নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰৰ ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ডিগবৈ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিধৱস্ত বাটপথ পুনৰ নিৰ্মানৰ দাবীত অসম যুৱ ছাত্র পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ শতাধিক সদস্যই আজি ডিগবৈ চাৰিআলি পুলিচ পইন্টৰ কাষত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিগত কিছুদিন ধৰি ডিগবৈ চহৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন পথ- উপ পথ ভাঙি ছিঙি বিধ্বস্ত হৈ পৰা দেখা গৈছে। বিশেষকৈ, ডিগবৈ পেঙেৰী সংযোগী পথছোৱা আৰু ডিগবৈ দুলিয়াজান পথছোৱাত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত একপ্ৰকাৰ যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে। উক্ত পথছোৱাৰে দৈনিক সহস্ৰাধিক সৰু বৰ বাহন অহাযোৱা কৰে। ডিগবৈ দুলিয়াজান পথছোৱা নিৰ্মাণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে দাবী উৎত্থাপন কৰি আহিছে যদিও পথছোৱা নিৰ্মাণত অইল কতৃপক্ষই দীৰ্ঘদিন ধৰি হেমাহী প্ৰদৰ্শন কৰা দেখা গৈছে। যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ উদাহৰণ সৰ্বজনবিদিত। ইপিনে সংগঠনটোৰ নেতৃবৃন্দই স্থানীয় বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে ক্ষোভ উজাৰি ডিগবৈ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিধ্বস্ত পথ পুনৰ নিৰ্মাণ কৰিবলৈ আহবান জনাইছে। সমান্তৰালকৈ আই অ চি আৰু অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ বিধ্বস্ত পথসমূহ যাতায়তৰ উপযোগীকৈ অতিশীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাই। লগতে ৰাজ্য চৰকাৰৰ অন্তৰ্গত ডিগবৈ বিধান সভা সমষ্টিৰ সমূহ বিধ্বস্ত পথ শীঘ্ৰেই মেৰামতি কৰিবলৈ আহবান জনাই। অন্যথা ডিগবৈ যুৱ ছাত্র পৰিষদ আঞ্চলিক সমিতিয়ে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদ স্থলীৰ পৰা সঁকিয়াই দিয়ে। ইপিনে, মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ  স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like