বিশেষ বাৰ্তা, ২ নৱেম্বৰঃ আজি ছত্তিশগড়ৰ কাংকেৰত বিজেপিৰ ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যৰ শাসকীয় কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দল য’তেই থাকে তাতেই উন্নয়ন হ’বই নোৱাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দাবী কৰে যে ছত্তিশগড়ত বিজেপিৰ সমৰ্থনত ধুমুহা বলিছে, যাৰ আভাস কাংকেৰতো দেখা যায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ চৰকাৰ যেতিয়া দিল্লীত আছিল তেতিয়া সদায় ছত্তিশগড় ৰাজ্যক আওকাণ কৰিছিল যদিও আমি ছত্তিশগড়ৰ উন্নয়নৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছিলো। বিজেপিয়ে সদায় ছত্তিশগড়ৰ উন্নতিৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ছিত্তিশগড়ত কংগ্ৰেছ বিগত পাঁচ বছৰ ব্যৰ্থ। কংগ্ৰেছে ছত্তিশগড়ক কেৱল অপৰাধহে দিছে। আজি গোটেই ছত্তিশগড়েই কৈছে যে আৰু সহ্য কৰা নহ’ব। কংগ্ৰেছ চৰকাৰ সলনি কৰিব লাগিব। এই আক্ৰমণ অব্যাহত ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া কংগ্ৰেছে দুৰ্নীতি কৰে তেতিয়া কেৱল ৰাজ্যই নহয়, প্ৰতিটো ঘৰতে ক্ষতিগ্ৰস্ত হয়।
#বাৰ্তা ডেস্ক