নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচখোৰ-মদাহী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ডিজিপি

✅অসম আৰক্ষীত সংস্কাৰৰ পদক্ষেপ

✅ঘোচখোৰ–মদাহী আৰক্ষীৰ বিৰুদ্ধে হ’ব কঠোৰ ব্যৱস্থা

✅থানাত যৌন আতিশয্যৰ ঘটনাও কৰা নহ’ব সহ্য

✅ডিএছপি–এচিপিয়ে পৰিদর্শন কৰিব লাগিব থানা–চকী
বিশেষ বাৰ্তা, ৬ জুলাইঃ অসম আৰক্ষীৰ ভিতৰচ’ৰাত শেহতীয়াকৈ কেইবাটাও ঘটনাই জোকাৰণিৰ তোলাৰ সময়তে কঠোৰ পদক্ষেপ গ্রহণৰ নির্দেশ অসম আৰক্ষীৰ সঞ্চালকপ্রধান (ডিজিপি) জি পি সিঙৰ৷ অসম আৰক্ষীত সংস্কাৰৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰি সঞ্চালকপ্রধানগৰাকী ঘোচখোৰ আৰু মদাহী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি সকীয়াই দিছে৷ ইয়াৰ উপৰি ৰাজ্যৰ আৰক্ষীলৈ আন কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনাও তেওঁ জাৰি কৰিছে৷ সেই অনুসৰি আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে প্রতিগৰাকী আৰক্ষীকে নিজৰ খাকী পোছাকৰ সন্মান অটুট ৰাখিবলৈ আহ্বান জনাইছে৷ আৰক্ষী থানা, আৰক্ষী চকী অথবা কার্যালয়ত কোনোধৰণৰ যৌন নির্যাতনৰ ঘটনা সংঘটিত হ’লে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও সকীয়াই দিয়া হৈছে৷ কর্তব্যৰ সময়ত অথবা আৰক্ষী থানা, আৰক্ষী চকী আৰু কার্যালয়লৈ সুৰাসক্ত অৱস্থাত অহা কার্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও নির্দেশনা দিয়া হৈছে৷ আৰক্ষী অথবা গৃহৰক্ষীয়ে ৰাজপথত ধন সংগ্রহ, অপৰাধমূলক ঘটনাত লিপ্ত থকাৰ প্রমাণ লাভ কৰিলেই কঠোৰতকৈয়ো কঠোৰ ব্যৱস্থা গ্রহণ কৰিব অসম আৰক্ষীয়ে৷ কোনো আৰক্ষী বিষয়া অথবা জোৱানক অপৰাধমূলক কার্যৰ বাবে সেৱাৰ পৰা বর্খাস্ত কৰিবলগীয়া হ’লে সকলো আৰক্ষী অধীক্ষকক আৰক্ষী সঞ্চালকপ্রধান অথবা বিশেষ আৰক্ষী সঞ্চালকপ্রধান, আৰক্ষী মহাপৰিদর্শক (প্রশাসন) অথবা আৰক্ষী মহাপৰিদর্শক (প্রশিক্ষণ)ৰ সৈতে আলোচনা কৰিবলৈয়ো নির্দেশ দিয়া হৈছে৷ আনহাতে ডিজিপি জি পি সিঙে উপ–আৰক্ষী অধীক্ষক অথবা অতিৰিক্ত আৰক্ষী আয়ুক্ত আৰু ইয়াতকৈ ওপৰৰ পদবীত কার্যনির্বাহ কৰি থকা বিষয়াসকলক নিশাৰ ভাগত আৰক্ষী থানা অথবা আৰক্ষী চকী অথবা তালাচী চকী পৰিদর্শন কৰিবলৈয়ো নির্দেশ প্রদান কৰিছে৷ কেৱল সেয়াই নহয়, গুৰুতৰ অপৰাধৰ লগত জড়িত অসম আৰক্ষীৰ কর্মীক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ প্রক্রিয়া অব্যাহত থাকিব বুলিও সিঙে সকীয়াই দিছে৷ শেহতীয়াকৈ সামাজিক মাধ্যমত ডিজিপি সিঙে এইদৰে লিখিছে ‘অসম আৰক্ষীৰ সংস্কাৰ নোহোৱালৈকে গুৰুতৰ অপৰাধৰ লগত জড়িত কর্মীক যথাযথ পদ্ধতি অনুসৰণ কৰি চাকৰিৰ পৰা বর্খাস্ত কৰাৰ প্রক্রিয়া অব্যাহত থাকিব৷’ উল্লেখ্য যে কিছুদিন পূর্বে ঘগ্রাপাৰ আৰক্ষী থানাত এগৰাকী কিশোৰীক উলংগ কৰি সংশ্লিষ্ট থানাখনৰ ভাৰপ্রাপ্ত বিষয়াই ফটো উঠোৱা কার্যক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ তদুপৰি নীতিবহির্ভুতভাৱে নিশাৰ ভাগতে দুগ্ধপোষ্য সন্তানসহ এগৰাকী মহিলাক আটক কৰা ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ ৰোষৰ বলি হৈছিল ধুবুৰীৰ আৰক্ষী৷ যাৰ পৰিপ্রেক্ষিতত অসম আৰক্ষীয়ে প্রকৃতার্থত জনহিত, জনসেৱার্থে শ্ল’গান অনুসৰণ কৰি যাতে ৰাইজলৈ সেৱা আগবঢ়াব পাৰে তাৰ বাবে সঞ্চালকপ্রধানগৰাকীয়ে কঠোৰ ব্যৱস্থা গ্রহণৰ ইংগিত প্রদান কৰিছে৷

You might also like