বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভৱানীপুৰত উন্নয়নৰ জয়যাত্ৰা আৰম্ভ হৈছেঃ বিধায়ক ফণীধৰ তালুকদাৰ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান ভৱানীপুৰত উন্নয়নৰ জয়যাত্ৰা আৰম্ভ হৈছে। উন্নয়নৰ জৰিয়তে ভৱানীপুৰত অসম আন্দোলনৰ প্ৰথম শ্বহীদগৰাকীক আমি সন্মান দিবলৈ ওলাইছো। উন্নয়ন স্থবিৰ সমষ্টিটোত বহুদশক পিছত ত্বৰান্বিত হৈছে এতিয়া উন্নয়ণৰ গতি। -এই মন্তব্য ভৱানীপুৰৰ বিজেপি বিধায়ক ফণীধৰ তালুকদাৰৰ। আজি ধাৰাসাৰ বৰষুণৰ মাজতে শ্বহীদগৰাকীৰ ওপজা গাঁও উজান বৰবড়ীৰ ‘টুৰিষ্ট হাইৱে’ৰ কাষতে অৱস্থিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰী অনুদানেৰে নিৰ্মিত এটি পুথিভঁৰাল কক্ষৰ ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰাৰ পিছতেই সাংবাদিকৰ আগত দিয়া মন্তব্যত বিধায়কগৰাকীয়ে ভৱানীপুৰ সমষ্টি আটকধুনীয়া কৰি তোলাৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে সদৰী কৰে। উল্লেখ্য যে ২০১৭ চনতে উজান বৰবড়ী গাঁৱত অনুষ্ঠিত বিজেপি যুৱ মৰ্চাৰ কেন্দ্ৰীয় অনুষ্ঠানত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা সময়তে তেতিয়াৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ মন্ত্ৰীপৰিষদৰ কেইবাগৰাকীও সদস্য আৰু দহ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভালেসংখ্যক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।বিধায়ক গৰাকীয়ে ভৱানীপুৰত অতি শীঘ্ৰেই ১২ কৌটি টকা ব্যয় সাপেক্ষ এটা ষ্টেডিয়াম নিৰ্মাণৰো কাম চলি থকাৰ বিষয়ে সদৰি কৰে। অনতিপলমেই উক্ত ষ্টেডিয়ামৰো শুভ উদ্বোধন কৰা হ’ব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।বিধায়ক গৰাকীয়ে কয়- ইতিমধ্যে সৰুপেটাত ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। দুখনকৈ শিক্ষানুষ্ঠানত বিজ্ঞান শাখা খোলা হৈছে। সৰুপেটালৈ উন্নয়ন খণ্ডৰ কাৰ্যালয় স্থানান্তৰ কৰা হৈছে।আনহাতে সমষ্টিটোত শীঘ্ৰেই এটা ‘লেমন প্ৰজেক্ট’ৰ কামৰো শুভাৰম্ভ কৰা হ’ব বুলিও তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখ্য যে সমষ্টিটোৰ গাঁতি অঞ্চলত সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে প্ৰচুৰ নেমুটেঙা উৎপাদনস্থলী হিচাপে এক সুখ্যাতি আছে।তদুপৰি সমষ্টিটোত ভালেমান বৃহৎ প্ৰকল্প স্থাপনৰ তেওঁলোকৰ পৰিকল্পনা থকাৰ বিষয়েও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে।বিধায়ক গৰাকীয়ে বিদ্যালয় চৌহদত স্থাপিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধি স্থানত নিৰ্মিত শ্বহীদ গৰাকীৰ আবক্ষ মূৰ্তিটো আৰু অধিক উন্নত তথা মজবুতকৈ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ছাত্ৰ সন্থাৰ সৈতে কথা পাতি ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিধায়ক অনুষ্ঠানত উপস্থিত শ্বহীদ গৰাকীৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে সাংবাদিকক জানিবলৈ দিয়ে।আনহাতে সমষ্টিটোৰ উন্নয়ণৰ হকে বিধায়ক গৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে শ্বহীদগৰাকীৰ ভাতৃ তথা সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে।অবহেলিত সমষ্টিটোৰ উন্নয়ণ তেওঁৰে সৈতে সমষ্টিবাসী ৰাইজৰ বহুদিনীয়া দাবী আছিল বুলি তেওঁ মন্তব্য কৰে।অবশ্যে অবহেলিত সমষ্টিটোৰ বাবে যথেষ্টখিনি আৰু কৰিবলগীয়া আছে বুলিও তেওঁ মন্তব্য কৰে।শ্বহীদ ভাতৃ গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক ফণীধৰ তালুকদাৰে তেওঁলোকে লোৱা প্ৰশংসনীয় উদ্যোগৰ বাবে ধন্যবাদ জনায়।বিধায়ক গৰাকীয়ে বিদ্যালয় চৌহদত স্থাপিত নৱনিৰ্মিত পুথিভঁৰালৰ শুভ উদ্বোধন কৰাৰ পিছতেই বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ কলিতাই নবনিৰ্মিত শ্ৰেণীকক্ষৰ ফিতা কাটি শুভ উদ্বোধন কৰে।উল্লেখ্য, আজিৰ অনুষ্ঠানত শুভ উদ্বোধন কৰা পুঁথিভৰাল আৰু শ্ৰেণীকক্ষ দুয়োটাই শ্বহীদগৰাকীৰ সোঁৱৰণত চৰকাৰী ৫০ লাখ টকাৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।উল্লেখ্য যে অঞ্চলটোত ধাৰাসাৰ বৰষুণ দি থকাত আজি শ্বহীদৰ সমাধিস্থানত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ আদি কাৰ্যসূচী বাতিল কৰা হয়।আজিৰ এই অনুষ্ঠানত দলীয় কেইবাগৰাকীও সদস্য তথা বিষয়ববীয়াই বিধায়ক গৰাকীক সঙ্গ দিয়াৰ লগতে স্থানীয় একাংশ ৰাইজো অনুষ্ঠানত উপস্থিত থকা পৰিলক্ষিত হয়।
প্ৰেৰক ভূষণ তালুকদাৰ