নিয়মীয়া বাৰ্তা ১৪ মেঃ নগাঁও জিলাৰ চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন অঞ্চলত লক ডাউন আৰু সান্ধ্য আইনকো নেওচি একাংশ লোকে চলাই আছিল চুলাই মদৰ ৰমৰমীয়া বেহা ।কিন্তু এইসকল অবৈধ চুলাই মদৰ বেপাৰীৰ ওপৰত আজি পৰ্যন্ত আবকাৰী বিভাগে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই ।বিশেষকৈ নগাঁৱৰ চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ধনতোলা আৰু চকৰিপাম অঞ্চলৰ পৰা বিভিন্ন জনে চুলাই মদ সৰবৰাহ কৰি চলচলী জলাহগাৱঁৰ ননৈ নৈৰ পাৰত ব্যৱসায় চলাই আছিল ।আজি এক গোপন সূত্ৰৰ পম খেদি পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গোৱাৰীৰ নেতৃত্বত যোৱা পুৰণিগুদাম আৰক্ষীৰ এটা দলে অতৰ্কিতে ধনতোলাৰ জুৰা মুৰাৰ বাসগৃহত অভিযান চলাই বহু পৰিমাণৰ চুলাই মদ ধ্বংস কৰে ।অভিযানৰ উমান পাই চুলাই ব্যৱসায়ী জুৰা মুৰাই পলায়ন কৰে যদিও আৰক্ষীয়ে চুলাইৰ লগতে চুলাই প্ৰস্তুত কৰা সকলো সামগ্ৰী ধ্বংস কৰে ।আনহাতে চলচলী জলাহগাৱঁৰ ন’নৈ পাৰত চলোৱা চুলাই ব্যৱসায়ৰ লগতে অঞ্চলটোৰ বিভিন্ন স্থানত চলি থকা এনেধৰণৰ অনৈতিক কাৰ্য কলাপৰ ওপৰত আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমক আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।