৰীসকলৰ সুৰক্ষাৰ বিষয়ক কথা। দুচকীয়া, তিনিচকীয়া আৰু ট্ৰেক্টৰৰ দৰে লাহে লাহে চলা বাহনে এক্সপ্ৰেছৱেত বিপদ বৃদ্ধি কৰে। আদালতে নিৰ্দেশ দিয়ে, এক্সপ্ৰেছৱে’ত লেহেমীয়াকৈ চলা বাহনৰ চলাচলৰ সৈতে জড়িত বৰ্তমানৰ নিষেধাজ্ঞাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আদালতে লগতে কয় যে পথ সুৰক্ষাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। ন্যায়াধীশ সঞ্জীৱ নাৰুলাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে যেতিয়াই নিৰ্ধাৰিত নীতি-নিয়মৰ পৰা বিচ্যুতি লক্ষ্য কৰা হয় তেতিয়াই কৰ্তৃপক্ষই নিয়মীয়াকৈ নিৰীক্ষণ আৰু তৎকালীন সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আদালতে আৰু কয় যে, “আধুনিক আন্তঃগাঁথনিগত অগ্ৰগতিৰ ছবিত অভূতপূৰ্ব গতিৰে দূৰত্বৰ সেতুবন্ধন কৰিব পৰাকৈ এক্সপ্ৰেছৱে ডিজাইন কৰা হৈছিল। “এই পথসমূহে প্ৰথম অৱস্থাত যান-জঁট হ্ৰাস কৰাৰ লগতে দ্ৰুতগতিত চলা বাহনৰ বাবে দ্ৰুত, অধিক কাৰ্যক্ষম পৰিবহণৰ ব্যৱস্থা প্ৰদান কৰাৰ কল্পনা কৰা হৈছিল।” ২০১১ চনৰ পৰা দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱে’ত যাত্ৰা কৰাৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত আবেদনকাৰী যুৱৰাজ ফ্ৰান্সিছে আদালতৰ কাষ চাপিছিল। তেওঁ কয় যে লেহেমীয়াকৈ চলা যান-বাহনৰ উপস্থিতি চিন্তনীয়। ইয়াৰ ফলত বহু দুৰ্ঘটনাই নহয়, জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি হয়।

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like