দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত ধিং এক্সপ্ৰেছ হীমা দাস
নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: আজি দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় ধিং এক্সপ্ৰেছ হীমা দাস। আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি আহৰণ কৰি অসম আৰক্ষীৰ ডিএচপি পদত নিযুক্তি লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হোৱা খেলুৱৈগৰাকীক প্ৰথমেই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই ফুলাম গামোচাৰে আদৰণি জনায়। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আদৰণি গ্ৰহণ কৰি দৌৰবিদগৰাকীয়ে দেৰগাঁৱৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নৱনিযুক্ত ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানক উদেশ্য কৰি গুৰুত্বপূ্ৰ্ণ বক্তব্য প্ৰদান কৰে। হীমা দাসে তেখেতৰ বক্তব্যত অন্যান্য বিষয়সমূহৰ লগতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে, ৰাজ্যৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ দক্ষ খেলুৱৈসকলক একত্ৰিত কৰি অচিৰেই গঠন কৰা হ’ব নতুন এথেলেটিকচ দল।
উল্লেখ্য যে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশত দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হোৱা হীমা দাসে নতুন আৰক্ষী জোৱানসকলৰ লগত মতবিনিময় কৰি তেওলোকৰ মনৰ কথাৰ বুজ লয়। এই কাৰ্যসূচীৰ পিছতে হীমা দাসে অসম আৰক্ষীৰ বিভিন্ন বাহিনীত কৰ্মৰত এক বিশেষ খেলুৱৈৰ দলৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন ক্ৰীড়া সৰ্ন্দভত আলোচনাত মিলিত হয়। খেলুৱৈগৰাকীয়ে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ক্ৰীড়াৰ পৰিৱেশ তথা আন্ত:গাঠনিৰ দিশ সমূহো পয্যবেক্ষণ কৰে।