নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ন-পুৰণি সতীৰ্থ সমাৰোহ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : “ভূগোলৰ পৰিধি বিশাল আৰু সকলোতে ইয়াৰ প্ৰয়োজন আছে।” এই মন্তব্য অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ কালিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ ন-পুৰণি সতীৰ্থ সমাৰোহৰ স্মাৰক গ্ৰন্থ “ভূবান্ধৱ” উন্মোচন কৰি মন্ত্ৰী দাসে কয় য অতীজৰে পৰা ভূগোলৰ প্ৰাসংগিকতা আছে আৰু থাকিব৷ পূব-পশ্চিম, উত্তৰ-দক্ষিণ নিৰ্ণয় কৰিবলৈ, সীমা নিৰ্ধাৰণ কৰিবলৈ ভূগোল লাগিবই ৷ কেৱল সেয়াই নহয়, আজিকালি জিঅ’ পলিটিকচ, জিঅ’ ইক’নমিকচ আহিছে ৷ বিশেষকৈ শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো যি জিঅ’ টেগিঙৰ ব্যৱস্থা হৈছে তাৰ বাবে ভূগোল লাগিব ৷ গতিকে ভূগোলৰ প্ৰাসংগিকতা তেতিয়াও আছিল, আজিও আছে আৰু পৃথিৱী থকালৈকে থাকিব বুলি মন্তব্য কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞানৰ ন-পুৰণি সতীৰ্থসকলে ভূগোলক আগুৱাই নিয়াৰ যি প্ৰয়াস কৰিছে, তাৰ বাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জনায়৷ উল্লেখ্য যে পূৰ্বৰ বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সমাৰোহ এইবেলি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা‌‌ হয়৷ কালি আৰু আজি দুদিনীয়াকৈ বিশ্ববিদ্যালয়ৰ চৌহদত বর্ণাঢ্য কার্যক্রমণিকাৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত আজিৰ কাৰ্যসূচীত পুৱাৰ ভাগত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে “চিৰ প্ৰবাহিত সোৱৰণী” শীর্ষক অন্তৰংগ অনুষ্ঠানৰ তৃতীয় আয়োজন কৰা হয়৷ আবেলি ২.৩০ বজাত‌ ড° ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বজালী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক দীনেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে৷ আনহাতে, কালি পুৱা ৮ বজাত সমাৰোহৰ‌ পতাকা উত্তোলন কৰে ন-পুৰণি সতীৰ্থ সমাৰোহ উদযাপন সমিতিৰ সভাপতি শৰৎ চন্দ্ৰ তালুকদাৰে। বন্তি প্রজ্বলন কৰে বজালী মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষ (১৯৫৫)ৰ ছাত্ৰ গিৰীশ চন্দ্ৰ তালুকদাৰে।‌ পুৱা ৮.২৫ বজাত পঞ্জীয়ন শিবিৰ আৰু সম্বৰ্ধনা অনুষ্ঠান মুকলি কৰে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্রকাশ শর্মাই। প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু স্মৃতি তর্পণ কৰে বজালী মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র (১৯৬৯) দিবাকৰ নাথে‌ ৷ বজালী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্রয়াত শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্রীৰ স্মৃতিত স্মৃতি তৰ্পণ মুকলি কৰে ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড° ভূপেন্দ্র তালুকদাৰ আৰু বজালী মহাবিদ্যালয়ৰ প্ৰথম বর্ষ (১৯৫৫)ৰ ছাত্র প্রাণবন্ধু খাটনিয়াৰে। বৃক্ষৰোপণ কৰে ক্ৰমে ড° কুলদা দেৱী, ড° সুৰজিৎ বৰ্মন, গিতেশ চন্দ্র কলিতা,‌ বৈকুণ্ঠ কলিতা, লাৱণ্য কুমাৰ দাস, ড° পলী ভকলিন, ড° দীপক বৰুৱা, ড° প্রসেনজিৎ দাস, ড° ভাৰতী গগৈ আৰু লনখাম বৰুৱাই । পুৱা ৯.৩০ বজাত শৰৎ চন্দ্ৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত ন-পুৰণি সতীর্থ সমাৰোহ উদ্বোধন কৰে বজালী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক দীনেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে। পুৱা ৯.৪৫ বজাত ‘চিৰ প্ৰৱাহিত সোঁৱৰণী’ শীর্ষক অন্তৰংগ অনুষ্ঠান‌ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড৹ অৱনী কুমাৰ ভাগৱতীয়ে ৷ সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন কাৰ্যসূচী মুকলি কৰে ড° জ্যোতিষ্ময় বৰা আৰু বীণা তালুকদাৰ পাটগিৰিয়ে। ছয় শতাধিক ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অতীতৰ স্মৃতি ৰোমন্থনেৰে উৎফুল্লিত হৈ পৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like