কাক বেছি ভাল পোৱা
কাক বেছি ভাল পোৱা?
মাক নে দেউতাক?
সৰুতে আমাক কিমানে কত এই প্রশ্ণ সুধিছে ঠিক নাই৷ এতিয়াও অনেকে সোধা দেখোঁ৷ মনত পেলাই চাওকচোন, সৰুতে যেতিয়া কোনোবাই এই প্রশ্ণটো সুধিছিল আমাৰ কেনেকুৱা লাগিছিল৷
হয়, এই প্রশ্নটোৱে শিশুৰ মনত অতি দকৈ ক্রিয়া কৰে৷ এই প্রশ্নটোৱে শিশু মনক অত্যন্ত কষ্ট দিয়ে৷ শিশুৱে মাক–দেউতাক উভয়কে ভাল পায়৷ কাক বেছি ভাল পায় বুলি সুধি তেওঁলোকক এক অদ্ভুত পৰিস্থিতিত পেলাই দিয়া হয়৷ একেবাৰে অদৰকাৰীকৈ৷ এই প্রশ্ণটোৰ কি বুলি উত্তৰ দিয়া যায় বুলি ভবাৰ লগে লগে শিশুৰ মনত এক বিভ্রান্তি, অপৰাধবোধ আৰু উৎকণ্ঠাৰ সৃষ্টি হয়৷ কাৰণ তেওঁলোকে জানে এজনৰ কথা ক’লে আনজনে মনত দুখ পাব পাৰে আৰু তেওঁলোকে এজনৰো মনত আঘাত দিব নোখোজে৷ লগতে তেওঁলোকে ভয় খায় এজনৰ কথা ক’লে আনজনে যদি মৰম নকৰা হৈ যায়৷ এনে চিন্তা–দুশ্চিন্তাই শিশু মনত এক ধুমুহাৰ সৃষ্টি কৰে৷ শিশুটিয়ে প্রশ্নটোৰ উত্তৰ দিয়ক বা নিদিয়ক, দিবলগীয়া হওক বা নহওক, শিশুৰ আৱেগক কিন্তু এই প্রশ্ন টোৱে তচনচ কৰি যায়৷ ইয়াৰ উত্তৰ বিচৰা প্রক্রিয়াটোৱে শিশু মনত এক চাপৰ সৃষ্টি কৰে৷ শিশুৰ কোমল মনটোত আনি দিয়ে এটা ষ্ট্রেচ, এটা একেবাৰে অদৰকাৰী ষ্ট্রেচ৷ মাক বা দেউতাকক ভাল পাই আনজনক যেন তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে তেনে ভাব তেওঁলোকৰ মনলৈ আহে৷ এটা অপৰাধবোধ, অনাহকত৷ এই নিগেটিভ ভাব–নুভৱবোৰে শিশুৰ মানসিক অৱস্থাত বিৰূপ প্রভাৱ পেলায়৷ ইয়াৰ পৰা শিশু মনত সৃষ্টি হোৱা উদ্বিগ্ণতাই তেওঁলোকৰ পঢ়া–শুনা আনকি সামাজিক আচৰণকো প্রতিকূলভাৱে প্রভাৱিত কৰিব পাৰে৷
পৰিয়ালটোৰ ভিতৰতো ইয়াৰ প্রভাৱ অতি সাংঘাতিক হ’ব পাৰে৷ সন্তান আৰু পিতৃ–মাতৃৰ মাজত এক গেপৰ সৃষ্টি হ’ব পাৰে৷ সন্তান পিতৃ-মাতৃৰ পৰা আঁতৰি আহিব পাৰে, বিচ্ছিন্ন হৈ পৰিব পাৰে৷ কাক বেছি ভাল পাওঁ– মাক নে দেউতাক বুলি সন্তানৰ মনত চলা বিশ্লেষণত কোনোবা এজনক ভাল পাব লাগে আৰু আনজনক ভাল পোৱাৰ কাৰণ নাই বুলি এটা ভাব যদি গঢ় লৈ উঠিল তেনেহ’লে সন্তান সেইজনৰ পৰা মাকেই হওক বা দেউতাকেই হওক আঁতৰি আহিবলৈ আৰম্ভ কৰে৷ এই মানসিক ক্ষতি মেৰামতি কৰা সহজ নহয়৷
এনেকুৱা নহয় যে সন্তান এজনৰ পৰাহে আঁতৰি আহে৷ তেওঁলোক মাক–দেউতাক উভয়ৰ পৰাই আঁতৰি যাব পাৰে৷ মাক–দেউতাক দুয়ো থকা সময় বা পৰিৱেশ এৰাই চলিবলৈ তেওঁলোকে যত্ন কৰিব পাৰে৷ কাৰণ তেওঁলোকে বিৰোধ বা সংঘাত হ’ব পৰা পৰিস্থিতিৰ পৰা বাচি থাকিব বিচাৰে৷ ই অত্যন্ত ক্ষতিকাৰক৷ এনে হ’বলৈ আৰম্ভ হোৱা মানে সন্তান আৰু পিতৃ–মাতৃৰ সম্পর্কত ভাঙোন অহা৷ পিতৃ–মাতৃৰ পৰা আঁতৰি সন্তান নিজক লৈ ব্যস্ত হৈ থাকিবলৈ লয়৷ তেওঁলোক আত্মকেন্দ্রিক হৈ পৰে৷
মাক–দেউতাকক তুলাচনীত তুলি জুখি চাবলগীয়া হোৱাৰ মানসিক দ্বন্দ্ব, অপৰাধবোধ আৰু উদ্বিগ্ন তাত যদি এটা শিশু ডাঙৰ হ’বলগীয়া হয় ইয়াৰ কু–প্রভাৱ বহু দিনলৈ থাকি যায়৷ মনত এই নিগেটিভ ভাববিলাক লৈ শিশুটি কিশোৰ হয়, প্রাপ্তবয়স্ক হয়৷ কিন্তু কিমান স্বাভাৱিক বা মানসিকভাৱে শক্তিশালী হৈ কাৰণ মানসিকভাৱে পিতৃ–মাতৃৰ পৰা বিচ্ছিন্ন হৈ ডাঙৰ হোৱা ব্যক্তিৰ আত্মবিশ্বাস কিছু কম হয়৷ তেওঁলোকৰ মনত এটা ভাব থাকে– তেওঁলোক প্রত্যাখিত৷ ঘৰতেই প্রত্যাখিত৷ নিজৰ মাক বা দেউতাক বা উভয়ৰ পৰাই প্রত্যাখিত অনুভৱ কৰা হেতুকে তেওঁলোকে সহজে আনৰ লগত সম্পর্ক কৰিব নোৱাৰে৷ কাৰণ বিশ্বাস কৰিব নোৱাৰে৷ তদুপৰি প্রত্যাখিত হ’ব বুলিও এটা আশংকা থাকে৷ নিজে বুজি নোপোৱালৈকে এওঁলোকৰ সামাজিক যোগাযোগ আৰু আচৰণত এই বিৰূপ প্রভাৱ থাকি যায়৷ আত্মকেন্দ্রিক মানুহ এজন, কাকো বিশ্বাস কৰিব নোৱাৰা মানুহ এজন, মনত সন্দেহ ভাব থকা মানুহ এজন আনৰ লগত কেনেকৈ মিলিব।
কিন্তু সন্তানেতো সঁচাকৈয়ো মাক বা দেউতাক কোনোবা এজনক বেছি ভাল পাব পাৰে৷ কেঁচুৱাৰো নিজা পছন্দ থাকে৷ এমা-ডিমা অৱস্থাৰ পৰাই সন্তান কোনোবা এজনৰ বেছি কাষ চাপে৷ যাৰ লগতে কেঁচুৱা অধিক সময় থাকে, সহজাতভাৱেই তেওঁৰ বেছি কাষ চাপি যায়, তেওঁক বেছি ভাল পোৱা হয়৷ কেঁচুৱাৰ পৰা স্কুললৈ যোৱা সময়লৈকে শিশুৰ এনে অগ্রাধিকাৰ থাকে৷ তেওঁৰ লগত শিশুৱে নিৰাপদ অনুভৱ কৰে৷ এনে পক্ষপাতৰ সেয়েহে এটা পজিটিভ দিশ আছে৷ কাৰোবাৰ লগত থাকি বেছি ভাল পোৱাই এইটোৱেই সূচায় যে কেঁচুৱা চিন্তা কৰিব পৰা হৈছে৷
কিন্তু এটা কথা স্পষ্টকৈ বুজিব লাগিব– এনে পক্ষপাতে এটা টানহে বুজায়, বেছি ভাল পোৱা নুবুজায়৷ সেই কাৰণে মাক–দেউতাক সন্তানৰ ফেভৰিট হোৱাৰ প্রতিযোগিতাত নামি পৰিব নালাগে৷ সেয়া সন্তানৰ কাৰণে ভাল নহয়৷ কোনোবাই অভিভাৱকত্ব ভালকৈ কৰিব জানে, কোনোবাই নাজানে৷ কেঁচুৱাই বেছি পছন্দ কৰাজনেই যে ভাল অভিভাৱক তেনে নহয়৷ কেঁচুৱাই যিকোনো কাৰণতেই কোনোবা এজনক অধিক পছন্দ কৰিব পাৰে৷ সেয়া আনজনে তেওঁৰ কিবা ডাঙৰ দোষ বা অক্ষমতা বুলি ভাবিব নালাগে৷ সন্তানৰ সৈতে বান্ধোন জীৱনৰ বিভিন্ন পর্যায়ত বিভিন্ন ধৰণে হয়৷ সেয়েহে কেঁচুৱাৰ অগ্রাধিকাৰৰ ক্ষেত্রত মনলৈ কোনোধৰণৰ নিগেটিভ ভাব একেবাৰেই আহিবলৈ দিব নালাগে৷ লগত যথেষ্ট সময় নাথাকিলেও বা থাকিব নোৱাৰিলেও সন্তানে আপোনাক বিচাৰিব৷ আমাৰ কন্যাটি সন্তান জন্মৰ সময়ত তেতিয়াৰ পৰিস্থিতিৰ কাৰণে ঘৰলৈ মাজনিশাৰ পাছতহে আহিব পাৰিছিলোঁ৷ তাইৰ মাত তেতিয়া দুই–এটা ফুটিছে৷ তেতিয়াই অতি আগ্রহেৰে তাই সাৰে থাকিছিল৷
সংযোগ৷ এটা কানেকচন গঢ়ি তোলাটো দৰকাৰী৷ ইয়াত মাক–দেউতাকৰো পৰস্পৰৰ প্রতি এটা দায়িত্ব থাকে৷ সন্তানৰ ফেভৰিটজনে আনজনক সন্তানৰ ওচৰ চপাই আনিব লাগে৷ অসজা অনুভৱ কৰিবলৈ দিব নালাগে৷ সন্তানক আনজনৰ কথা ভালকৈ ক’ব লাগে যাতে সন্তানেও সুবিধা–সুবিধাবোৰ বুজি পায়৷
মাত্র এই পক্ষপাত যে সাময়িক সেয়া পাহৰিব নালাগে৷ বুজা হৈ অহাৰ লগে লগে এই পক্ষপাত নাইকিয়া হৈ আহে৷ অৱশ্যে এইটোও ঠিক, সন্তানে মাক–দেউতাকক ভিন্ন ধৰণেও ভাল পাব পাৰে৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০