নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতান্ত্রিক আন্দোলনক উপলুঙা নকৰিব

কেন্দ্রীয় গৃহমন্ত্রীক সকীয়নি লুৰিণজ্যোতিৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে  আন্দোলন সন্দর্ভত কৰা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ৷ আজি গুৱাহাটীত অনুষ্ঠিত দলটোৰ প্রথম কার্যনির্বাহক বৈঠকৰ পাছত সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে কালি অমিত শ্বাহে গুৱাহাটীৰ সভাত কৰা মন্তব্য জাতীয় জীৱনৰ বীৰ শ্বহীদসকলৰ প্রতি ঘোৰ অপমান৷ গণ আন্দোলন, সমাজ পৰিৱর্তন কৰা বিভিন্ন আন্দোলন আনকি স্বাধীনতা আন্দোলনকো তেওঁ ভেঙুচালি কৰিছে৷ তেওঁৰ মন্তব্য বীৰ শ্বহীদসকলৰ প্রতি চূড়ান্ত উপলুঙা৷ অসম জাতীয় পৰিষদে এই মন্তব্যৰ বাবে গৃহমন্ত্রী অমিত শ্বাহক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে লগতে কয় যে ভাৰতৰ দৰে এখন গণতান্ত্রিক ৰাষ্ট্রত গণ সংগ্রামৰ ভূমিকা সদায় থাকিব৷ এই প্রমূল্যৰে অসম আৰু ভাৰতবাসী আগবাঢ়িছে৷ কেৱল স্বৈৰতান্ত্রিক, ফেচিষ্ট মানসিকতাৰ ব্যক্তিৰ মুখতহে গণ সংগ্রামৰ প্রতি উপহাসসূচক কথা প্রকাশ পায়৷ গণতান্ত্রিক ব্যৱস্থাত এনে কথা শোভা নাপায়৷ আনহাতে, অসম চুক্তিৰ ৬নং দফা সন্দর্ভত অমিত শ্বাহৰ নীৰৱতাক সমালোচনা কৰি তেওঁ পুনৰ কয় যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দর্ভত অমিত শ্বাহে যি প্রতিশ্রুতি দিছিল, সেয়া মিথ্যাচাৰত পৰিণত হৈছে৷ কেৱল ‘কা’বিৰোধী গণ আন্দোলনক স্তিমিত কৰাৰ সেয়া এক কৌশল আছিল৷ আজিলৈকে ৬নং দফা ৰূপায়ণ সমিতিয়ে প্রস্তুত কৰা প্রতিবেদনখনো গ্রহণ কৰাৰ সময় নোলাল অমিত শ্বাহৰ৷ অসম চুক্তিৰ অধীনত সাংবিধানিক ৰক্ষাকৱচ প্রদানক লৈ এটাও শব্দ উচ্চাৰণ নকৰি গৃহমন্ত্রীগৰাকীয়ে অসমৰ প্রতি তেওঁৰ আন্তৰিকতাহীনতাকে উদঙাই দিলে৷ উল্লেখ্য যে মহানগৰীৰ হোটেল প্রাগ কণ্টিনেণ্টেলত আয়োজিত অসম জাতীয় পৰিষদৰ প্রথম কার্যনির্বাহক বৈঠকত দলটোৰ নির্বাচনকেন্দ্রিক ৰণকৌশল সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ কোনবোৰ বিষয়ক মূল নির্বাচনী ইছ্যু হিচাপে লৈ দলটো আগবাঢ়ি যাব, তৃণমূল পর্যায়ত দলৰ ভেটি কিদৰে সুদৃঢ় কৰা হ’ব, এই বিষয়সমূহেই আজিৰ বৈঠকত স্থান পায়৷ ইপিনে আহ্বায়ক সমিতিয়ে আজি আনুষ্ঠানিকভাৱে দলৰ কার্যভাৰ কার্যনির্বাহক সমিতিৰ হাতত অর্পণ কৰে৷

You might also like