নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিআইডিক অর্পণৰ ঘোষণা ডিজিপিৰ

বিশেষ বাৰ্তা, ১৬ মেঃ আজি পথ দুৰ্ঘটনাত ৰহস্যজনক মৃত্যু হোৱা মৰিকলং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিআইডিক অর্পণ কৰা হৈছে৷ এই কথা ঘোষণা কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে৷ জোনমণি ৰাভাৰ দুর্ঘটনাৰ উপৰি জোনমণিক অভিযুক্ত কৰি লখিমপুৰ থানাত ৰুজু হোৱা ১৮৩/২০২৩ নম্বৰৰ গোচৰটোৰ তদন্তৰ ভাৰো চিআইডিক অর্পণ কৰা হৈছে বুলি জি পি সিঙে সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰিছে৷ এই প্রসংগত জি পি সিঙে কয়– ‘উত্তৰ লখিমপুৰ থানাত যোৱা ১৫ মে’ত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৩৯৫/৩৯৭/৩৪৭/৩৮৭ ধাৰাৰ অধীনত ১৮৩/২০২৩ নম্বৰৰ এখন এজাহাৰ পঞ্জীয়ন হৈছে৷ য’ত উপ–পৰিদর্শক জোনমণি ৰাভাক এগৰাকী অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে৷ লখিমপুৰ আৰক্ষী আৰু নগাঁও আৰক্ষীয়ে এই অপৰাধৰ পঞ্জীয়নৰ পাছত আইনী প্রক্রিয়া গ্রহণ কৰিছে৷ একে সময়তে ১৬ মে’ৰ পুৱতি নিশা জোনমণি ৰাভাৰ এটা পথ দুর্ঘটনাত মৃত্যু হয়৷ সমাজৰ বিভিন্ন ক্ষেত্রৰ লোকসকলৰ আহ্বানমর্মে ১৮৩/২০২৩ নম্বৰৰ এজাহাৰ আৰু জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিআইডিক অর্পণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷’ উল্লেখ্য যে জোনমণিৰ মৃত্যুক লৈ বিভিন্ন পক্ষই বিভিন্ন প্রশ্নৰ অৱতাৰণা কৰি আহিছে৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি একাংশই অভিযোগ কৰি ইয়াৰ সঠিক তদন্তৰ দাবী উত্থাপন কৰিছে৷

You might also like