নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱদামোদৰ দেৱ-ভট্টদেৱ ৰজাঘৰ-প্ৰজাঘৰৰ দ্বাৰা অৱহেলিত হৈ থকাটো দুর্ভাগ্যজনক- দেৱদামোদৰ সংঘ

নিয়মীয়া বাৰ্তা, ১৪ মার্চঃ মধ্যযুগৰ অসমত যিসকল মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছিল, সেইসকলৰ ভিতৰত অন্যতম আছিল মহাপুৰুষ দেৱদামোদৰ দেৱ আৰু মহাপুৰুষ ভট্টদেৱ। অবিভক্ত বৰপেটা জিলাৰ পৱিত্র ভূমি দেৱদামোদৰ দেৱৰ সৃষ্টিভূমি হোৱাৰ লগতে মহাপুৰুষ ভট্টদেৱ আছিল বজালীৰ সন্তান। মহাপ্রভু দেৱদামোদৰ দেৱ বৈষ্ণৱৰ সাধনা পীঠ ‘সত্ৰৰ জনক হোৱাৰ লগতে প্রিয় শিষ্য ভট্টদেৱ আছিল সেই সত্ৰৰ সংজ্ঞা দাতা। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে দুয়োগৰাকী মহাপুৰুষকে দশক দশক জুৰি অসমৰ ৰজাঘৰ আৰু প্ৰজাঘৰ দুয়ো পক্ষই অৱহেলা কৰি থাকিল। আনকি বিভিন্ন বিভেদকামী শক্তিয়ে দুয়োজনা মহাপুৰুষৰ অৱদান আৰু সৃষ্টিৰাজিক নস্যাৎ কৰিবলৈ উঠি-পৰি লগা যেন অনুভৱ হ’ল৷ আজি মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱৰ ৫৩৪ সংখ্যক জন্মজয়ন্তী উপলক্ষে পাঠশালাত এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ বজালী জিলা সমিতিয়ে৷ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত সংঘৰ বজালী জিলা সংঘাধিকাৰ প্ৰণিতা কাকতি আৰু জিলা সংঘাধিকর্তা কিশোৰ কুমাৰ গোস্বামীয়ে কয় যে হাজোৰ মণিকূটত পশ্চিমৰ পৰা অহা নাৰদমুনি বা বাসুদেৱ সন্ন্যাসীৰ পৰা তত্বজ্ঞান লাভ কৰি জীৱ উদ্ধাৰৰ বাবে বৈদিক সনাতনী ভাগৱতী বৈষ্ণৱ পন্থা বা একাগ্রভক্তিবাদৰ বৈদিক দর্শন প্রতিষ্ঠা কৰা গুৰু দেৱদামোদৰ দেৱৰ দৰ্শন আজিকোপতি গৱেষণা আৰু বৌদ্ধিক চৰ্চাৰ পৰা বিৰত হৈ থকাটোও জাতীয় জীৱনৰ বাবে দুর্ভাগ্যজনক আৰু ক্ষতিকাৰক বিষয় বুলি ক্ষোভ প্ৰকাশ কৰ দুয়োজনা মহাপুৰুষৰ সৃষ্টিৰাজি আৰু দৰ্শনক সমাজৰ প্ৰতিটো প্ৰজন্মৰ মাজত চিনাকী কৰাই দিয়াৰ স্বাৰ্থত চৰকাৰৰ ওচৰত বজালী জিলা সমিতিয়ে দাবী জনাইছে। অতি দুখ আৰু পৰিতাপৰ বিষয় যে মহাপ্রভু দেৱদামোদৰ দেৱৰ প্ৰপন্ন শিষ্য, অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জন্মস্থান বজালী জিলাৰ নিত্যানন্দৰ সমীপৰ বিচানকুছিৰ দৌলৰঘাটত আজি মহাপুৰুষ জনাৰ কোনো চিন-মোকাম নোহেৱাৰ লগতে বজালীৰ হেলনাত প্ৰায় ১৬ শতিকাতে স্থাপন হোৱা সঠিয়া সত্ৰৰো আজি অস্তিত্ব নোহোৱা হৈ পৰিছে৷ উল্লেখযোগ্য যে প্ৰায় ৮৩ বিঘা ভূমিৰে আবৃত্ত সঠিয়া সত্ৰৰ ভূমি কালদিয়া নৈৰ গৰাখহনীয়াৰ কবলত পৰি সম্প্ৰতি বিপদাপন্ন হৈ পৰা বুলি ক্ষোভ প্ৰকাশ কৰি সত্ৰখনৰ ৯৩ বছৰীয়া অশীতিপৰ সত্ৰাধিকাৰ নাৰায়ণ দেৱ গোস্বামীয়ে সত্ৰখন উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনায়৷ বজালী জিলাৰ অন্তৰ্গত যিকোনো এটি মুখ্যপথ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ পথ হিচাপে নামাকৰণ কৰাৰ লগতে বজালী জিলা পুথিভঁৰাল নিৰ্মান কৰি উক্ত পুথিভঁৰালটি “গদ্য সাহিত্যৰ জনক মহাপুৰুষ ভট্টদেৱ পুথিভঁৰাল” হিচাপে নামকৰণৰ বাবেও বজালী জিলা সমিতিয়ে আজিৰ অনুষ্ঠানযোগে দাবী উত্থাপন কৰে৷ সংঘৰ বিষয়ববীয়া মামনি শৰ্মাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থকা অনুষ্ঠানত বজালীৰ সাংবাদিকসকলক মহাপ্রভুৰ অন্যতম প্রিয় শিষ্য, কবিৰত্ন, ঘোষাৰত্নৰ শ্ৰষ্টা গোপালমিশ্ৰৰ নামৰে বৰণ কৰি সম্বৰ্ধনা পত্ৰ, গ্ৰন্থ আদি প্ৰদান কৰে৷ অনুষ্ঠানত বজালীৰ কেইবাগৰাকীও সাংবাদিকে ভাষণ প্ৰদান কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like