পহিলা জানুৱাৰীত ঢকুৱাখনাৰ নৰোৱা সত্ৰত ভক্তৰ ভিৰ
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰী : কেলেণ্ডাৰৰ পৰা এটা বছৰে মেলানি মাগিলে। আজি ইংৰাজী নৱবৰ্ষ ২০২৫ৰ প্ৰথমটো দিন। নৱবৰ্ষ উদ্যাপনৰ বাবে ওলাই আহিছে ৰাজ্যবাসী। পুৰণিক বিদায় দি নতুনক আদৰাত ব্যস্ত সকলো। আজিৰ এই বিশেষ দিনটো পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা, ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৫বৰ্ষতো আৰম্ভ কৰিছে সকলো লোকে ৷ বিদায়ী বছৰটোৰ সকলো দুখ-দুর্দশা, অপায়-অমংগল নাশ হোৱাৰ লগতে নতুন বছৰটো নিজৰ লগতে পৰিয়াল কুটুম্বৰ মংগল কামনাৰে নেদেখাজনৰ আশিস ল’বলৈ পহিলা জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে।অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ ইতিহাসপ্রসিদ্ধ শ্রীশ্রীবাসুদেৱ থান নৰোৱা সত্ৰতো। মনৰ আশা পূৰণ হোৱাৰ উদ্দেশ্যৰে আৰু দুগুণ উচ্ছাহেৰে কাম কৰি যাবলৈ পুৱাৰ পৰাই শ্রীশ্রীবাসুদেৱ থান নৰোৱা সত্ৰত ভক্তপ্ৰাণ ৰাইজৰ দিঘলীয়া শাৰী। বিগত বছৰবোৰৰ দৰেই আজিও পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাসহস্র ভক্ত-দর্শনার্থীৰ আগমন ঘটে ঢকুৱাখনা সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত ইতিহাসপ্রসিদ্ধ থান খনলৈ। পুৱাই চাকি -বন্তি, ধূপ, শৰাই-নৈবেদ্যৰে উপচি পৰে সত্ৰৰ চৌহদ। নৱবৰ্ষই যাতে নিজ পৰিয়ালটোৰ লগতে ৰাজ্যখনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, তাৰেই কামনা কৰি হাতে হাতে চাকি-বন্তি লৈ অপায়-অমংগল নাশি, প্রশান্তি কামনাৰে বাসুদেৱ গোসাঁইৰ চৰণত অৰ্পণ কৰিলে নৈবেদ্য। সকলোৰে এটাই প্রার্থনা যে এই নতুন বছৰে কঢ়িয়াই আনক সকলোৰে মাজলৈ সুখ-শান্তি আৰু সকলোৰে মাজত থাকক ভাতৃত্ববোধৰ চানেকি। দুপৰীয়া ভাগত হোৱা বিশেষ নাম-কীৰ্তনত সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰে-বাহিৰে হাজাৰ হাজাৰ লোকে নাম- প্রসংগত ভাগ লৈ হৰিনাম কীৰ্তনত মগ্ন হোৱাও পৰিলক্ষিত হয়। ইফালে, ইংৰাজী নৱবৰ্ষৰ পহিলা পুৱা নৰুৱা সত্ৰলৈ অহা তীর্থযাত্রী, দর্শনার্থীসকলক শুভকামনা জনোৱাৰ লগতে অসমবাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰি নববর্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে শ্রীশ্রীবাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ দেৱগোস্বামীয়ে। নতুন বছৰত নৱ প্ৰজন্মৰ মাজত অধ্যাত্মিক, নৈতিকভাৱ জাগ্ৰত হৈ সকলোৱে এখন সুস্থ সমাজ গঢ়ি তোলাৰ সপোন দেখক তাৰো কামনা কৰে সত্ৰাধিকাৰগৰাকীয়ে৷ আনহাতে, পূৰ্বৰ দৰেই বহুসংখ্যক লোকে দৈনন্দিন কর্মব্যস্ততা তথা হতাশা-হুমুনিয়াহক একাষৰীয়া কৰি বাসুদেৱ থানৰ সমীপত ঢকুৱাখনা-ঘুণাসুঁতি সংযোগী পথৰ কিলাকিলি জানৰ পাৰৰ নৈসৰ্গিক পৰিবৱশত আত্মীয়- স্বজনৰ সৈতে একেলগে এসাঁজ তৃপ্তিৰে খাই আনন্দ- উছাহ প্ৰদৰ্শন কৰি বনভোজৰ আনন্দ লয়। আন একাংশই শ্রীশ্রীবাসুদেৱ থান নৰুৱা সত্ৰৰ কাষৰীয়া কঢ়া নৈৰ দুয়োপাৰে ফুলি উঠা সৰিয়হ ফুলৰ হালধীয়া আচ্ছাদনৰ মনোৰম দৃশ্য উপভোগ কৰা পৰিলক্ষিত হয়।হালধীয়া সৰিয়হৰ দলিচাৰ মাজত সময় অতিবাহিত কৰি অনাবিল আনন্দত ডুব যায় বহুজন।
প্ৰেৰক পুলকজ্যোতি বৰা