নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ঈশ্বৰ, কেঞ্চাৰ আৰু জীৱনঃ” ঢকুৱাখনাত “সহযোগ অসম”ৰ সজাগতা সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ “নিচাযুক্ত দ্ৰব্য সেৱন কেৱল এজন ব্যক্তিৰ ক্ষতিৰ বিষয় নহয়, এই ভয়াৱহ সমস্যা হৈছে আধুনিক সমাজৰ পৰা ৰোধ কৰিব নোৱাৰা এক ব্যাধি। এই সমস্যাটো বৃহৎ সামাজিক জীৱনৰ ক্ষতিৰ এক গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই ভয়াৱহ ব্যাধিৰ পৰাই সৃষ্টি হয় জঘন্য অপৰাধ, সংঘটিত হয় বহু হিংসাজৰ্জৰিত ঘটনা, অকালতে ধ্বংস হয় উঠি অহা প্ৰজন্মৰ বহু জীৱন”-এই মন্তব্য ঢকুৱাখনাৰ ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ গীতাঞ্জলি বৰুৱা দত্তৰ।অসমৰ এক অন‍্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সহযোগ অসম”ৰ উদ্যোগত আজি ঢকুৱাখনাৰ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত “ঈশ্বৰ কেঞ্চাৰ আৰু জীৱন” শীৰ্ষক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়।সহযোগ অসম”ৰ সমন্বয়ক তথা লেখিকা পূৰৱী বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অধ্যপিকা ডঃ গীতাঞ্জলি বৰুৱা দত্তই ধঁপাত আৰু মাদক দ্ৰব্যই কিদৰে মানুহৰ জীৱন ধ্বংস কৰে আৰু কিদৰে বিশাল সম্ভাৱনা নষ্ট কৰে তাৰো উদাহৰণসহ ব্যাখ্যা কৰি ধঁপাত আৰু মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা ৰাইজক আঁতৰত থাকিবলৈ আহ্বান জনায়।প্ৰায় শতাধিক স্থানীয় লোক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সজাগতা সভাত মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকদ্বয় বুবুল চমুৱা আৰু নিতুল দিহিঙীয়া উপস্থিত থাকি নিচাজাতীয় দ্ৰব্যসমূহৰ অপকাৰিতাৰ বিষয়ে ৰাইজক সজাগ কৰি সমাজৰ প্ৰতিগৰাকী লোক সচেতন হোৱাৰ উপৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি মাদকদ্ৰব্যৰ বিৰুদ্ধে এক যুঁজ দিব লাগিব বুলি উল্লেখ কৰে ।সজাগতা সভাখনত সহযোগ অসমৰ ধনজিত ৰায়, ইনু শৰ্মা, টংকেশ্বৰ কলিতা, বিক্ৰমজিত গগৈ, বিশ্বজিত বৰুৱা, সুদীপ্ত মৰাণ আদি উপস্থিত থাকে।এখন সুস্থ নিকা সমাজ গঢ়াৰ প্ৰচেষ্টাৰে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাম-কাজত জড়িত হৈ অহা সহযোগ অসমে কাইলৈ ঢকুৱাখনা নগৰৰ সমীপৰ মানিকপুৰ সাহাদেৱ প্ৰাথমিক বিদ্যালয়ত আন এখন সজাগতা সভাও অনুষ্ঠিত কৰিছে।।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like