নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলা মহাবিদ্যালয়ত ভাৰতীয় সেনাৰ প্ৰেৰণামূলক প্ৰশিক্ষণ এন চি চি গোটৰ ছাত্র ছাত্ৰীক

নিয়মীয়া বাৰ্তা, ১৮ মে: ওদালগুৰি জিলাৰ অন্যতম টংলা শৈক্ষিক নগৰীৰ টংলা মহাবিদ্যালয়ত আজি দিনৰ ১২ বজাত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তবর্তী হাতীগড়স্থিত ভাৰতীয় সেনা চাউনিৰ দ্বাৰা টংলা মহাবিদ্যালয় এন চি চি গোটৰ কেডেট সকলক প্ৰেৰণা মূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। ভাৰতীয় সেনাৰ বিভিন্ন পদত কেনেকৈ নিজৰ যোগ্যতাৰে ভৰ্তি হৈ দেশ সেৱা কৰিব সক্ষম হয় সেই সম্পৰ্কে ভাৰতীয় সেনাৰ মেজৰ চন্দ্ৰদ্বীপে এন চি চিৰ কেডেট সকলক বিস্তৃত ব্যাখ্যা আগবঢ়াই। মেজৰ চন্দ্ৰদ্বীপে প্ৰজেক্টৰৰ জৰিয়তে পিপিটিত সম্পূৰ্ণ তথ্যভিত্তিত কেডেট প্ৰশিক্ষাৰ্থী সকলক প্ৰশাসনিক দিশৰ ওপৰত বিস্তৃত ভাবে ব্যাখ্যা কৰি কেনেকৈ প্ৰশাসনিক দিশত আগবাঢ়িব বা ভৰ্তি হব আৰু তাৰ বাবে অধ্যয়ন কৰি নিজকে কেনেকৈ এজন সুস্থ সবল নাগৰিক হিচাবে গঢ় দি দেশ সেৱা কেনেকৈ কৰিব কৰিব পাৰি লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ উৰ্ত্তীন্ন হব পাৰি সেই সকলোবোৰ দিশৰ ওপৰত আলোচনাত আলোকপাত কৰা হয়। আনহাতে মেজৰ চন্দ্ৰদ্বীপে উল্লেখ কৰি কয় যে, ভাৰতীয় সেনাই দেশৰ ৬ বছৰ বয়সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক সৈনিক স্কুলৰ নামভৰ্তিৰ পৰা এন ডি এ, চি ডি এছ আদি বিভিন্ন পৰ্যায়ত আগ্ৰহী শিক্ষাৰ্থী সকলক প্ৰেৰণা মূলক পাঠ্যক্ৰম দিয়াৰ লগতে প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱস্থা কৰিছে যাতে ভাৰতীয় সেনাৰ লগতে বায়ু সেনা বাহিনীৰ উপৰিও নৌ সেনাত যোগদান কৰি নিজৰ নিজৰ কেৰিয়াৰ গঢ়ি দেশ সেৱা কৰিবলৈ যাতে নতুন প্ৰজন্ম আগ্ৰহী হয় তাৰ প্ৰতি এনেধৰণৰ কাৰ্যসূচী সমূহে শিক্ষাৰ্থীৰ চিন্তাৰ অভাৱ দূৰ কৰে। উল্লেখযোগ্য যে হাতীগড়স্থিত ভাৰতীয় সেনাৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে জনগণৰ হিতাৰ্থে বহুতো সজাগতা মূলক আৰু প্ৰেৰণা মূলক অনুষ্ঠান, প্ৰশিক্ষণ লগতে সহায় সহযোগ কৰি অহা হৈছে বুলি ভাৰতীয় সৈনিক ভি কে মিশ্ৰই জানিবলৈ দিয়ে। উক্ত অনুষ্ঠান খনত টংলা মহাবিদ্যালয় এন চি চি গোটৰ এন অ’ ৰূপণ বড়ো উপস্থিত থাকে।
প্ৰেৰক ভুবন থপলীয়া

You might also like