নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাতৰ আশ্বাস DGP ৰ

নিয়মীয়া বাৰ্তা, ২০ মে’: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে পোহৰলৈ আনিলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা নকল সোণৰ বেহাৰ তথ্য । ইতিমধ্যে উত্তৰ অসম নকল সোণৰ ঘাটিলৈ ৰূপান্তৰ হোৱাতো পৰিস্ফূৰ্ত হৈ পৰিছে । সেয়েহে এতিয়া নকল সোণৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী।

আজি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অহা ৩০ দিনৰ ভিতৰত অসমত নকল টকা আৰু নকল সোণৰ ব্যৱসায় উৎখাত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

ইপিনে নিশাটোৰ ভিতৰতে অভিযান চলাই নকল টকা আৰু নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত ৭১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে।

You might also like