নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা কঁঠালগুৰিৰ পশু চিকিৎসালয় মুকলিৰ দাবী পশুপালকৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ অসম-অৰুণাচল প্ৰদেশ সীমামুৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ বুঢ়ীদিহিং মৌজাত বসবাস কৰা প্রায় ৮০ শতাংশ লোকেই কৃষিকর্মৰ লগত জড়িত। এই কৃষিপ্রধান অঞ্চলৰ সাধাৰণ জনতাই কৃষিৰ লগতে পশুপালন কৰি জীৱন নিৰ্বাহ কৰি আহিছে। এই বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ পশুপালকৰ কথা চিন্তা কৰি ১৯৮৬ চনতেই অসম চৰকাৰে নিৰ্মাণ কৰিছিল বুঢ়ীদিহিং মৌজাৰ কঁঠালগুৰিস্থিত কুজু গাঁৱৰ পশু চিকিৎসালয়। কুজু গাঁৱৰ পশু চিকিৎসালয় নির্মাণ হোৱাত বুঢ়ীদিহিং মৌজাৰ প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজে নিজৰ পশুধন বিভিন্ন বেমাৰ-আজাৰ হ’লে পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু এয়া এক সপোন হৈ থাকিল বুঢ়ীদিহিং মৌজাবাসীৰ। অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ গাফিলতিৰ বাবেই আজিৰ পৰা প্ৰায় পাঁচটা দশক আগতেই নিৰ্মাণ কৰা কুজু গাঁৱৰ পশু চিকিৎসালয়খন জহি-খহি যায়। পুনৰ অঞ্চলটোৰ কেইগৰাকীমান সচেতন ব্যক্তিয়ে বিভাগৰ ওচৰত বাৰম্বাৰ আবেদন জনোৱাৰ পাছত বিভাগীয় কর্তৃপক্ষই প্রায় এক কোটি টকা ব্যয় সাপেক্ষে এক আটকধুনীয়া চিকিৎসালয় আৰু কাৰ্যালয় গৃহৰ নিৰ্মাণ সম্পূর্ণ কৰে । বিগত কেইবাবছৰৰ আগত অঞ্চলৰ কৃষকসকলে নিজৰ পশুধন অসুখত ভোগাৰ সময়ত নতুনকৈ নিৰ্মাণ কৰা চিকিৎসালয় খনত পণ্ড চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি পণ্ডৰ ৰোগ নিৰাময় কৰিম বুলি আশা কৰিছিল যদিও আজিলৈকে নতুনকৈ নিৰ্মাণ কৰা কুজু গাঁৱৰ পশু চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্রায় কেইবাবছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে বিভাগীয় কর্তৃপক্ষই অঞ্চলটোৰ কৃষকসকলৰ সমস্যাৰ কথা চিন্তা নকৰি প্ৰায় কোটিটকীয়া কুজু গাঁৱৰ পশু চিকিৎসালয় পুনৰ মুকলি নকৰিলে। ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পাছতো বিভাগীয় কর্তৃপক্ষই পশু চিকিৎসালয় ৰাইজৰ সুবিধাৰ অৰ্থে মুকলি নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে পশু পালক সকল। শীঘ্ৰে অঞ্চলটোৰ বাবে গুৰুত্বপূৰ্ণ পশু চিকিৎসালয়খন মুকলি কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক। এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like