নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়লৈ ‘নাক’ৰ এ গ্ৰেড

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : উত্তৰ অসমৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ ‘নাক’ৰ দ্বাৰা সন্মানজনক ‘এ’ গ্ৰেড লাভ কৰিছে। মহাবিদ্যালয়খনে ৩.০৬ পইণ্টৰ ক্ৰমবৰ্ধমান গ্ৰেড পইণ্ট এভাৰেজ (চিজিপিএ) লাভ কৰি আগন্তুক পাঁচ বছৰৰ বাবে ‘এ’ গ্ৰেড লাভ কৰে। যোৱা ২২ আৰু ২৩ আগষ্টত নাকৰ তিনিজনীয়া এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰিছিল। আজি নাকৰ মুখ্য কাৰ্য্যালয়ৰ পৰা মেইলযোগে এই বাৰ্তা পোৱাৰ পাছতে মহাবিদ্যালয়খনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰী সকলো উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ এই সফলতাত । মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ১৯৬৬ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত ক্ৰমাগতভাৱে ২০০৪ আৰু ২০১৬ চনত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মূল্যায়ন সফলতাৰে সম্পূৰ্ণ কৰে৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মহাবিদ্যালয়ত নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন, আন্ত:গাঁথনি উনয়ন, গৱেষণা, সম্প্ৰসাৰণ কাৰ্যসূচীৰ চকুত লগা বিৱৰ্তন ঘটাই তৃতীয় পৰ্যায়ৰ মূল্যায়নত ‘এ’ গ্ৰেড পাবলৈ সক্ষম হোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কমল কুমাৰ মিশ্ৰৰ নেতৃত্বত অহা নাকৰ তিনিজনীয়া দলটোত আছিল আন্নামালাই বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক তথা প্ৰাক্তন মুৰব্বী ড০ সুন্দৰমুৰ্ত্তি পেৰুমল আৰু টেলেংগানা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ লিম্বাগৌড় ছৈয়দগাৰ। দুদিনজোৰা কাৰ্যসূচীত দলটোৱে মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী-অভিভাৱক আৰু প্ৰাক্তন ছাত্র-ছাত্ৰীৰ সু-সম্পৰ্কক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে মহাবিদ্যালয়ৰ সন্তোষজনক আন্তঃগাঁথনিত সন্তুষ্টি প্ৰকাশ কৰে। ইফালে, এই ফলাফল লাভ কৰি মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ আনন্দ কৰা পৰিলক্ষিত হয়। মহাবিদ্যালয়ৰ এই কৃতিত্বৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে মহাবিদ্যালয়ৰ পৰিয়াল, চৰকাৰ আৰু স্থানীয় ৰাইজক ধন্যবাদ জ্ঞাপন কৰি আশা কৰা ধৰণে ফলাফল পোৱা বুলি মত প্ৰকাশ কৰে আৰু সকলো সহযোগীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে তৃতীয় চক্ৰৰ নাকৰ মূল্যায়নত বৰ্তমানলৈকে উত্তৰ পাৰৰ ভিতৰতে একমাত্র ঢকুৱাখনা মহাবিদ্যালয়েই এ গ্ৰেড লাভ কৰিছে।

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like