ঢকুৱাখনাত মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশন
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ মায়ামৰা সমাজৰ পাঁচ সহস্ৰাধিক ভকত-বৈষ্ণৱৰ উপস্থিতি, আয়তীৰ উৰুলী, হৰি-নামৰ ধ্বন্নি আৰু দেৱবাদ্য বৰতাল আৰু মৃদংগৰ মধুৰ তথা গুৰু গম্ভীৰ ধ্বনিত আজি কঁপি উঠিল ঢকুৱাখনাৰ আকাশ-বতাহ ৷বৃহস্পতি বাৰৰ পৰা ঢকুৱাখনাৰ নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ ৩২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু সদৌ অসম মায়ামৰা হৰিজী সমাজৰ পূৰ্ণাংগ অধিৱেশন। ৰাজ্যৰ ১৩ খন জিলাৰ পৰা অহা মায়ামৰা ভকত-বৈষ্ণৱৰ উপস্থিতিৰে উখল-মাখল পৰিৱেশত আজি পুৱা ৮ বজাত নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰৰ দ্বাৰ উদ্ঘাটন কৰে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপ -সভাপতি ধনিৰাম গগৈয়ে।ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, অস্থায়ী নামঘৰ উৎসৰ্গা, ভাগৱত থাপনা , ভাগৱত পাঠৰ পাছতে মায়ামৰা সমাজৰ আধ্যাত্মিক ৰীতি-নীতিৰে এক আধ্যাত্মিক পৰিৱেশত ধৰ্মধৱজা উত্তোলন কৰে দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ চন্দ্ৰ গোস্বামীয়ে। ইয়াৰ পাছতে সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰে সমাজৰ কেন্দ্ৰীয় সভাপতি ৰেবত চন্দ্ৰ দাসে। লগতে সদৌ অসম মায়ামৰা হৰিজি সমাজৰ পতাকা উত্তোলন কৰে সভানেত্ৰী ৰূপালী দাসে।ইয়াৰ সমান্তৰালকৈ ঢকুৱাখনা আৰু ধেমাজি জিলাৰ পতাকা উত্তোলন কৰা হয় সমন্বয় ক্ষেত্ৰত। ৩৮সংখ্যক অধিৱেশনৰ উপলক্ষে বিভিন্ন ক্ষেত্ৰৰ ৩৮ গৰাকী ব্যক্তিয়ে ৩৮খন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে আধ্যাত্মিক পৰিৱেশলৈ পৰিণত হয় বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অধিবেশনস্থলী।বিয়লিলৈ মূল মঞ্চত ডিব্ৰুগড়ৰ মায়ামৰা সাংস্কৃতিক সমাজৰ সম্পাদক ভবেশ চেতিয়াৰ সঞ্চলনাত অনুষ্ঠিত হয় “বর্তমান যুৱ সমাজত আধ্যাত্মিক তত্বৰ প্ৰাসংগিকতা” শীৰ্ষক আলোচনা সত্ৰ।এই আলোচনা সত্ৰত আলোচক হিচাপ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ জ্যোতিস্মান দাস, চামগুৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তৃষ্ণাজ্যোতি দাস, গড়গাওঁ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বলোৰাম দাস লগতে কেইবাজনো শিক্ষাবিদে হিচাপে বক্তব্য প্ৰদান কৰে। বিয়লি ৪ বজাত ডঃ বি.আৰ. আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কাৰ্যনিৰ্বাহক সভা।কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা ৯.৩০ বজাত ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা।সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব ঢকুৱাখনা সম- জিলাৰ আয়ুক্ত কাৰ্তিক কলিতাই। দুপৰীয়া ১২.৩০ বজাত হৰিজী সমাজৰ সভা।বিয়লি হৰিজীসকলৰ দ্বাৰা বক্তৃতা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান। সন্ধিয়ালৈ লাইপুলীয়া পাৰ শিশু শিল্পীসকলে প্ৰদৰ্শন কৰিব ‘ধ্ৰুৱ চৰিত ‘ ভাওনা।উল্লেখ্য যে মহাপুৰুষীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ আধাৰত ১৬০১ খৃষ্টাব্দত শ্রীশ্রীঅনিৰুদ্ধদেৱ গুৰুজনাই, গোপালদেৱৰ আজ্ঞা অনুসাৰে এখন মায়ামৰীয়া ধৰ্মীয় সমাজ প্রতিষ্ঠা কৰিছিল । গুৰুজনাৰ অনুগামী বিভিন্ন জাতি, জনজাতিৰ ভক্তসকলে তেতিয়াৰে পৰাই অসমত ভক্তি নামধর্মকে নামঘৰ, কীৰ্তনঘৰ, সত্ৰ, সমাজ আদিৰ মাজেদি গুৰুজনাই দি যোৱা ৰীতি-নীতি পালন কৰি আহিছে।
প্ৰেৰক পুলকজ্যোতি বৰা