নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধীৰাজ বিকাশ গগৈৰ প্লাষ্টিকৰ নৌকা যাত্ৰাত বাধা কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ!

বিশেষ বাৰ্তা, ৬ জুনঃ ধীৰাজ বিকাশ গগৈৰ প্লাষ্টিকৰ নাৱক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাধা প্ৰদান কৰাক কেন্ৰ কৰি সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস লৈ এক জুনত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ধীৰাজ বিকাশ গগৈৰ প্লাষ্টিকৰ নাও থমকি ৰব লগা হল ধনশিৰিমুখৰ বিশ কিলোমিটাৰ উজনিৰ ব্ৰহ্মপুত্ৰত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশত বনকৰ্মীয়ে বাধা প্ৰদান কৰে এই নাৱৰ যাত্ৰা। উজাই যোৱাৰ অৱকাশ নথকাত কাকূতি-মিনতি কৰি নাওখন ধীৰাজ বিকাশ গগৈয়ে ধনশিৰিমুখলৈ আনি আজি AS 01RC 4394 নম্বৰৰ আলট্ৰা বাহনত তুলি লৈ আহে কলিয়াবৰৰ শিলঘাট জাহাজ ঘাটলৈ। শিলঘাট জাহাজ ঘাটৰ পৰা তিনি সহযোগীৰ সৈতে ধীৰাজ বিকাশ গগৈয়ে প্লাষ্টিক বটলৰ নাৱৰে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি পুনৰ যাত্ৰা আৰম্ভ কৰে গুৱাহাটীলৈ। আগতীয়া অনুমতি নোলোৱাৰ অজুহাতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বটলৰ নাও কাজিৰঙা ব্ৰহ্মপুত্ৰৰ মাজৰে পাৰ হৈ যোৱাত বাধা প্ৰদান কৰা কাৰ্য্যত যথেষ্ট ক্ষুণ্ণ হয় প্ৰকৃতিপ্ৰেমী যুৱকজন। প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ প্ৰতি থকা আগ্ৰহ হঠাতে নোহোৱা হৈ পৰা বুলি মন্তব্য কৰিছে ধীৰাজ বিকাশ গগৈয়ে। ইপিনে শিলঘাটত উপস্থিত হোৱাৰ পাছত ধীৰাজ বিকাশ গগৈৰ দলটোক অসম সমবায় মৰাপাট কলৰ লগতে শিলঘাটৰ স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। ধীৰাজ বিকাশ গগৈৰ দলটোৰ প্ৰতি কাজিৰঙা কৰ্তৃপক্ষৰ নেতিবাচক দৃষ্টিভংগীক কলিয়াবৰীয়া ৰাইজে ধিক্কাৰ জনোৱাৰ লগতে দলটিৰ যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like