নিয়মীয়া বাৰ্তা, ১৪ জুন : দেৰগাঁৱৰ মাজেৰে নিৰ্মান কৰা চাৰিলেনযুক্ত পথ নিৰ্মাণ কাৰী সংস্থাই নিৰ্মাণ কাৰ্যত বিভিন্ন অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠি আহিছে। শেহতীয়াকৈ, নিৰ্মীয়মান পথৰ কাষৰ মানুহ অহা যোৱা কৰা পদপথতে এটা বিদ্যুৎ ট্ৰেঞ্চফৰ্মাৰ স্থাপন কৰাকলৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি নিম্নমানেৰে পাতলকৈ নিৰ্মাণ কৰা নলা নৰ্দমাৰ ওপৰৰ ছাদৰ ওপৰত ধালাই দি সম্পূৰ্ণ উন্মুক্ত অৱস্থাৰে চকিয়ালগাঁও পথ সমীপত স্থাপন কৰা এই ট্ৰেঞ্চফৰ্মাৰয়ে যিকোনো মূহুৰ্তত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা প্ৰবল বুলি ৰাইজে জানিবলৈ দিছে।বিদ্যু বিভাগ আৰু ফ’ৰলেন কৰ্তৃপক্ষৰ এনে অবিবেচক কাণ্ড সম্পৰ্কত নাগৰিক সন্থাই ইতিমধ্যে প্ৰশাসনক অবগত কৰিছে যদিও প্ৰশাসনে গা লৰোৱা নাই।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী