নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত অন্তৰ্ভুক্তিৰ দাবী : কাৱৈমাৰীত মহিলাৰ বিশাল প্ৰতিবাদী সভা

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ বজালীৰ সদৰ পাঠশালাৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দুৰত থাকিও বজালীৰ পৰিবৰ্তে বৰপেটা জিলাত অন্তৰ্ভুক্ত হৈ আছিল বৃহত্তৰ পাকা মৌজা অঞ্চলৰ ৰাইজ। যাৰ বাবে বিগত তিনিটা দশক ধৰি এই অঞ্চলৰ ৰাইজে ধাৰাবাহিক আন্দোলন কৰি অহাৰ অন্তত বিগত কেইমাহমান পূৰ্বে পাকা মৌজাৰ চাৰিখন পঞ্চায়ত বজালীত অন্তভূৰ্ক্ত হৈছিল। এই খবৰে সেই অঞ্চলৰ ৰাইজক বাৰুকৈয়েই উৎসাহিত কৰি তুলিছিল। কিন্তু সেই উৎসাহজনক খবৰ আছিল যেন ক্ষন্তেকীয়া। সমষ্টিটো পুনৰনিৰ্ধাৰনৰ পিছত এই পঞ্চায়ত কেইখনৰ মাত্ৰ কিছু অংশ বজালীত অন্তৰ্ভুক্ত হোৱাৰ পৰিবৰ্তে বাকী বৃহৎ অংশ পুনৰ পাকা বেটবাৰী সমষ্টিত অন্তৰ্ভুক্ত কৰি বৰপেটা জিলা প্ৰশাসনত অন্তৰ্ভুক্ত কৰাক লৈ আজি উত্তপ্ত হৈ উঠে কাৱৈমাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ বাকৰি। পুৰুষ সমাজক বাট নাচাই আজি সেই অঞ্চলৰ পাকঘৰ এৰি ৰাজপথলৈ ওলাই আহিল হেজাৰ হেজাৰ মহিলা আই মাতৃ। কাৱৈমাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শৈলেন ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত এই ৰাজহুৱা সভাত উপস্থিত থাকি সেই অঞ্চলৰ বহু সমাজসেৱক, ছাত্ৰ নেতাই চৰকাৰৰ এই সিদ্ধান্ত সলনি নকৰিলে অনাগত দিনত ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও ভাবুকি প্ৰদান কৰে। উল্লেখ্য যে পূৰ্বে বজালী জিলাত অন্তৰ্ভুক্ত হৈছিল ৪নং পূব পাকা গাঁও পঞ্চায়ত আৰু ৯নং পূব পাকা গাঁও পঞ্চায়ত, কিন্তু পৰৱৰ্তী সময়ত বজালী জিলাক উপ জিলা ঘোষণা কৰা হয় আৰু উপ জিলা ঘোষণা কৰাৰ পিছ মুহূৰ্ততে বৃহত্তৰ বজালীৰ ৰাইজ দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে বিধানসভাত ঘোষণা কৰিছিল যে আগন্তুক ১৫-২০ দিনৰ ভিতৰতে পুনৰ বজালীক জিলাৰ মৰ্যাদা দিয়া হব৷ মুখ্যমন্ত্ৰীৰ ঘোষণাত বজালীৰ ৰাইজ আশ্বস্ত হয় যদিও প্রান্তে প্রান্তে জিলাখনৰ ভৌগোলিক পৰিসীমাৰ বাবে ৰাইজৰ মাজত আৰম্ভ হৈছে প্ৰতিবাদ, ৰাজহুৱা সভা। পাকা গাঁও পঞ্চায়তৰ ৩৯খনকৈ গাঁও এতিয়া বজালী জিলাৰ পৰিবৰ্তে বৰপেটা জিলাত অন্তৰ্ভুক্ত হোৱাৰ শংকাত কাৱৈমাৰীত আজি অনুষ্ঠিত হয় এই প্ৰতিবাদী ৰাজহুৱা সভা৷ দাবী এটাই, বজালী জিলাত নিজৰ অঞ্চলক ৰাখিব লাগে আৰু শীঘ্ৰেই বজালী জিলাৰ প্ৰশাসনিক কাম কাজ আৰম্ভ হব লাগে৷ আজিৰ সভাত অংশগ্ৰহণ কৰি ছাত্ৰ নেতা দামোদৰ দাসে কয় যে কাৱৈমাৰীৰ পৰা পাঠশালালৈ দুৰত্ব পাচ কিলোমিটা৷ কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকক চল্লিশ কিলোমিটাৰ দুৰৰ বৰপেটাত অন্তভূৰ্ক্ত কৰাৰ ৰাজনীতি বন্ধ হব লাগিব। ছাত্ৰ নেতা কমল ৰয়ে সামগ্ৰিক ভাব পৰিচালনা কৰা আজিৰ সভাত ছাত্ৰ নেতা নৱজিৎ ৰয়, সমাজকৰ্মী তাৰিনীচৰণ কলিতা, চোহৰাব আলী, অক্ষয় কলিতা, বিশ্বজিত দাস, হুমেশ্বৰ ডেকা গোবিন্দ বড়ো আৰু তাৰিনীকান্ত ৰয়ে ভাষণ প্ৰদান কৰি তেওঁলোকক বজালী জিলাত অন্তৰ্ভূক্ত নকৰিলে ভয়ানক প্ৰতিবাদৰ সন্মুখীন হব লাগিব বুলি চৰকাৰক সকীয়নী প্ৰদান কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like