নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ বৰ্তমান ১০ অভাৰ বেটিং কৰাৰ ক্ষমতা নাই, আমাক তেওঁৰ প্রয়োজন

ধোনীৰ বেটিংক্রম সন্দর্ভত প্রশিক্ষক ফ্লেমিঙৰ মন্তব্য

নিউজ ডেস্ক, ১ এপ্ৰিলঃ যোৱাবাৰৰ পৰা বেটিং ক্রম সলমি হৈছে মহেন্দ্র সিং ধোনীৰ৷ বেছিভাগ মেচতে তেওঁক সাত–আঠ নম্বৰত দেখা গৈছে৷ এইবাৰ তেওঁ আনকি ৯ নম্বৰত বেটিং কৰিবলৈ নামিছে৷ চেন্নাই ছুপাৰ কিংছে খেলা তিনিখন মেচত ধোনীৰ বেটিং অর্ডাৰ ৭ৰ পৰা ৯ৰ ভিতৰত আছিল৷ ধোনীয়ে কি কাৰণত নিম্ন বেটিং ক্রমত বেটিং কৰিবলৈ আহিছে, ইয়াৰ আঁৰৰ কাৰণ প্রকাশ কৰিলে চেন্নাইৰ প্রশিক্ষক ষ্টিফেন ফ্লেমিঙে৷ দেওবাৰে ৰাজস্থান ৰয়েলছৰ হাতত পৰাজয়ৰ পাছত ফ্লেমিঙে সংবাদ মেলত কয় যে ধোনীয়ে নিজেই আঁঠুৰ কথা মনত ৰাখি এই সিদ্ধান্ত লৈছে৷ ফ্লেমিঙে কয়– ধোনীয়ে তেওঁৰ শৰীৰটো ভালদৰে বুজি পায়৷ তেওঁৰ আঁঠু দুটা আগৰ দৰে নহয়৷ ধোনীৰ ১০ অভাৰ বেটিং কৰাৰ ক্ষমতা নাই৷ কাৰণ, বেটিঙৰ লগতে ৰানৰ বাবে দৌৰিব লাগে৷ গতিকে, ভাৰসাম্য বজাই ৰাখিব লাগিব৷ এই কথা পাহৰি যোৱা উচিত নহয় যে ধোনীয়ে ২০ অভাৰত উইকেটৰ পিছফালে থাকিব লাগিব৷ প্রশিক্ষকগৰাকীয়ে লগতে কয় যে ধোনীয়ে কিমান অভাৰ বেটিং কৰিব, সেয়া সম্পূর্ণৰূপে পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰে৷ তেওঁ কয়– ‘যদি কোনো এখন মেচত আমি ভাল স্থানত আছেছা, তেন্তে ধোনীয়ে যিমান পাৰি দেৰিকৈ অহাৰ চেষ্টা কৰে৷ যদি কোনো মেচত দলটো কঠিন পৰিস্থিতিত পৰে, তেন্তে তেওঁ অলপ আগতেই বেটিং কৰিবলৈ আহে৷ কিন্তু ১০ অভাৰৰ আগত কেতিয়াও নহয়৷ ধোনী ১৩–১৪ অভাৰৰ পাছত ক্রিজলৈ আহে৷ আমাক তেওঁৰ প্রয়োজন৷ আমাক তেওঁৰ নেতৃত্ব লাগে৷’ চলিত বর্ষৰ আইপিএলৰ প্রথমখন খেলত চেন্নায়ে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে৷ সেই মেচখনত ধোনীয়ে একেবাৰে শেষত আহি দুটা বল খেলিছিল৷ সেই মুহূর্ততে বিজয় নিশ্চিত হ’ল৷ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে পৰৱর্তী মেচত ধোনী নৱম স্থানত বেটিং কৰিবলৈ আহে৷ আনহাতে দেওবাৰে ৭ নম্বৰত বেটিং কৰে ধোনীয়ে৷

You might also like