নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰংপুৰ কলাকৃষ্টি কেন্দ্ৰই আজি বিশিষ্ট সাংস্কৃতিক কৰ্মী দেৱযানী শইকীয়া গগৈক “নৃত্যাশ্ৰী” সন্মান প্ৰদান কৰে । উল্লেখ্য যে নামতি চাৰিআলি মৰিনামদাং প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ৰংপুৰ কলাকৃষ্টি কেন্দ্ৰৰ চতুৰ্থ বৰ্ষপূতি অনুষ্ঠানটো অনুষ্ঠিত হয় । দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সন্মান লাভ কৰা দেৱযানী শইকীয়া গগৈ এগৰাকী সাংস্কৃতিক কৰ্মীৰ সমান্তৰালভাৱে সু-লেখিকা, উদ্যমী মহিলা, নৃত্য পটীয়সী, সাহিত্য সেৱী। মহিলাগৰাকীয়ে ল’ৰালিৰ পৰাই নৃত্যৰ চৰ্চা কৰাৰ পৰাই পিতৃ দুৰ্লভ শইকীয়াই ৰচনা আৰু খুৰাক কৃষ্ণ শইকীয়াই সংগীত পৰিচালনা কৰা সংগীতালক্ষ্য নৃত্য পৰিচালক হিচাপে ভূয়সী প্ৰশংসা লাভ কৰিছিল। জানিব পৰা মতে, গুৰু থানেশ্বৰ হাজৰিকাৰ ওচৰত সত্ৰীয়া নৃত্যৰ আদিপাঠ গ্ৰহণ কৰা গগৈয়ে বৰ্তমান আউনীআটীয় বিশ্ববিদ্যালয়ত সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ অধ্যয়নৰত । অসমৰ লোকনৃত্য আৰু সত্ৰীয়া নৃত্য প্ৰচাৰ, প্ৰসাৰত অগ্ৰণী ভূমিকা লোৱা অমায়িক স্বভাৱৰ মহিলা দেৱযানী শইকীয়া গগৈয়ে এই সন্মান লাভ কৰাৰ পাছতে এতিয়া বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে ।
প্ৰেৰক ৰাতুল শৰ্মা