বিশেষ বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ অহা মাৰ্চ মাহৰ পহিলা সপ্তাহত পুনৰ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ আজি যোৰহাটৰ হোলাঙাপাৰস্থিত লাচিত মৈদামত উপস্থিত হয় আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং। সন্ধিয়াৰ ভাগত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকী মৈদামত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ লগতে মেলেং মেটেলি পথাৰো পৰিদৰ্শন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি মাৰ্চ মাহৰ পহিলা সপ্তাহত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী আৰু উন্মোচন কৰিব অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ সৰ্ববৃহৎ বীৰ লাচিতৰ প্ৰতিমূৰ্ত্তি। লগতে আধাৰশিলা কৰিব প্ৰস্তাৱিত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ। ইয়াৰ পাছতেই মেলেং মেটেলি পথাৰত আয়োজন কৰা বিশাল জনসভাত অংশ লব প্ৰধানমন্ত্ৰী মোদীয়ে। আৰক্ষী সঞ্চালকপ্ৰধানৰ পৰিদৰ্শন কালত জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে।
প্ৰেৰক দিগন্ত হাজৰিকা