নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত বাঁহেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : যি সময়ত ৰাজ্যৰ জলসম্পদ বিভাগৰ লগত জড়িত অভিযন্তাসকলে বিভিন্ন পৰিকল্পনা আৰু গৱেষণাৰ মাজেৰে প্ৰৱল বান-খহনীয়া ৰোধৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই সময়তে এই অসমৰে ঢকুৱাখনাত উদ্ভাৱন হৈছে এক নতুন প্ৰচেষ্টা।কাৰণ এইবাৰ বাঁহৰ ক্ৰীৱচ বনাই বাৰিষাৰ বিশাল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ অদূৰদৰ্শী চেষ্টা ঢকুৱাখনাৰ বিয়াগোম জলসম্পদ বিভাগৰ।চোৰ গ’লে বুদ্ধি, বৰষুণ গলে জাপি। অসমীয়া সমাজত প্ৰচলিত এই যোজনা ফাঁকি বাৰুকৈয়ে যেন খাটিছে ঢকুৱাখনা জলসম্পদ বিভাগৰ লগত। খৰালি কালত নিঃপালী দি শুই থাকি ভৰ বাৰিষা খহনীয়া প্ৰতিৰোধৰ বাবে খদমদম লগোৱা ঢকুৱাখনা জলসম্পদ বিভাগে এইবাৰ বাঁহৰ ক্ৰীবচ বনাই বাৰিষাৰ বিশাল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ চেষ্টাত অৱতীৰ্ণ হোৱা বিষয়ে চকু কপালত তুলিছে নৈপৰীয়াৰ।উল্লেখ্য যে ঢকুৱাখনা- মাজুলীৰ সুৰক্ষাকৱচ চিচি-টেকেলিফুটা মথাউৰিৰ নিচেই কাষত মাতমৰা আৰু আৰ্কেপত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কেইবাদিনো ধৰি হৈ থকা খহনীয়াত ইতিমধ্যে জাহ গৈছে মাতমৰাৰ পুৰণি মথাউৰিৰ প্ৰায় ২০-২৫ মিটাৰ অংশ।ঢকুৱাখনাবাসীৰ লগতে নদীদ্বীপ মাজুলীৰ সুৰক্ষা কৱচস্বৰূপ চিচি-টেকেলিফুটা মথাউৰিৰ পৰা ঠাই বিশেষে মহাবাহু ব্ৰহ্মপুত্ৰই মাত্ৰ ৫০-১০০ মিটাৰ দূৰত্বত অৱস্থান কৰি পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে।তেনেক্ষেত্ৰত এতিয়া জলসম্পদ বিভাগে বাঁহৰ ক্ৰীৱচ দি এতিয়া বিশাল লুইতৰ খহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰখা কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে নৈপৰীয়া ৰাইজ আৰু সদৌ মিছিং ছাত্ৰ সন্থা চমুকৈ টি এম পি কে। মিছিং জাতীয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলেৰ নেতৃত্বত সংগঠনটোৰ এটা সঁজাতী দলে আজি মাতমৰা, বান্দানা আদিৰ খহনীয়াস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সংগঠনটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত জলসম্পদ বিভাগৰ কাম-কাজক তীব্ৰ অসন্তুষ্ট ব্যক্ত কৰি বাৰিষা কালত লাখ লাখ টকা পানীত পেলাই যুদ্ধকালীন গতিৰে কাম কৰা বিভাগটোৱে খৰালি একে তৎপৰতাৰে কাম কৰি খহনীয়া ৰোধৰ ব্যৱস্থা লোৱা হ’লে বাৰিষা কালত এনে দুৰ্যোগৰ পুনৰাবৃত্তি নহ’লহেতেন বুলি মন্তব্য কৰে।টি এম পি কে আৰু নৈপৰীয়া ৰাইজে বাৰম্বাৰ খহনীয়া হৈ থকা স্থানত অত্যাধুনিক প্ৰযুক্তিৰে জিঅ’ বেগ,জিঅ’ কাৰ্পেট স্থাপন কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহা সত্বেও জলসম্পদ বিভাগে ৰাইজ তথা দল-সংগঠনৰ দাবীলৈ কৰ্ণপাত নকৰি কেৱল অস্থায়ী প্ৰতিৰোধৰ কাৰ্যব্যৱস্থা হাতত লোৱাৰ বাবেই পুনৰ ঢকুৱাখনা-মাজুলী ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।ইফালে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কিছুদিন পূৰ্বে উক্ত খহনীয়াগ্রস্ত এলেকা পৰিদৰ্শন কৰি লখিমপুৰৰ জলসম্পদ বিভাগক খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ প্ৰদান কৰিছিল যদিও সম্প্ৰতি পকী পাৰ্কওপাইনৰ সমান্তৰালকৈ বাঁহৰ ক্ৰীৱচ দিয়া কাৰ্যই এক ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে।প্ৰশ্ন হয়, খহনীয়া প্ৰতিৰোধৰ বাবে খৰালি একো নকৰি বাৰিষা কালত দিন-ৰাতি একাকাৰ কৰি তৎপৰ হোৱা ঢকুৱাখনা জলসম্পদ বিভাগে ঢকুৱাখনা-মাজুলীৰ লক্ষাধিক জনতাৰ জীৱন-সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাত কেতিয়া সাৰ পাব?নে এনেদৰেই ল’ৰা ধেমালি আৰু তৎপৰতা দেখুৱাই সামৰণি মাৰিব অদূৰদৰ্শী ঢকুৱাখনাৰ বিয়াগোম জলসম্পদ বিভাগে??

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like