পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেং-ভেলাপাৰাৰ বান পৰিস্থিতিৰ বুজ ললে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন
নিয়মীয়া বাৰ্তা, ১৮ মেʼ পশ্চিম কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি আজি চতুৰ্থ দিনাও অপৰিবৰ্তিত হৈ আছে । কপিলী নদীৰ বাঢ়নী পানীয়ে জিলাখনৰ বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ ভেলাপাৰা, আংপং গাঁও, গাৰʼ গাঁও, সাতগাঁও, ধাৰণাটি, হাতীমুৰা, হাল্দীক্ৰং,গৰৈমাৰী, নামতৰাডুবি বালিকুছি, বিথুং আদি অঞ্চলৰ পাচঁ শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । শনিবাৰে নিশা হৰ্থাৎ অহা কপিলী নদীৰ বাঢ়নী পানীয়ে নিমিষতে অঞ্চলসমূহ বুৰাই পেলোৱাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে ঘৰৰ কোনো সামগ্ৰী উলিয়াবলৈ সক্ষম নহ’ল। নিজৰ প্ৰাণ বচাই কোনোমতে বানাক্ৰান্ত লোকসকলে বৈঠালাংছʼ-সংযোগী পথৰ লগতে আন আন ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে। ইফালে বানত সৰ্বস্ব হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা ভূক্তভোগী পৰিয়ালে এসাঁজ খায় এসাঁজ লঘোণে থাকি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে । ইফালে বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আজি বিয়লি সমষ্টিটোত উপস্থিত হয় অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মʼমিন । উপাধ্যক্ষ গৰাকীয়ে প্ৰথমে খেৰণি অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ পৰিস্থিতি বুজ লয় । ইতিমধ্যে উক্ত অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে বান সাহায্য প্ৰদান কৰাৰ লগতে যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। ইয়াৰ পিছত উপাধ্যক্ষ গৰাকীয়ে বিথুঙৰ গাৰো গাঁৱত উপস্থিত হয় । উল্লেখযোগ্য যে, উক্ত অঞ্চললৈ যোৱা পথটোৰ একাংশ পানীত ফুল যোৱাত সেই পথেৰে মান বাহনৰ চলাচল ব্যাহত হৈ পৰে । কিন্তু উপাধ্যক্ষ গৰাকীয়ে উক্ত পথেৰেই বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল সমূহ পৰিদৰ্শনৰ বাবে যায় । তেওঁ পোনতে গাৰো গাঁৱৰ বানত বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে আশ্ৰয় লৈ থকা শিবিৰ পৰিদৰ্শন কৰি তেওঁলোকৰ অভাৱ অভিযোগ সন্দৰ্ভত বুজ লয় । উল্লেখযোগ্য যে, কপিলী নদীৰ কাষৰীয়া উক্ত অঞ্চলৰ মথাউৰি নিৰ্মাণ কৰাৰ লগতে বান পৰিস্থিতি ৰোধ কৰিবলৈ জলসম্পদ বিভাগে ইতিমধ্যে ব্যৱস্থা লোৱা বুলি জানিব দিয়ে । উপাধ্যক্ষ গৰাকীয়ে বন্যাৰ্তসকলক নিজ হাতেৰে বান সাহায্য প্ৰদান কৰে । উপাধ্যক্ষ ডা নোমল মʼমিনৰ সৈতে উক্ত কাৰ্যসূচীত সংগ দিয়ে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱা, হামৰেণ আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলী, বৈঠালাংছʼ আৰক্ষী থানাৰ অচি বিকি পেগুৱে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ