নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন বিকশিত ভাৰতৰ বাবে উত্তৰ–পূবৰ উন্নয়ন অতি জৰুৰী : মোদী

🔹যোৰহাটৰ মেলেং মেটেলিত ১৭,৬০৬ কোটি টকা ব্যয়সাপেক্ষ ৭টা বৃহৎ প্রকল্প উদ্বোধন

বিশেষ বার্তা, ৯ মার্চ : ‘এখন বিকশিত ভাৰতৰ বাবে উত্তৰ–পূবৰ উন্নয়ন অতি জৰুৰী’৷– এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ দুদিনীয়া কার্যসূচীৰে অসম ভ্রমণলৈ অহা প্রধানমন্ত্রী মোদীয়ে আজি ভ্রমণৰ দ্বিতীয় দিনটোত যোৰহাটৰ মেলেং মেটেলিত আয়োজিত এক বিশাল ৰাজহুৱা অনুষ্ঠানত ১৭,৬০৬ কোটি টকা ব্যয়সাপেক্ষ ৭টা বৃহৎ প্রকল্প উদ্বোধন অথবা লোকার্পণ কৰাৰ লগতে ৫টা বৃহৎ প্রকল্পৰ শিলান্যাস কৰে৷ প্রধানমন্ত্রী মোদীয়ে ৮,৫০০ কোটি টকা ব্যয়সাপেক্ষে প্রধানমন্ত্রী আৱাস যোজনা–গ্রামীণৰ অধীনত নির্মিত ৫,৫৫,৫৫৫টা আৱাসত গৃহ প্রৱেশ, ৬২০ কোটি টকা ব্যয়সাপেক্ষে অসম আন্তঃগাঁথনি বিত্তীয় প্রাধিকৰণৰ অধীনত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, চাৰি হাজাৰ কোটি টকা ব্যয়সাপেক্ষে প্রধানমন্ত্রী উর্জা গংগাৰ অংশ হিচাপে বাৰাউনী–গুৱাহাটী প্রাকৃতিক গেছ পাইপ লাইন, ৬০০ কোটি টকা ব্যয়সাপেক্ষে নাহৰকটীয়া–বাৰাউনী খাৰুৱা তেলৰ পাইপ লাইনৰ বাৰাউনী–বঙাইগাঁও–গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা বর্ধিতকৰণ, ৫০ কোটি টকা ব্যয়সাপেক্ষে দুলীয়াজানৰ ১নং পাম্প ষ্টেচনৰ পৰা ডিগবৈ শোধনাগাৰলৈ খাৰুৱা তেলৰ স্পাৰ লাইনৰ প্রতিষ্ঠাপন, ৮১০ কোটি টকা ব্যয়সাপেক্ষে নিউ বঙাইগাঁও–গোৱালপাৰা ৰে’লপথ প্রকল্প আৰু ধূপধৰা–ছয়গাঁও শাখাৰ ৩৪ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথৰ দ্বৈতকৰণ প্রকল্প, ৫২০ কোটি টকা ব্যয়সাপেক্ষে নিউ বঙাইগাঁও–ৰঙিয়া–আগিয়াঠুৰীৰ দ্বৈতকৰণ প্রকল্প, নিউ বঙাইগাঁও–সৰভোগ শাখাৰ ৩৬ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথৰ দ্বৈতকৰণ প্রকল্পৰ শুভ উদ্বোধন কৰে৷ এই প্রকল্পসমূহৰ মুঠ ব্যয় হৈছে ১৫,১০০ কোটি টকা৷ সেইদৰে আজিৰ এই অনুষ্ঠানতে ৫০০ কোটি টকা ব্যয়সাপেক্ষে পিএম ডিভাইন অর্থাৎ উত্তৰ–পূর্বাঞ্চলৰ বাবে প্রধানমন্ত্রীৰ উন্নয়নমূলক পদক্ষেপ আঁচনিৰ অধীনত শিৱসাগৰ জিলাৰ ডিমৌত ১০০খন আসনযুক্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ৩০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটীৰ ড০ বি বৰুৱা কর্কট চিকিৎসালয়ত ৰক্তজনিত কর্কট ৰোগ আৰু শিশুৰ কর্কট ৰোগৰ চিকিৎসা কেন্দ্র, ৮০০ কোটি টকা ব্যয়সাপেক্ষে ডিগবৈ শোধনাগাৰৰ বার্ষিক ক্ষমতা ০.৬৫ৰ পৰা ১ নিযুত মেট্রিকটনলৈ বৃদ্ধি, ৫০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী শোধনাগাৰৰ বার্ষিক ক্ষমতা ১.০ৰ পৰা ১.২ নিযুত মেট্রিকটনলৈ বৃদ্ধি আৰু ৩০০ কোটি টকা ব্যয়সাপেক্ষে ভাৰতীয় তেল নিগমৰ বেতকুছি (গুৱাহাটী) টার্মিনেলৰ সুবিধাসমূহৰ উন্নীতকৰণ আৰু সম্প্রসাৰণ প্রকল্পৰ শিলান্যাস কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে এখন বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি প্রয়োজনীয়৷ তেওঁ সমগ্র উত্তৰ-পূবক নিজৰ পৰিয়াল বুলি গণ্য কৰে৷ সেইবাবেই বছৰ বছৰ ধৰি পৰি থকা প্রকল্পসমূহৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ শৰাইঘাটৰ দলং, ঢলা–শদিয়া দলং, বগীবিল দলং, বৰাক উপত্যকালৈকে ৰে’লপথৰ ব্রডগজ সম্প্রসাৰণ, মাল্টি মডেল ল’জিষ্টিক পার্ক, ব্রহ্মপুত্র নদীৰ ওপৰত দুখন নতুন দলং নির্মাণৰ কাম কৰা হৈছে৷ ২০১৪ চনত অসমত এটা জলপথৰ বিপৰীতে এতিয়া উত্তৰ পূবত ১৮টা জলপথৰ প্রকল্প কৰা হৈছে৷ এই প্রকল্পসমূহে অঞ্চলটোত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ যোৱা কেবিনেট বৈঠকত বিস্তাৰিত পৰিষদৰ সৈতে নতুন ৰূপত অনুমোদন জনোৱা উন্নতি আঁচনিৰ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কেবিনেটে মৰাপাটৰ বাবে এমএছপিঅ’ বৃদ্ধি কৰিছে৷ যাৰ ফলত ৰাজ্যৰ মৰাপাট খেতিয়কসকল উপকৃত হ’ব৷ প্রধানমন্ত্রী মোদীয়ে ৰাইজৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞতা প্রকাশ কৰি কয় যে প্রতিজন ভাৰতীয়ই তেওঁৰ পৰিয়াল৷ ভাৰতৰ ১৪০ কোটি নাগৰিকক তেওঁৰ পৰিয়াল বুলি বিশ্বাস কৰাৰ বাবেই নহয়, দিনে–নিশাই তেওঁলোকক সেৱা আগবঢ়াই থকাৰ বাবেই মোদীৰ ওপৰত জনতাৰ মৰমৰ সূচনা হয়৷ আজিৰ এই অনুষ্ঠানটোৱে এই বিশ্বাসক প্রতিনিধিত্ব কৰাৰ উল্লেখ কৰি মোদীয়ে ভাষণত কয় যে আজি সভাস্থলীত বিপুল জনসমাগমৰ লগতে ৰাজ্যখনৰ ২০০টা ভিন্ন স্থানৰ পৰা আজি দুই লাখ লোকে এই সভাত যোগদান কৰিছে৷ তেওঁৰ আগমনৰ সময়ত গোলাঘাটৰ জনসাধাৰণে হাজাৰ হাজাৰ বন্তি জ্বলোৱাৰ দৃশ্য প্রত্যক্ষ কৰাৰ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে জনসাধাৰণৰ মৰম আৰু আদৰেই তেওঁৰ বৃহৎ সম্পদ হিচাপে গঢ় লৈ উঠে৷ ‘বিকাশ ভি ঔৰ বিৰাসত ভি’ বিকাশৰ লগতে ঐতিহ্যও আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্র হৈ অহাৰ উল্লেখ কৰি ভাষণত মোদীয়ে কয় যে আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তিখণ্ডত অসমে দ্রুত অগ্রগতি লাভ কৰিছে৷ এইমছ, তিনিচুকীয়াৰ দৰে স্বাস্থ্য আন্তঃগাঁথনি, যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু কর্কট চিকিৎসালয়ে অসমক সমগ্র উত্তৰ পূর্বাঞ্চলৰ চিকিৎসা কেন্দ্র হিচাপে গঢ়ি তুলিব৷ সেইদৰে পি এম উর্জা গংগা যোজনাৰ অধীনত বাৰাউনী–গুৱাহাটী পাইপ লাইন ৰাষ্ট্রক সমর্পণ কৰাৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে গেছ পাইপ লাইনে উত্তৰ-পূব গ্রীডক ৰাষ্ট্রীয় গ্রীডৰ সৈতে সংযোগ কৰি ৩০ লাখ ঘৰ আৰু ৬০০ৰো অধিক চি এন জি ষ্টেচনত গেছ যোগান ধৰাত সহায় কৰিব৷ যাৰ ফলত বিহাৰ, পশ্চিমবংগ আৰু অসমৰ ৩০খনতকৈও অধিক জিলাৰ লোক উপকৃত হ’ব৷

ডিগবৈ শোধনাগাৰ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্রসাৰণৰ শুভাৰম্ভণি সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয় যে অসমত শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে জনসাধাৰণৰ দীর্ঘদিনীয়া দাবী পূর্বৰ চৰকাৰসমূহে অৱহেলা কৰিছিল৷ বর্তমানৰ চৰকাৰৰ প্রচেষ্টাত অসমৰ শোধনাগাৰৰ মুঠ ক্ষমতা এতিয়া দুগুণ হোৱাৰ বিপৰীতে নুমলীগড় শোধনাগাৰৰ ক্ষমতা তিনিগুণ বৃদ্ধি পাব৷ যিকোনো অঞ্চলৰ উন্নয়ন দ্রুতগতিত হয়, যেতিয়া উন্নয়নৰ উদ্দেশ্য শক্তিশালী হয়৷ ভাষণত মোদীয়ে আৰু কয় যে আজি মুকলি কৰা ৫,৫৫,৫৫৫টা পি এম আৱাসগৃহ কেৱল ঘৰ নহয়, শৌচাগাৰ-গেছ সংযোগ নহয়, বিদ্যুৎ আৰু পাইপৰ পানী সংযোগ আদি সুবিধাৰেও সজ্জিত কৰা হৈছে৷ এতিয়ালৈকে ১৮লাখ পৰিয়ালক এনে ঘৰৰ ব্যৱস্থা কৰা হৈছে আৰু এই ঘৰবোৰৰ বেছিভাগেই মহিলাৰ নামত থকাত তেওঁ সুখ প্রকাশ কৰে৷ অসমৰ প্রতিগৰাকী মহিলাৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ সঞ্চয়ৰ উন্নতিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে আন্তর্জাতিক নাৰী দিৱসত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্রাস কৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে৷ আয়ুস্মান কার্ডৰ দৰে আঁচনিসমূহেও মহিলাসকলক উপকৃত কৰিছে৷ জলজীৱন অভিযানৰ অধীনত অসমত ৫০ লাখৰো অধিক পৰিয়ালে পাইপৰ পানীৰ সংযোগা লাভ কৰিছে৷ ভাষণত তেওঁ তিনি লাখ লাখপতি দিদি সৃষ্টিৰ প্রতিশ্রুতিৰ বিষয়েও দোহাৰে৷ ২০১৪ চনৰ পিছত অসমত যি ঐতিহাসিক পৰিৱর্তন ঘটে, তাৰ ওপৰত আলোকপাত কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এতিয়ালৈকে ২.৫ লাখতকৈ অধিক ভূমিহীন থলুৱা লোকক ভূমিৰ অধিকাৰ প্রদান কৰাৰ লগতে ৮ লাখ চাহ বাগিচাৰ শ্রমিকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰি চৰকাৰী সুবিধাসমূহ পোনপটীয়াকৈ তেওঁলোকৰ বেং একাউণ্টলৈ পঠিওৱা হয়৷ ইয়াৰ ফলত মধ্যভোগীৰ বাবে সকলো দুৱাৰ বন্ধ হৈ পৰিছে৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বন্দৰ-জাহাজ-জলপথ আৰু আয়ূস দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, প্রাকৃতিক গেছ আৰু পেট্র’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, কৃষি আৰু পশুপালন বিভাগৰ মন্ত্রী অতুল বৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, হস্ততাঁত আৰু বস্ত্র-শিল্প বিভাগৰ মন্ত্রী ঊর্খাও গৌৰা ব্রহ্ম উপস্থিত থাকে৷

You might also like