বিশেষ বাৰ্তা, ২৮ জুলাই : এক গোপন সূত্ৰৰ পম খেদি দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে নগাঁও আৰক্ষীৰ সহযোগত কালি নিশা দুটা দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি নগাঁৱৰ সদৰ আৰক্ষী থানাত বাহৰ পাতি থকা দিল্লী আৰক্ষীৰ পাঁচজনীয়া দলে এই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান তথা সোধা-পোছা চলাই আছে। জানিব পৰা মতে, নগাঁৱৰ পৰা দুজন, মৰিগাঁৱৰ পৰা এজন আৰু নাগালেণ্ডৰ পৰা এজন চাৰিবাৰ অপৰাধীক আটক কৰে দিল্লী আৰক্ষীয়ে। নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা অপৰাধী দুটাক পাছত জিলাখনৰ ধিং অঞ্চলৰ মমছাহ আৰিফ আৰু আনাৰ উদ্দিন বুলি চিনাক্ত কৰা হয়। ধৃত চাইবাৰ অপৰাধীকেইটাক নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীৰ দলটোৱে।
প্ৰেৰক কনক হাজৰিকা