নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুর্বেদিক চিকিৎসকক অস্ত্রোপচাৰৰ অনুমতিৰ বিৰোধিতাঃ ৮ ডিচেম্বৰত ধর্ণা, ১১ ডিচেম্বৰত চিকিৎসকৰ কর্মবিৰতি

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ আয়ুর্বেদিক পাঠ্যক্রমৰ স্নাতকোত্তৰ শাখাত শল্যতন্ত্র বিষয় পাঠ্যক্রমত অন্তর্ভুক্তিৰ বাবে আয়ুর্বেদিক চিকিৎসকসকলক অনুমতি প্রদান কৰা কার্যৰ তীব্র বিৰোধিতা কৰিছে ভাৰতীয় চিকিৎসা সংস্থাই৷ কেন্দ্রীয় চৰকাৰে লোৱা এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্র দেশৰ লগতে অসমতো চিকিৎসকসকলে পালন কৰিব ধর্ণা কার্যসূচী৷ ভাৰতীয় চিকিৎসা সংস্থাই আহ্বান জনোৱা এই বন্ধলৈ সংস্থাটোৰ অসম ৰাজ্যিক শাখাই সমর্থন আগবঢ়াইছে৷

দেওবাৰে দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত অসম ৰাজ্যিক শাখাৰ সভাপতি ডাঃ সত্যজিৎ বৰাই কয় যে শল্য চিকিৎসা পদ্ধতি অতি বিপদসংকুল আৰু ইয়াৰ বাবে যথেষ্ট প্রশিক্ষণৰ প্রয়োজন৷ এম বি বি এছ পাঠ্যক্রম অধ্যয়নৰ পাছত তিনি বছৰ শল্য চিকিৎসা বিষয়ত অধ্যয়ন কৰিবলগীয়া হয় এজন ছাত্রই৷ কিন্তু আয়ুর্বেদ শিক্ষা বিধানৰ সংশোধন ঘটাই ইয়াক চমুৱাই আনি দুবছৰতে শল্য চিকিৎসা পদ্ধতি আয়ুর্বেদিক চিকিৎসকৰ হাতত গতাই দিব বিচৰা হৈছে৷ এয়া জনস্বার্থৰ পৰিপন্থী৷ সেয়েহে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰি তেওঁ কয়– ‘অহা ৮ ডিচেম্বৰত সকলো ৰাজ্যত ভাৰতীয় চিকিৎসা সংস্থাৰ শাখাসমূহে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব৷ ক’ভিড প্রট’কল মানি সেই দিনা ২০জনীয়া দলত ভাগ হৈ প্রতিবাদ সাব্যস্ত কৰা হ’ব৷ ইয়াৰ পাছতো যদি চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰে, তেনেহ’লে অহা ১১ ডিচেম্বৰত দেশজুৰি কর্মবিৰতি পালন কৰা হ’ব৷

জৰুৰীকালীন আৰু ক’ভিড চিকিৎসাৰ বাহিৰে সকলো চিকিৎসা সেই দিনা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধ ৰখা হ’ব৷ তাৰ পাছতো চৰকাৰে ব্যৱস্থা নল’লে তাতকৈও কঠোৰ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হ’ব৷’ ইফালে, ভাৰতীয় চিকিৎসা সংস্থাই আয়ুর্বেদিক চিকিৎসাৰ বিৰোধিতা নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে আয়ুর্বেদিক চিকিৎসা পদ্ধতিক বিশ্বমানৰ কৰি তোলাৰ বাবে তেওঁলোকে পোষকতা কৰি আহিছে৷ কিন্তু আধুনিক চিকিৎসা পদ্ধতিক আয়ুর্বেদিক চিকিৎসাৰে মিলাই খিচিৰি কৰাৰহে বিৰোধিতা কৰি আহিছে৷ এই প্রসংগত তেওঁ পুনৰ কয়– ‘অস্ত্রোপচাৰৰ পূর্বে ৰোগীক সংজ্ঞাহীন কৰিব লাগিব৷ ইয়াৰ বাবে প্রয়োজন হ’ব এনাস্থেচিয়া বিশেষজ্ঞ চিকিৎসকৰ৷ অস্ত্রোপচাৰৰ সময়ত এণ্টিবায়’টিক, এণ্টিছেপ্ঢিক আদি ঔষধৰ ব্যৱহাৰ হ’ব৷ কিন্তু আয়ুর্বেদিক চিকিৎসা পদ্ধতিত এনে ব্যৱস্থা নাই৷ সেয়েহে শেহতীয়া এই সিদ্ধান্তই ভাৰতৰ চিকিৎসা ব্যৱস্থাক অৱনমিত কৰিব৷

বিদেশী ৰাষ্ট্রসমূহৰ মাজত আমাৰ বিশ্বাসযোগ্যতা হেৰাই যাব৷ নিটি আয়োগে চিকিৎসা শিক্ষা, প্রেকটিচ, জনসাধাৰণৰ স্বাস্থ্য আৰু গৱেষণাৰ বাবে চাৰিখন কমিটী গঠন কৰি বিভিন্ন চিকিৎসা শাস্ত্রৰ মিশ্রণেৰে একক চিকিৎসা পদ্ধতি প্রচলনৰ দিহা কৰিছে৷ এনে অদূৰদর্শী সিদ্ধান্তৰ ফলত ২০৩০ চনৰ ভিতৰত খিচিৰি চিকিৎসা পদ্ধতিৰে হাইব্রিড চিকিৎসকৰ সৃষ্টি কৰিব৷ যাৰ প্রভাৱ সমগ্র দেশবাসীৰ ওপৰত পৰিব৷’

You might also like