নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশুপালন-দুগ্ধ খণ্ডৰ উন্নয়নেৰে অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্তৰ সূচনা

✅দুগ্ধ-পশুপালন বিভাগৰ আঁচনিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° সঞ্জীৱ কুমাৰ বালিয়ানৰ

✅ৰাজ্যিক আঁচনি ৰূপায়ণত বিভাগীয় বিষয়াৰ সামূহিক প্ৰচেষ্টাৰ শলাগ

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ পশুপালন আৰু দুগ্ধ খণ্ডত অসমে শেহতীয়াকৈ আত্মনিৰ্ভৰ অৰ্থনীতিৰ ৰাজ্যত উপনীত হোৱাত মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° সঞ্জীৱ কুমাৰ বালিয়ানে আজি ৰাজ্যখনৰ বিভাগীয় মন্ত্ৰী অতুল বৰাক ভূয়সী প্ৰশংসা কৰে। আজি গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিকমন্ত্ৰী বালিয়ানৰ অধ্যক্ষতাত ৰাজ্যখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰূপায়ণ কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ কাম-কাজৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমৰ কৃষিমন্ত্ৰী অতুল বৰায়ো অংশগ্ৰহণ কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ পশুধন আৰু দুগ্ধ খণ্ডৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা ৰাজ্যিক আঁচনি তথা এই দিশত বিভাগৰ বিষয়াসকলৰ সামূহিক প্ৰচেষ্টাৰ শলাগ লয়। বৈঠকত ৰাজ্যখনৰ পশুধন আৰু দুগ্ধ খণ্ডৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে মন্ত্ৰী অতুল বৰাই। পশুপালন আৰু দুগ্ধ খণ্ডৰ উন্নয়নৰ জৰিয়তে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিত নতুন দিগন্ত সূচনা কৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্যখনৰ পশুপালন খণ্ডটোৰ দ্ৰুত বিকাশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ সক্ৰিয় সহযোগিতা কামনা কৰে আৰু এই দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিবদ্বয় অভিজিৎ বৰুৱা আৰু অনিল দেউৰী প্ৰমুখ্যে বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

You might also like