নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ যোৱানিশা অহা এজাৰ প্ৰলয়ংকাৰী ধুমুহাই দক্ষিন যোৰহাট অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। নিশা প্ৰায় দুই বজাৰ পৰা আৰম্ভ হোৱা ধুমুহাজাকৰ প্ৰভাৱ কাটনীপাৰ, চৈকটা বাগিছাৰ ৩ নংলাইন, গজপুৰীয়া, কুকুৰাপহীয়া, ৰঙাজান গাঁও, হাতিচুঙী কমাৰ আদি অঞ্চলত আছিল সৰ্বাধিক। লোজনীয়া গাঁৱৰ ক্ৰমে অভিজিত শইকীয়া, পুষ্প শইকীয়া, লিলাকান্ত গগৈ, অচ্যুত শইকীয়া, কাটনীপাৰ অঞ্চলৰ ক্ৰমে পুলিন গগৈ, ললিত গগৈ, নবীন গগৈ, হৰেণ গগৈ, গজপুৰীয়া গাঁৱৰ জিৱেশ্বৰ হাজৰিকা, মনজিত হাজৰিকা, ৰমেন হাজৰিকা, ৰঙাজান গাঁৱৰ দ্ৰুপদ গগৈ, কুকুৰাপহীয়া ঔগুৰি গাঁৱৰ নগেন গগৈ, কুমুদ গগৈ, ইন্দ্ৰ গগৈৰ বাসগৃহৰ লগতে ভঁৰালঘৰ, গোহালীঘৰ, ইত্যাদি ধুমুহাই তচনচ কৰি পেলায়। হথাত অহা ধুমুহাজাকৰ প্ৰকোপ ইমানেই তীব্ৰ আছিল যে অঞ্চলকেইটাৰ বহুতো বৃহত বৃহত গছ উভালি পৰে। বাসগৃহৰ ওপৰত গছ বাগৰি পৰা কেবাটাও পৰিয়ালৰ সদস্য কোনোমতে দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বুলি ভুক্তভূগীসকলে জানিবলৈ দিছে।
প্ৰেৰক নবজ্যোতি তামুলী