নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেজত মদ্যপান : ধেমাজি কমাৰ্চৰ অধ্যক্ষ বীৰেন চন্দ্ৰ কোঁৱৰক নিলম্বন

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ মহাবিদ্যালয়তে সতীৰ্থ শিক্ষকসহ মদ্যপান কৰি অৱশেষত চাকৰিৰ পৰা নিলম্বন হৈছে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিৰেন চন্দ্ৰ কোঁৱৰ৷ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমী বৰুৱাৰ স্বাক্ষৰিত এক নিৰ্দেশ যোগে ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক নিলম্বন কৰিছে ৷ নিদেশনাটোত উচ্চ শিক্ষা বিভাগে যোৱা ১ ছেপ্টেম্বৰত জনোৱা বিভাগীয় অনুমোদন ক্ৰমে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক নিলম্বন কৰা বুলি উল্লেখ কৰা  নিলম্বনৰ সময়চোৱাত নিয়ম অনুসৰিয়েই  জীৱিকা ভাত্তা লাভ কৰি থাকিব বুলি নিদেশ প্ৰদান কৰিছে৷ বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে ধেমাজিৰ বাহিৰলৈ যোৱাতো বাধা আৰোপ কৰা হৈছে নিলম্বিত অধ্যক্ষগৰাকীক৷ উল্লেখযোগ্য যে নিজ মহাবিদ্যালয় চৌহদৰ কোঠাত দুই সতীৰ্থ অধ্যাপকৰ সৈতে মদ্যপান কৰাৰ ভিডিঅ ভাইৰেল হৈছিল সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত ৷ ইয়াৰ পাচতে মহাবিদ্যালয়খনৰ ছাত্ৰছাত্ৰীৰ লগতে ধেমাজিৰ বিভিন্ন ছাত্ৰ সংগঠনে মহাবিদ্যালয়ৰ চৌহদত অশালীন কথা বাৰ্তাৰে মদ্যপান কৰা ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ লগতে দুই অধ্যপকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উল্থাপিত হৈছিল৷ ইয়াৰ পাচতে উচ্চ শিক্ষা বিভাগে জিলা আয়ুক্তক সমগ্ৰ বিষয়টো অনুসন্ধান কৰি প্ৰতিবেদন দাখিলৰ বাবে নিদেশনা দিয়ে ৷ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে জিলাখনৰ শিক্ষা বিভাগৰ এডিচি সঞ্জীৱ ফুকনক তদন্তৰ দায়িত্ব দিয়ে ৷ এডিচিগৰাকীয়ে স্ব-জমিন তদন্ত কৰি দিয়া তথ্যৰ ভিত্তিত জিলা আয়ুক্তই দিয়া প্ৰতিবেদৰ পাচতে উচ্চ শিক্ষা বিভাগে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক নিলম্বনৰ নিদেশ দিয়ে ৷ ইফালে জিলাখনৰ বানিজ্য মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগক অতিৰিক্তভাৱে দায়িত্ব প্ৰদান কৰিছে ৷
প্ৰেৰক অতুল কুমাৰ চমুৱা
You might also like